NORTHEAST NOW (Assamese)

বন্ধ খামৰ চিঠিখন শ্ৰাদ্ধৰ আগত নুখুলিবলৈ আহ্বান নীলমণি ফুকনৰ পৰিয়ালৰ

January 23, 2023 12:20 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 23, 2023 12:47 pm

কবি নীলমণি ফুকনৰ সম্পৰ্কে কবিতা চুৰিৰ মিছা অভিযোগ দি এসময়ত কবিজনৰ কাব্য জীৱন নিশেষ কৰাৰ চেষ্টা কৰিছিল এটা দুষ্ট চক্ৰই। সেই সময়ত এই দুষ্টচক্ৰটোত কোন কোন আছে তথা কোনে নীলমণি ফুকনৰ সাহিত্যিক জীৱন শেষ কৰি দিয়াৰ চেষ্টা কৰিছিল সেয়া লাহে লাহে গম পাইছিল কবিজনাই।

এই ষড়যন্ত্ৰই গভীৰ মনোকষ্ট দিছিল সংবেদনশীল কবিজনাক। সেই সময়ত অনেকৰ তিৰষ্কাৰৰ সমুখীনো হৈছিল কবিজনা। অৱশেষত কেইজনমান সতীৰ্থৰ সহায়ত ফাদিল কৰিছিল এই ষড়যন্ত্ৰৰ আঁৰৰ গোটেই কাহিনী।

দক্ষিণ ভাৰতৰ এখন আলোচনীত প্ৰকাশ পোৱা এজন স্পেনিছ কবিৰ কবিতা চুৰিৰ অভিযোগ আনিছিল এটি ষড়যন্ত্ৰকাৰী দলে। পিছত পোহৰলৈ আহিছিল আচল সত্য। তেনে কোনো আলোচনী নাছিলেই দক্ষিণ ভাৰতত। লগতে পোহৰলৈ আহিছিল কোন জড়িত হৈ আছিল এই অন্যায় কৰ্মৰ লগত।

কবি নীলমণি ফুকনে সেই সময়ত ইয়াৰ আঁৰত থকা সকলো মানুহৰ নাম জানিছিল যদিও প্ৰকাশ কৰা নাছিল সেই সকলৰ নাম। তাৰ সলনি ২০০৪ চনত সাংবাদিক নিত্য বৰাৰ হাতত দি গৈছিল এটা বন্ধ খাম। খামটোত লিখা আছিল – “মই যোৱাৰ পিছতহে খামটো খুলিবা। বিশ্বাসটো ৰাখিবা।”

বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে সেই সময়ৰ প্ৰতিষ্ঠিত কেইজনমান সাহিত্যকৰ্মীয়েই জড়িত আছিল এই ষড়যন্ত্ৰৰ লগত।

যোৱা ১৯ জানুৱাৰীত নীলমণি ফুকনৰ মৃত্যু হোৱাৰ পাছতেই চৰ্চালৈ আহিছিল নিত্য বৰাৰ হাতত থকা সেই বন্ধ খামটোৰ কথা। অহা মঙল বাৰে তথা ২৪ জানুৱাৰীৰ দিনা সংবাদমেল আয়োজন কৰি খোলাৰ কথা আছিল ইমান দিনে বন্ধ হৈ থকা খামটো।

কিন্তু এতিয়া কবিজনাৰ পৰিয়ালে সাংবাদিক নিত্য বৰাক কবিজনাৰ আদ্যশ্ৰাদ্ধ নোযোৱালৈকে নুখুলিবলৈ আহ্বান জনাইছে সেই খামটো।

জানিব পৰা মতে কবি পৰিয়ালৰ এই আহ্বানৰ প্ৰতি সহাৰি জনাই নিত্য বৰাই বাতিল কৰিছে মঙল বাৰে খামটো খোলাৰ সিদ্ধান্ত। ইয়াৰ পৰিৱৰ্তে আদ্যশ্ৰাদ্ধৰ পিছতহে খামটো খোলা হ’ব বুলি প্ৰকাশ কৰিছে সাংবাদিক গৰাকীয়ে।

 

 

Related News