• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অর্হতাহীন বন বিষয়াক প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষৰ দায়িত্ব!

‘প্ৰদূষণ মুক্ত’ অসমৰ শ্ল’গান দিয়া সোণোৱালৰ দিনতে প্ৰদূষিত ‘প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 4, 2019 12:48 pm
েেে

প্ৰতিনিধিত্বমূলক ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰ্হতাহীন বন বিষয়াই চলাই আছে অসমৰ প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদ। মহানগৰীৰ বামুনীমৈদামস্থিত প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্বত আছে ভাৰতীয় বন সেৱাৰ বিষয়া, যিটো ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনাৰ পৰিপন্থী।

এক সুত্ৰৰ পৰা জানিব পৰা মতে, ৮ বছৰ ধৰি এই পৰিষদৰ পৰিচালনাৰ বাবে ৰাজ্য চৰকাৰে নিয়োগ কৰা নাই কোনো স্থায়ী অধ্যক্ষ।

Apply Now

ৰাজ্য চৰকাৰে ভাৰতীয় বন সেৱা বিভাগৰ বন বিষয়া ৱাই. সুৰ্য্যনাৰায়ণক ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিয়োগ কৰি ৰাখিছে।

উত্তৰাখণ্ডৰ ৰাজেন্দ্ৰ সিং ভাণ্ডাৰী নামৰ এগৰাকী লোকে উত্তৰাখণ্ড চৰকাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত এক গোচৰ দিছিল। তাৰ ভিত্তিতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ২০১৬ চনৰ ২৪ আগষ্টত এক ৰায় প্ৰদান কৰিছিল।

উক্ত ৰায়ত স্পষ্টকৈ উল্লেখ আছে যে কোনো বিভাগৰ মুখ্য সচিব, বন বিষয়া বা অন্য প্ৰশাসনিক বিষয়া, ৰাজনৈতিক নেতা, বিধায়ক অথবা সাহিত্যিকক তেওঁলোকৰ পদৰ আধাৰত প্ৰদুষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ হিচাপে নিযুক্তি দিব নোৱাৰে।

ইয়াৰ অৰ্থ এয়ে যে প্ৰকৃতিৰ ওপৰত যথেষ্ট জ্ঞান থকা তথা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত এক শৈক্ষিক অৰ্হতা থাকিব লাগিব।

ন্যায়াধিকৰণে এই সন্দৰ্ভত কিছু পাঠ্যক্ৰমো নিৰ্ধাৰণ কৰি দিছে। পৰিবেশ অভিযান্ত্ৰিকৰ পৰা চিভিল ইঞ্জিনিয়াৰিং, কেমিকেল ইঞ্জিনিয়াৰিং, পৰিবেশ ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ অথবা ৪ বছৰীয়া স্নাতক আৰু ২ বছৰীয়া বিজ্ঞানৰ স্নাতকোত্তৰ হ’ব লাগিব।

ইয়াৰ পাছতহে প্ৰদুষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ পদৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰিব। লগতে পৰিৱেশ তন্ত্ৰৰ ওপৰত ব্যৱহাৰিক জ্ঞান থাকিব লাগিব।

এতিয়া প্ৰশ্ন হয়, উপৰোক্ত যোগ্যতাসমূহ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা বন বিষয়াগৰাকীৰ আছে নে? এইসমূহ যোগ্যতা নথকাকৈ কেনেকৈ নিয়ন্ত্ৰণ কৰি আছে ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ দৰে এক গুৰুত্বপূৰ্ণ বিভাগ?

আনহাতে, সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ আছে যে অধ্যক্ষ আৰু বৰ্ডৰ অন্য সদস্য সচিবৰ পদৰ কাৰণে পৰিবেশ সুৰক্ষাৰ জ্ঞান অথবা প্ৰদূষণ নিয়ন্ত্ৰণৰ জ্ঞান থকা বুলি  ৰাজ্য চৰকাৰে জাৰি কৰা অধিসূচনাত নিশ্চিত কৰিব লাগিব।

এনে পৰিপ্ৰেক্ষিতত যোগ্যতাহীন বন বিষয়াৰ জৰিয়তে কিদৰে ব্যাপক হাৰত বৃদ্ধি পাই থকা প্ৰদূষণ ৰাজ্য চৰকাৰে নিয়ন্ত্ৰণ কৰিব সেয়া চিন্তনীয় বিষয়।

এনে যোগ্যতাহীন বিষয়াৰ জৰিয়তে নৈ-উপনৈসমূহ প্ৰদূষণমূক্ত কৰিব পাৰিব নে?

ৰাজ্যখনত সম্প্ৰতি কল-কাৰখানাৰ প্ৰদূষণে ভয়াবহ ৰূপ ধাৰণ কৰিছে যদিও অৰ্হতাহীন অধ্যক্ষৰ জৰিয়তে কেনেদৰে প্ৰদূষণ হ্ৰাস কৰিব সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে।

এই প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদখন সূচাৰুৰূপে পৰিচালনা কৰিবলৈ অধ্যক্ষ পদটোৰ বাবে এজন শৈক্ষিক বিষয়াৰ প্ৰয়োজন কিয় অনুভৱ কৰা নাই ‘প্ৰদূষণ মুক্ত’ অসমৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰে?

নে ‘প্ৰদূষণ মুক্ত’ অসমৰ শ্ল’গান দিয়া সোণোৱালৰ দিনতে প্ৰদূষিত হৈ ৰ’ব ‘প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ’?

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

August 28, 2026 9:11 am
নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

August 28, 2026 8:22 am
২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

August 28, 2026 9:11 am
নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

August 28, 2026 8:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd