ভাৰতত কোভিড-১৯ ত হোৱা মৃতকৰ সংখ্যাকলৈ বিভিন্ন মহলত বিতৰ্ক চলি আছে।
আনকি বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনতো ভাৰতত কোভিডত হোৱা মৃত্যুকলৈ ভাৰত চৰকাৰে দিয়া তথ্যৰ বিপৰীতে আন এখন ছবিহে প্ৰকট হৈ পৰিছে। আনকি দিল্লীত কোভিডত হোৱা মৃত্যুৰ তথ্যকলৈও বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনক প্ৰত্যাহ্বান জনাইছে।
দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনে কয় যে ৰাজধানী চহৰখনত কোভিডত হোৱা মৃত্যুৰ কোনো তথ্য চৰকাৰে লুকঢাক কৰা নাই।
তেওঁ কয়— “দিল্লীত কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা প্ৰামাণিক আৰু সম্পূৰ্ণ ৰূপে শুদ্ধ। দিল্লিীত কোভিডত প্ৰায় ২৫,৬০০ গৰাকী লোকৰ মৃত্যু হৈছে । “
উল্লেখ্য বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত দাবী কৰা ভাৰতত বিশ্বৰ সৰ্বাধিক ৪.৮ নিযুত লোকৰ কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হৈছিল। ভাৰতে কৰোনা ভাইৰাছ সম্পৰ্কীয় মৃত্যুৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই কৈ অহা গাণিতিক আৰ্হি ব্যৱহাৰত তীব্ৰ আপত্তি জনাইছে।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰি কয় যে “বিজ্ঞানে মিছা নকয়”। কোভিড মহামাৰীৰ ফলত ৪৭ লাখ ভাৰতীয়ৰ মৃত্যু হৈছিল বুলিও ৰাহুল গান্ধীয়ে মন্তব্য কৰে।
অৱশ্যে চৰকাৰে কোভিডৰ ফলত দেশত ৪.৮ লাখ লোকৰ মৃত্যু ঘটা বুলিহে কৈ আহিছে।