• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সন্ধান নাই অ’এনজিচিৰ তিনি অপহৃতৰ; শীঘ্ৰে মুক্তি দিবলৈ অপহৰণকাৰীলৈ পৰিয়ালৰ কাতৰ আহ্বান

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
April 22, 2021 6:45 am
oil officers family

বাওঁফালৰ পৰা ক্ৰমে অপহৃত ৰিতুল শইকীয়া আৰু মোহিনী মোহন গগৈৰ পত্নী। ফটো: নৰ্থইষ্ট নাও।

424
VIEWS
Share on FacebookShare on Twitter

কোনে অপহৰণ কৰিলে অ’এনজিচিৰ তিনি কৰ্মচাৰীক? বৰ্তমানলৈকে কোনো তথ্য নাই আৰক্ষী, অ’এনজিচি কৰ্তৃপক্ষৰ হাতত। আনহাতে কোনো সন্ত্ৰাসবাদী সংগঠনেও যোগাযোগ কৰা নাই অ’এনজিচিৰ লগত।

কোলাত চাৰিমহীয়া কেঁচুৱা লৈ অপহৃত ৰিতুল শইকীয়াৰ পত্নীয়ে  শীঘ্ৰে তেওঁৰ স্বামীক মুকলি কৰি দিবলৈ অপহৰণকাৰীলৈ কাতৰ অনুৰোধ জনাইছে।

মঙললবাৰে বিয়লি ৪ টা মান বজাত পত্নীক ফোন কৰি জনাইছিল ডিউটিলৈ যাবলৈ ওলাইছো বুলি। তাৰ পিছত বুধবাৰে দিনৰ ১১ মান বজাতহে ৰিতুলৰ পত্নীক জনোৱা হৈছিল বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে পত্নী শতাব্দী হাজৰিকাই।

আনহাতে, ঘৰৰ একমাত্ৰ সন্তান মোহিনী মোহন গগৈক মুকলি কৰি দিবলৈ অনুৰোধ জনায় তেওঁৰ পত্নীয়ে। মঙলবাৰে নিশা প্ৰায় ১১ বজাত পত্নীৰ সৈতে কথা পাতিছিল মোহিনী মোহন গগৈয়ে।

ইপিনে দুয়োগৰাকী কৰ্মচাৰী শিৱসাগৰৰ অ’এনজিচিৰ আৱাসগৃহত আছিল। বুধবাৰে অ’এনজিচিৰ অসম সম্পদৰ ইডিৰ সহিতে বহু বিষয়া উপস্থিত হয় অপহৃত ৰিতুল শইকীয়া আৰু মোহিনী মোহন গগৈৰ আৱাসগৃত।

শীঘ্ৰে তিনিও গৰাকী কৰ্মচাৰীক মুকলি কৰি আনিবলৈ অ’এনজিচিয়ে সকলো প্ৰকাৰৰ চেষ্টা কৰিব বুলি পৰিয়াল দুটাক আশ্বাস প্ৰদান কৰে।

উল্লেখ্য যে মঙলবাৰে নিশা প্ৰায় ১.৩০ বজাত পাঁচজনীয়া অস্ত্ৰধাৰী দল এটাই লাকুৱা তৈলক্ষেত্ৰৰ এটা ৰিগৰ পৰা কৰ্মৰত অৱস্থাত থকা অ’এনজিচিৰ তিনি অসমীয়া কৰ্মচাৰীক অপহৰণ কৰি নিছিল।

বুধবাৰে অসম আৰক্ষীয়ে অসম নাগালেণ্ড সীমান্তত অপহৰণকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাইছে যদিও কোনো শুংসূত্ৰ লাভ কৰা নাই বুলি জানিব পৰা গৈছে।

Recent News

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd