বহু জল্পনা কল্পনাৰ অন্তত ২৫ জানুৱাৰি অৰ্থাৎ সোমবাৰে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে অনাস্থা ভোট গ্ৰহণক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
উল্লেখযোগ্য যে ২০২০ বৰ্ষৰ ১৯ আগষ্টত ১ নং কোকিলা গাঁও পঞ্চায়তৰ সভাপতি আব্দুছ ছাত্তাৰৰ বিৰুদ্ধে ৮ গৰাকী সদস্যই অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিছিল।
সেই অনাস্থা প্ৰস্তাৱৰ ভিত্তিত উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিৰ নিৰ্দেশ মৰ্মে সোমবাৰে সৃজনগ্ৰাম খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অনাস্থাৰ সপক্ষে আৰু বিপক্ষে ভোট গ্ৰহণ কৰাৰ বাবে জাননী জাৰি কৰিছিল।
ভোট গ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে সৃজনগ্ৰামৰ চক্ৰ বিষয়া এছ এ বৰা, সৃজনগ্ৰাম আঞ্চলিক পঞ্চায়তৰ সভাপতি মন্তাজ আলী উপস্থিত হোৱাৰ লগতে ভোট প্ৰদানত অংশগ্ৰহণ কৰাৰ বাবে ১০ গৰাকী পঞ্চায়ত সদস্য-সদস্যা উপস্থিত হৈছিল।
কিন্তু দুপৰীয়া ১ বজাৰ পৰা আবেলি ৩ বজালৈ অনুষ্ঠিত হব লগা ভোটগ্ৰহণ আবেলি ৪ বজাৰ আগলৈকে অনুষ্ঠিত নকৰাত কোকিলা গাঁও পঞ্চায়তৰ ৰাইজে কাৰ্যালয়ৰ সম্মুখত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে।
পিছত ৪ বজাত ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হয়।
ভোট গ্ৰহণৰ অন্তত অনাস্থা প্ৰস্তাৱৰ সপক্ষে ৮ গৰাকী আৰু বিপক্ষে ২ গৰাকী সদস্যই ভোটদান কৰে।
উল্লেখ্য যে বিগত পঞ্চায়ত নিৰ্বাচনত কোকিলা গাঁও পঞ্চায়তৰ ১০ গৰাকী সদস্য-সদস্যাৰ ভিতৰত ৬ গৰাকী কংগ্ৰেছ, ২ গৰাকী অগপ, এগৰাকীকৈ বিজেপি আৰু এ আই ডি য়ু এফৰ পৰা জয়লাভ কৰিছিল যদিও অনাস্থা প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰা ৮ গৰাকী সদস্য-সদস্যাই কিছুদিন পূৰ্বে বিজেপি দলত যোগদান কৰিছে।
অনাস্থা ভোটত জয়ী হৈ ৮ গৰাকী সদস্য-সদস্যা আৰু তেওঁলোকৰ সমৰ্থক সকলে বিজেপি চৰকাৰ জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল জিন্দাবাদ আদি কৰি বিজেপি দলৰ সপক্ষে বিভিন্ন শ্লোগান দিয়ে।