• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্মলা সীতাৰমণৰ ৰাজকীয় আদৰণিত ব্যস্ত থাকিল বিজেপিৰ নেতা-পালি নেতা! উমা ছেত্ৰীকহে আদৰিবলৈ নাপালে আহৰি

কোকিল শইকীয়া by কোকিল শইকীয়া
November 7, 2025 9:57 pm
66
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২ নৱেম্বৰত ইতিহাস সৃষ্টি কৰি হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় মহিলা ক্ৰিকেট দলে প্ৰথমবাৰৰ বাবে আইচিচি মহিলা বিশ্বকাপৰ খিতাপ দখল কৰে। মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই চূড়ান্ত খেলখনত ভাৰতে দক্ষিণ আফ্ৰিকাক ৫২ ৰানত পৰাস্ত কৰি এই ঐতিহাসিক বিজয়েৰে ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ বাবে এয়া এক নতুন যুগৰ আৰম্ভণি।

এই বিশ্বজয়ী দলটোৰ এক গুৰুত্বপূৰ্ণ খেলুৱৈ আছিল অসমৰ বোকাখাতৰ কন্যা উমা ছেত্ৰী। ইয়াৰ লগে লগে বিশ্বকাপ জয় কৰা প্ৰথমগৰাকী অসমীয়া ক্ৰিকেটাৰ হিচাপে উমাই এক অনন্য খ্যাতি লাভ কৰে। এই সাফল্যৰ পিছত যোৱা বৃহস্পতিবাৰে তেওঁ নিজ ৰাজ্যত উপস্থিত হয়।

Apply Now

আচৰিতভাৱে, বিশ্ব বিজয় কৰি অহাৰ পিছতো উমা ছেত্ৰীয়ে গৃহভূমিত কোনো চৰকাৰী আদৰণি লাভ নকৰিলে। আনকি অসমৰ বৰ বৰ জাতীয় সংগঠনো নগ’ল উমাক ঢোলে-দগৰে আদৰি আনিবলৈ। আনকি অসম ক্ৰিকেট সন্থাৰ কোনো জ্যেষ্ঠ বিষয়ববীয়াও নগ’ল উমাক এখন গামোচাৰে আদৰণি জনাবলৈ। উমাৰ আগমত সৃষ্টি নহ’ল উৎসৱমুখৰ পৰিৱেশৰ বা কৰা নহ’ল উমাৰ সাফল্যৰ উদযাপন। বিমান বন্দৰত ক্ৰিকেটাৰগৰাকীক আদৰণি জনাবলৈ কেৱল গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলহে উপস্থিত থাকে। উমাক কৰা এই অৱহেলাৰ বাবে বিমান বন্দৰৰ চৌহদতে আক্ষেপ প্ৰকাশ কৰি উচুপি উঠে গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল।

আনহাতে, এই ঘটনাক লৈ সমালোচনাৰ সন্মুখীন হৈ লাজ চৰম নোহোৱাৰ দৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি তথা বিজেপিৰ বিধায়ক তৰংগ গগৈয়ে কয় যে উমাক লৈ সন্থা সদায়েই গৌৰৱান্বিত। তেওঁ সদৰী কৰে যে নিশা পলম হোৱাৰ বাবেহে আদৰণি অনুষ্ঠান আয়োজন কৰা হোৱা নাছিল।

উল্লেখ্য যে উমা ছেত্ৰীয়ে গৃহভূমিত যোগ্য আদৰণি লাভ নকৰিলে যদিও মহিলা ক্ৰিকেট দলটোৰ আন আন খেলুৱৈসকলে নিজ নিজ ৰাজ্যত ৰাজকীয় আদৰণি লাভ কৰে। তেওঁলোকৰ নিজ নিজ ৰাজ্যৰ বিভিন্ন সংস্থা, সংগঠন আৰু চৰকাৰে তেওঁলোকক বিভিন্ন পুৰস্কাৰ আৰু চাকৰি ঘোষণা কৰে। নিজ ৰাজ্যৰ কন্যাৰ সাফল্যত দিব লগা যথোচিত সন্মান আৰু উৎসাহ প্ৰদান কৰে তেওঁলোকে।

জানিব পৰা মতে, উমাৰ সাফল্যক লৈ অসম চৰকাৰ উদাসীন হৈ থকাৰ সময়তে অন্ধ্ৰপ্ৰদেশৰ খেলুৱৈ শ্ৰী চৰণীক অন্ধ্ৰপ্ৰদেশ চৰকাৰে ২.৫ কোটি টকাৰ নগদ পুৰস্কাৰৰ লগতে প্ৰথম বৰ্গৰ চৰকাৰী চাকৰি আৰু ১০০০ গজ আৱাসিক প্লট প্ৰদান কৰিছে। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে নিজ বাসগৃহত খেলুৱৈ গৰাকীক সাক্ষাৎ কৰে।

তেনেদৰে মহাৰাষ্ট্ৰৰ স্মৃতি মান্ধানা জেমিমা ৰড্ৰিগুৱেজ আৰু ৰাধা যাদৱকো মহাৰাষ্ট্ৰ চৰকাৰে ২.২৫ কোটি টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰে।

ক্ৰিকেট দলটোৰ আন এগৰাকী খেলুৱৈ, পশ্চিম বংগৰ ৰিচা ঘোষক মমতা বেনাৰ্জীৰ চৰকাৰে আৰক্ষী বিভাগত চাকৰিৰ প্ৰস্তাৱ দিয়াৰ লগতে উষ্ম আদৰণি জনায়। লগতে দলটোৰ প্ৰশিক্ষক অমল মুজুমদাৰক চৰকাৰে ২২.৫০ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰিছে।

এই ঐতিহাসিক জয়ৰ পিছত খেলুৱৈসকলক ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়েও সাক্ষাৎ কৰি অভিনন্দন জনাইছে। কিন্তু বৃহস্পতিবাৰে অসমত উপস্থিত হোৱা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক আতিথ্যত প্ৰদানত ব্যস্ত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ নেতা-পালি নেতা কাৰোৰে সময় নহ’ল নিজৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা উমা ছেত্ৰীক আদৰণি জনাবলৈ।

আৰু এটা দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা হ’ল যে ইতিমধ্যে উমাৰ বোকাখাতস্থিত বাসগৃহলৈ অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ অনুৰাগীৰ সোঁত বৈছে। নিশাও উমাৰ ঘৰলৈ আহিছে অনুৰাগীসকল। কিন্তু উমাৰ ঘৰলৈ যোৱাৰ বাটত নাই পোহৰৰ ব্যৱস্থা। যাৰ বাবে মোবাইলৰ টৰ্চ জ্বলাই উমাৰ ঘৰলৈ আহিবলগা হৈছে দূৰণিৰ অতিথি সকল। আদৰণিতো নজনালেই, অথচ উমাৰ ঘৰলৈ যোৱা উপপথটো পোহৰাই তুলিবলৈ সময় নহ’ল ক্ৰিকেট সংন্থা বা চৰকাৰ-প্ৰশাসনৰ।

কোকিল শইকীয়া

কোকিল শইকীয়া

সাংবাদিক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

বেটিঙত ধুমুহাৰ সৃষ্টি কৰা বৈভৱ সূৰ্য্যবংশীয়ে এইবাৰ ৪ টা বলত ২টা উইকেট লৈ বলিঙত দেখুৱালে যাদু

August 25, 2026 3:15 pm
খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

খাদ্য হিচাপে বিষাক্ত ধুতুৰা বিক্ৰী! আমাজন, বিগ বাস্কেট-ইনষ্টামাৰ্টৰ লাইচেন্স স্থগিত কৰিলে কৰ্ণাটক চৰকাৰে

August 25, 2026 2:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd