• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, November 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰিটেইনৰ ৯খন বিশ্ববিদ্যালয়ে ভাৰতত স্থাপন কৰিব কেম্পাছ; মোডী-ষ্টাৰ্মাৰৰ বৈঠকত আৰু কি কি সিদ্ধান্ত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 9, 2025 6:11 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু ব্ৰিটেইনে শিক্ষা সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰিছে। ব্ৰিটেইনৰ ৯খন প্ৰসিদ্ধ বিশ্ববিদ্যালয়ে ভাৰতত কেম্পাছ স্থাপন কৰিব।  ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ সৈতে হোৱা বৈঠকৰ অন্তত এই কথা ঘোষণা কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

শিক্ষাৰ উপৰিও ভাৰত আৰু ব্ৰিটেইনে সামূহিক আৰু সামৰিক সম্পৰ্ক বৃদ্ধিৰ বাবেও একেলগে কাম কৰিব। মোডী-ষ্টাৰ্মাৰৰ বৈঠকৰ পিছত কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উন্মোচিত হৈছে।

Apply Now

বৈঠকৰ অন্তত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে এক যৌথ বিবৃতি প্ৰকাশ কৰে। মোদীয়ে কয়, ‘ভাৰত আৰু ব্ৰিটেইনৰ সম্পৰ্ক গণতন্ত্ৰ, স্বাধীনতা আৰু আইনৰ শাসনৰ ওপৰত বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। বিশ্বৰ অস্থিৰতাৰ এই সময়ত ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ শক্তিশালী সম্পৰ্ক বিশ্বৰ স্থিতিশীলতা আৰু অৰ্থনৈতিক উন্নয়নৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ।’

ভাৰতৰ প্ৰধান চহৰসমূহত কেম্পাছ স্থাপনৰ পৰিকল্পনা ঘোষণা কৰিছে ব্ৰিটেইনৰ ৫খন প্ৰসিদ্ধ বিশ্ববিদ্যালয়ে। ইতিমধ্যে চাউথমপটন বিশ্ববিদ্যালয়ে এটা কেম্পাছ মুকলি কৰিছে। তদুপৰি ব্রিষ্টল বিশ্ববিদ্যালয়ে মুম্বাইত নতুন এণ্টাৰপ্ৰাইজ কেম্পাছ খুলিবলৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন লাভ কৰিছে। বিশ্ববিদ্যালয়সমূহৰ চৌহদসমূহ হ’ল —

১) ছাউথম্পটন বিশ্ববিদ্যালয় – গুৰুগ্ৰাম (কেম্পাছ ইতিমধ্যে কাৰ্যক্ষম)

২) লিভাৰপুল বিশ্ববিদ্যালয় – বেংগালুৰু

৩) ইয়ৰ্ক বিশ্ববিদ্যালয় – মুম্বাই

৪) এৱাৰডিন বিশ্ববিদ্যালয় – মুম্বাই

৫) ব্রিষ্টল বিশ্ববিদ্যালয় – মুম্বাই

দুয়োখন দেশৰ মাজত সামৰিক প্ৰশিক্ষণৰ চুক্তিও স্বাক্ষৰিত হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ভাৰত আৰু ব্ৰিটেইনৰ মাজত সামৰিক সহযোগিতা আৰু অধিক শক্তিশালী হৈছে। কেইবাটাও ক্ষেত্ৰত যৌথ-উৎপাদনৰ কথা চিন্তা কৰা হৈছে।’ এই নতুন চুক্তিৰ অধীনত ভাৰতীয় বায়ুসেনাৰ এয়াৰ প্ৰশিক্ষকসকলে ব্ৰিটেইনৰ ৰয়েল এয়াৰ ফৰ্চৰ সৈতে একেলগে প্ৰশিক্ষক হিচাপে কাম কৰিব।

যোৱা জুলাই মাহত দুয়োখন দেশে ভাৰত-ব্ৰিটেইনৰ সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি (CETA) স্বাক্ষৰ কৰিছিল। ব্ৰিটেইনলৈ ভাৰতৰ ৰপ্তানিৰ ৯৯ শতাংশক শুল্কমুক্ত কৰাৰ বাবে CETA এক গুৰুত্বপূৰ্ণ চুক্তি। এই তালিকাত বস্ত্ৰ, চামৰা, সাগৰীয় সামগ্ৰী, ৰত্ন, গহনা, খেলনা, অভিযান্ত্ৰিক সামগ্ৰী, ৰাসায়নিক সামগ্ৰী আৰু অটো পাৰ্টছৰ দৰে সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে।

বৃহস্পতিবাৰে বৈঠকত দুয়োখন দেশৰ অৰ্থনৈতিক সংহতি ত্বৰান্বিত কৰাৰ বিষয়েও আলোচনা কৰা হয় বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে সদৰী কৰে।

উল্লেখ্য যে চলিত বৰ্ষৰ জুলাই মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইন ভ্ৰমণ কৰিছিল। ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ সৈতেও সাক্ষাৎ কৰিছিল। সেই ভ্ৰমণৰ সময়তে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হৈছিল। সেই ভ্ৰমণৰ সময়তে মোদীয়ে ষ্টাৰ্মাৰক ভাৰতলৈ আমন্ত্ৰণ জনাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিসীমন বিলেও তোমালোকক সদায় শাসনত ৰাখিব নোৱাৰে

পৰিসীমন বিলেও তোমালোকক সদায় শাসনত ৰাখিব নোৱাৰে

November 28, 2026 6:08 pm
সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত কোন ৰাজ্যই লাভ কৰিব সৰ্বাধিক আসন? ‎

সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত কোন ৰাজ্যই লাভ কৰিব সৰ্বাধিক আসন? ‎

November 28, 2026 5:41 pm
ডাঃ হাবেই টেৰণ-কাবান কিলিংপি বিতৰ্ক: তেজৰ সম্পৰ্ক প্ৰমাণিত হ’লে শিশুটিৰ ভৰণ-পোষণৰ দায়িত্ব ল’ব উপাধ্যক্ষই!

ডাঃ হাবেই টেৰণ-কাবান কিলিংপি বিতৰ্ক: তেজৰ সম্পৰ্ক প্ৰমাণিত হ’লে শিশুটিৰ ভৰণ-পোষণৰ দায়িত্ব ল’ব উপাধ্যক্ষই!

November 28, 2026 5:04 pm
সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কত কেন্দ্ৰৰ পক্ষত ডিএমকে! ষ্টেলিনৰ দলৰ সিদ্ধান্তত অস্বস্তিত বিৰোধী ঐক্যজোঁট ‘ইণ্ডিয়া’

সমষ্টি পুনৰ্নিৰ্ধাৰণ বিধেয়কত কেন্দ্ৰৰ পক্ষত ডিএমকে! ষ্টেলিনৰ দলৰ সিদ্ধান্তত অস্বস্তিত বিৰোধী ঐক্যজোঁট ‘ইণ্ডিয়া’

November 28, 2026 4:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিসীমন বিলেও তোমালোকক সদায় শাসনত ৰাখিব নোৱাৰে

পৰিসীমন বিলেও তোমালোকক সদায় শাসনত ৰাখিব নোৱাৰে

November 28, 2026 6:08 pm
সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত কোন ৰাজ্যই লাভ কৰিব সৰ্বাধিক আসন? ‎

সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত কোন ৰাজ্যই লাভ কৰিব সৰ্বাধিক আসন? ‎

November 28, 2026 5:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd