• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

একে সময়তে ভাৰতীয় বাৰ কাউন্সিলৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰক বিশ্ববিদ্যালয়ৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাতো ছাত্ৰ-ছাত্ৰীসকলে আপত্তি প্ৰকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2026 8:30 am
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হায়দৰাবাদ আইন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণ জনোৱাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। পুনৰ ঘটিছে একে ঘটনা। এইবাৰ ভাৰতৰ অন্যতম আগশাৰীৰ আইন শিক্ষানুষ্ঠান নেশ্যনেল ল স্কুল অৱ ইণ্ডিয়া ইউনিভাৰ্চিটি (এন এল এছ আই ইউ)ৰ বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বিশ্ববিদ্যালয়খনৰ আগন্তুক সমাৱৰ্তন অনুষ্ঠানলৈ ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তক আমন্ত্ৰণ জনোৱাত আপত্তি প্ৰকাশ কৰিছে। একে সময়তে ভাৰতীয় বাৰ কাউন্সিলৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰক বিশ্ববিদ্যালয়ৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাতো ছাত্ৰ-ছাত্ৰীসকলে আপত্তি প্ৰকাশ কৰে।

শনিবাৰে এখন পত্ৰযোগে এন এল এছ আই ইউৰ বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে হায়দৰাবাদৰ নালছাৰৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে “নিঃচৰ্ত সংহতি” প্ৰকাশ কৰে। এই ঘটনা সন্দৰ্ভত ভাৰতীয় বাৰ কাউন্সিলৰ অধ্যক্ষৰ নিৰ্দেশ (যিটো পিছত প্ৰত্যাহাৰ কৰা হয়)কো সমালোচনা কৰে। তেওঁলোকৰ শিক্ষানুষ্ঠানৰ সমাৱৰ্তন অনুষ্ঠানলৈ মুখ্য ন্যায়াধীশক আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্তকো সমালোচনা কৰে।

Apply Now

ভাৰতীয় ৰাষ্ট্ৰীয় আইন বিদ্যালয় বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ-ছাত্ৰীসকলে কয় যে সমাৱৰ্তন অনুষ্ঠানত কোন কোন উপস্থিত থাকিব সেয়া নহয়, ভাৰতৰ শীৰ্ষ আইন বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ বা তেওঁলোকৰ পেছাদাৰী ভৱিষ্যতৰ প্ৰতি ভয় নোহোৱাকৈ প্ৰভাৱশালী প্ৰতিষ্ঠান আৰু চৰকাৰী বিষয়াৰ সৈতে দ্বিমত পোষণ কৰাৰ স্বাধীনতা লাভ কৰিব নে নাই সেয়াহে ইয়াত মূল প্ৰশ্ন।

প্ৰসংগক্ৰমে হায়দৰাবাদৰ নেশ্যনেল একাডেমী অৱ লিগেল ষ্টাডিজ এণ্ড ৰিচাৰ্চ ইউনিভাৰ্চিটিৰ সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তক আমন্ত্ৰণ জনোৱা হৈছিল। ইয়াৰ বিৰোধিতা কৰিছিল ছাত্ৰ-ছাত্ৰীৰ এটা অংশই। ইয়াৰ আঁৰত আছিল মুখ্য ন্যায়াধীশগৰাকীৰ ‘ককৰোচ’ মন্তব্য। এই ঘটনাৰ বাবে ভাৰতীয় বাৰ কাউন্সিলে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিচিআইয়ে এক নিৰ্দেশনাত কয় যে ২০২৬ চনৰ হায়দৰাবাদ আইন বিশ্ববিদ্যালয়ৰ শ্ৰেণীৰ কোনো স্নাতক পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে কোনো ৰাজ্যিক বাৰ কাউন্সিলত অধিবক্তা হিচাপে নামভৰ্তি কৰা নহ’ব। কিন্তু কেইঘণ্টামানৰ পিছত এই সিদ্ধান্ত বাতিল কৰা হয়।

বিচিআইৰ এই সিদ্ধান্তক লৈ খোদ মুখ্য ন্যায়াধীশ সূৰ্য কান্তেও ক্ষোভ প্ৰকাশ কৰে। এই সন্দৰ্ভত মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “এই (ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা) সম্পূৰ্ণ অনাকাংখিত। মইও এসময়ত ছাত্ৰ আছিলো। মই আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলো। ঘটনাটো মোৰ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ বিষয়। ইয়াত হস্তক্ষেপ কৰিবলৈ তেওঁলোক কোন (বিচিআই)?”

ইয়াৰ সমান্তৰালকৈ উচ্চতম ন্যায়ালয়ে বিচিআইয়ে জাৰি কৰা অধিসূচনা সন্দৰ্ভত তেওঁলোকৰ পৰাও সঁহাৰি বিচাৰে। অৱশ্যে আন এখন বিশ্ববিদ্যালয়ৰ ছাত্ৰই মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে আপত্তি কৰাৰ পিছত বিষয়টো ক’লৈ গতি কৰে সেয়া লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd