NORTHEAST NOW (Assamese)

মণিপুৰত ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ৩১ ডিচেম্বৰ পৰ্যন্ত নৈশ কাৰ্ফিউ ঘোষণা

November 28, 2020 10:22 am · এন ই নাও নিউজ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে মণিপুৰ চৰকাৰে ৩১ ডিচেম্বৰলৈ নিশাৰ সময়ত কাৰ্ফিউ ঘোষণা কৰিছে।

চৰকাৰৰ নিৰ্দেশ মৰ্মে সন্ধিয়া ৬ বজাৰ পৰা ৰাতিপুৱা ৪ বজালৈ মণিপুৰত কাৰ্ফিউ বাহাল থাকিব।

‘‘নিশা ৬ বজাৰ পৰা ৪ বজালৈ কাৰ্ফিউ থাকিব আৰু জিলা দণ্ডাধীশে এই সম্পৰ্কীয় জাননী জাৰি কৰিব,’’ শুকুৰবাৰে এক নিৰ্দেশ যোগে মুখ্য সচিৱ ৰাজেশ কুমাৰে এইদৰে কয়।

আনহাতে, নৈশ কাৰ্ফিউৰ সময়ত অত্যাৱশ্যকীয় সেৱা আৰু খাদ্য সামগ্ৰী পৰিবাহী ট্ৰাকৰ চলাচল অব্যাহত থাকিব।

মুখ্য সচিৱে জাৰি কৰা নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত ৩১ ডিচেম্বৰলৈ এই নৈশ কাৰ্ফিউ বাহাল থাকিব।

আনহাতে, নিৰ্দেশনাটোত হস্পিটেল, নাৰ্চিং হোম, ক্লিনিক আৰু ফাৰ্মাচীসমূহ নৈশ কাৰ্ফিউৰ সময়তো খোলা ৰাখিব পাৰিব বুলি উল্লেখ কৰা হয়।

তদুপৰি, বিভিন্ন ধৰণৰ অনুষ্ঠান-প্ৰতিষ্ঠান কেবল মাত্ৰ পৰিয়ালৰ লোকৰ মাজতহে অনুষ্ঠিত কৰিব পাৰিব আৰু মাত্ৰ ২০ গৰাকী অতিথিকহে উপস্থিত থকাৰ বাবে অনুমতি দিয়া হ’ব বুলিও নিৰ্দেশনাত কোৱা হৈছে।

থাংগাল আৰু পাওনা বজাৰত থকা হোল চেল দোকান সমূহ এদিন এৰি এদিন খোলাৰ ববে নিৰ্দেশ দিয়া হৈছে।

Related News