• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ চাৰি সাংবাদিকৰ বিৰুদ্ধে তদন্তৰ কোনো নিৰ্দেশ দিয়া নাই: কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়

এন ই নাও নিউজ এন ই নাও নিউজ
গুৱাহাটী , April 19, 2019 6:25 pm

1 min read

No enquiry ordered against Assam journos, clarifies MHA

সাংবাদিককেইগৰাকীৰ ফাইল ছবি।

1k
VIEWS
Share on FacebookShare on Twitter

অসমৰ চাৰিগৰাকী সাংবাদিকৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া নাই ভাৰতৰ গৃহ বিভাগে।

এই সম্পৰ্কে প্ৰচাৰিত বাতৰি অগ্ৰাহ্য কৰি শুকুৰবাৰে কেন্দ্ৰীয় গৃহ বিভাগে ইয়াক “ভিত্তিহীন” আৰু “তথ্যৰ উদ্দেশ্যপ্ৰণোদিত ব্যাখ্যা”ৰূপে অভিহিত কৰিছে।

“মন্ত্ৰ্যালয়ে কোনো তদন্তৰ নিৰ্দেশ দিয়া নাই,” গৃহ বিভাগৰ নিশ্চিতি।

অজিত কুমাৰ ভূঞা, মনজিত মহন্ত (বৰ্তমান সাংবাদিকতাৰ সৈতে জৰিত নহয়), আফ্ৰিদা হুছেইন, নিতুমণি শইকীয়া আৰু টিভি চেনেল প্ৰাগ, প্ৰতিদিন টাইম আৰু কাকত গোষ্ঠী অসমীয়া প্ৰতিদিনৰ বিৰুদ্ধে অসম চৰকাৰক গৃহ বিভাগে তদন্তৰ নিৰ্দেশ দিয়া বুলি প্ৰকাশিত বাতৰিয়ে ব্যাপক চৰ্চা লাভ কৰিছিল।

প্ৰকাশিত বাতৰিসমূহত দাবী কৰা হৈছিল যে আৰ এচ এচৰ সৈতে সম্পৰ্কিত পুনেস্থিত এক “স্বেচ্ছাসেৱী সংগঠন”ৰ অভিযোগৰ ভিত্তিত এই নিৰ্দেশ দিয়া হৈছিল।

গৃহ মন্ত্ৰ্যালয়ে জনোৱা মতে ৱিনয় জ’শী নামৰ এজন লোকৰ আবেদন অসম চৰকাৰলৈ আগবঢ়াই দিয়া হৈছে আৰু সেয়া “নিয়মমাফিক”।

“আমি এনেকুৱা বহুসংখ্যক আবেদন/ আপত্তি দৈনিক লাভ কৰো যিবোৰ নিয়ম অনুসৰি সংশ্লিষ্ট মন্ত্ৰ্যালয় বা ৰাজ্যলৈ আগবঢ়াই দিয়া হয়। জ’শীয়ে দাখিল কৰা আবেদনো সংশ্লিষ্ট ৰাজ্যলৈ নিয়ম অনুসৰি আগবঢ়াই দিয়া হৈছে,” গৃহ মন্ত্ৰ্যালয়ৰ স্পষ্টীকৰণ।

জ’শীয়ে দাখিল কৰা আবেদনত কোৱা হৈছিল যে আলফাৰ দৰে বিদ্ৰোহী সংগঠনে নাগৰিকত্ব বিধেয়ক বিষয়টোৰ “সুবিধা” লৈছে আৰু একাংশ সংবাদ মাধ্যমে বিদ্ৰোহীৰ আদৰ্শৰ প্ৰচাৰ চলাইছে।

Tags: নিৰ্বাচন ২০১৯

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd