• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইতিহাস : প্ৰথমবাৰৰ বাবে ছাফ অনূৰ্ধ্ব ১৮ৰ খিতাপ দখল ভাৰতৰ

মণিপুৰী ফুটবলাৰ নিনথৈংবা মৈটেইয়ে লাভ কৰিলে ম’ষ্ট ভেল্যুৱেবল প্লেয়াৰ অব দা টুৰ্ণামেণ্ট

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 29, 2019 10:04 pm

2 min read

EFo4IZ2U0AAvL3u

ট্ৰফিৰ সৈতে নিনথৈংবা মৈটেই(বাঁওফালে)। ফটো উৎস : টুইটাৰ

774
VIEWS
Share on FacebookShare on Twitter

মণিপুৰী ফুটবলাৰ নিনথৈংবা মৈটেইৰ চমৎকাৰী প্ৰদৰ্শনৰ সহায়ত ভাৰতৰ অনূৰ্ধ্ব ১৮ বছৰীয়া ফুটবল দলটোৱে ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে ছাফ অনূৰ্ধ্ব ১৮ৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।

আজি নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ ফাইনেলত ভাৰতে ২-১ৰ ব্যৱধানত বাংলাদেশক পৰাস্ত কৰে।

মেচ আৰম্ভ হোৱাৰ দুই মিনিট পাছতে বিক্ৰম প্ৰতাপ সিঙৰ সহায়ত প্ৰথমটো অগ্ৰগতিৰে ভাৰতে স্পষ্ট কৰি দিয়ে নিজৰ স্থিতি। কিন্তু এই অগ্ৰগতি বেছি সময় নাথাকিল। ৪০ মিনিটত বাংলাদেশৰ হৈ ইয়াছিন আৰাফাটে সমতাসূচক গ’লটো প্ৰদান কৰে।

প্ৰথমাৰ্ধ ১-১ত সমাপ্ত হোৱাৰ পাছত দ্বিতীয়াৰ্ধৰ আৰম্ভণিৰে পৰা ভাৰতে আক্ৰমণ তীব্ৰতৰ কৰি তোলে। ভাৰতে সঘনাই বিপক্ষৰ শিবিৰত আক্ৰমণ সংঘটিত কৰি আছিল যদিও ৯০ মিনিটলৈ গ’ল কৰাত ব্যৰ্থ হৈছিল।

কিন্তু অতিৰিক্ত সময়ত পট পৰিৱৰ্তন হ’ল মেচৰ। মেচখন অন্ত পৰিবলৈ মাত্ৰ কেইটামান ছেকেণ্ড বাকী থকা অৱস্থাত বাহাদুৰ ৰানাই ৩০ গজ দূৰৰ পৰা মাৰি পঠিওৱা এটা তীব্ৰবেগী শ্বট বিপক্ষৰ গ’লপষ্টত সোমোৱাত স্ক’ৰ লাইন ২-১ হয়।

এইদৰে মেচখন ভাৰতে ২-১ৰ ব্যৱধানত বিজয়ী হয়।

ইফালে সমগ্ৰ প্ৰতিযোগিতাখনতে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱাৰ বাবে ৰাইট উইংগাৰ নিনথৈইংবা মৈটেইক ম’ষ্ট ভেল্যুৱেবল প্লেয়াৰ অব দা টুৰ্ণামেণ্ট বঁটাৰে সন্মানিত কৰে।

উল্লেখযোগ্য যে মণিপুৰৰ ইম্ফলত জন্মগ্ৰহণ কৰা এইগৰাকী প্ৰতিভাৱান যুৱ ফুটবলাৰে অলপতে আই এছ এলৰ ক্লাব নৰ্থ-ইষ্ট য়ুনাইটেডত চুক্তিবদ্ধ হৈছে।

নৰ্থ-ইষ্ট য়ুনাইটেডত চুক্তিবদ্ধ হোৱাৰ পূৰ্বে মীটেইয়ে ইণ্ডিয়ান এৰ’ছৰ হৈ খেলিছিল।

Recent News

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd