• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অকলে কোনো ৰাজনৈতিক দলে বিজেপিক পৰাজিত কৰিব নোৱাৰে : স্বীকাৰ অজিত ভূঞাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 13, 2020 9:02 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমত এনে কোনো ৰাজনৈতিক দল আৰু শক্তি নাই যিয়ে ৪ মাহ যুঁজ দি অকলে বিজেপিক পৰাস্ত কৰিব পাৰিব,‘ শুকুৰবাৰে গুৱাহাটীত সম্বোধন কৰা এক সংবাদমেলত এইদৰে স্বীকাৰ কৰে সাংসদ অজিত ভূঞাই।

তেওঁ লগতে কয় ‘অকলেই বিজেপিক পৰাভুত কৰিব বিচৰাসকলে মুৰ্খৰ স্বৰ্গত বাস কৰিছে। তেওঁলোকে জ্ঞাত বা অজ্ঞাতে কৰ’বাত বিজেপিৰ হৈ কাম কৰিছে।‘

Apply Now

তাৎপয্যপূৰ্ণভাৱে, বৰ্তমান সময়তো বিজেপিৰ সাংগঠনিক ভেটি মজবুত বুলি আওপকীয়াকৈ স্বীকাৰ কৰে সাংসদগৰাকীয়ে।

তেওঁ কয় ‘ভোট বিভাজন হোৱাৰ বাবেহে বিজেপি জয়ী হৈ আহিছে। আজিৰ তাৰিখত নিৰপেক্ষতাৰে ক’বলৈ গ’লে বিজেপিৰ সাংগঠনিক ভেটি সু-দৃঢ়। সেইকাৰণে সেই কথা উনুকিয়াই দিবলৈ আজিৰ সংবাদমেলখন সম্বোধন কৰিবলগীয়া হৈছে।‘

‘বিজেপি ধনবল আছে, বাহুবল বল আছে আৰু চৰকাৰ আছে সেয়েহে অন্য ৰাজনৈতিক দলে তেওঁলোকক প্ৰত্যাহ্বান জনোৱাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখিন হ’ব,” সাংসদ ভূঞাই লগতে কয়।

ইপিনে, বিহাৰৰ নিৰ্বাচনৰ পৰা অসমৰ বিজেপি বিৰোধী শক্তিসমূহে প্ৰধানকৈ কংগ্ৰেছে শিক্ষা ল’ব লাগে বুলি সংবাদমেলত ভূঞাই উল্লেখ কৰে।

তেওঁ কয় ‘বিহাৰৰ নিৰ্বাচনৰ কিছুদিন আগলৈকে বিৰোধী ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হ’ব পৰা নাছিল কিন্তু লাহে লাহে বিৰোধী দলসমূহে বাস্তৱ পৰিস্থিতি উপলব্ধি কৰিলে আৰু মহাজোঁট বন্ধনৰ সূচনা কৰিলে। নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হ’লেও দেশৰ ৰাজনীতিত তেজস্বী যাদৱৰ নামটোহে বেছিকৈ উচ্চাৰিত হ’ব ধৰিছে। বিৰোধী শক্তি ঐক্যবদ্ধ হ’লে বিজেপিক পৰাভুত কৰাটো ইমান কঠিন নহ’ব।‘

তদুপৰি, অসমৰ কাৰণে সকলো ৰাজনৈতিক দল একত্ৰিত হ’লে বিজেপিক উৎখাত কৰাটো অতি সহজ হৈ পৰিব বুলি তেওঁ উল্লেখ কৰে।

ভূঞাৰ সংবাদমেলত স্পষ্ট মত ‘বিজেপিক উৎখাত কৰাৰ স্বাৰ্থত এটি নুন্যতম কাৰ্য্যসূচীৰ ভিত্তিত বিৰোধী ঐক্য বিচাৰিছো। মহাজোঁট কৰাটো বাস্তৱ সময়ৰ দাবী।‘

‘বিহাৰত তেজস্বী যাদৱহঁতৰ ৰাজনৈতিক পৰিকল্পনাত ত্ৰুটি ৰৈ গ’ল। ত্ৰুটি আৰু ৰণকৌশলগত বিচ্যুতি নাথাকিলহেঁতেন তেতিয়া তেওঁলোকে অনায়াসে ক্ষমতা দখল কৰিব পাৰিলেহেঁতেন।‘ বিহাৰত মহাগোট বন্ধনে চৰকাৰ গঠন কৰিব নোৱাৰাৰ কাৰণ বাখ্যা কৰি ভূঞাই কয়।

ইপিনে, বিহাৰৰ নিৰ্বাচনৰ পৰা প্ৰধানকৈ কংগ্ৰেছ দলটোৱে শিক্ষা ল’ব লাগে বুলি সদৰী কৰি ভুঞাই কয় ‘কংগ্ৰেছৰ নিজৰ মাজতে খেলি-মেলি থকাৰ কাৰণে তেওঁলোকে ভাল ফলাফল দেখুৱাব নোৱাৰিলে আৰু গ্ৰেণ্ড এলাইন্সত সহযোগিতা কৰিব নোৱাৰিলে। কংগ্ৰেছে আকোৰগোজ মনোভাৱ এৰিব লাগিব আৰু ২১ ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধান ভুমিকা ল’ব লাগিব। এই মুহূৰ্তলৈকে কংগ্ৰেছে তেনে পদক্ষেপ লোৱা দেখা নাই।‘

‘যদি কংগ্ৰেছে ভাবিছে বিজেপিৰ প্ৰতি অসমৰ ৰাইজ মোহভংগ হৈছে আৰু বিকল্প হিচাপে কংগ্ৰেছকে ভোট দিব বুলি ভাবিছে তেন্তে তেওঁলোকে এইটো ডাঙৰ ভুল কৰিছে। কংগ্ৰেছে বিগ ব্ৰাডাৰ হিচাপে সকলো বিজেপি বিৰোধী ৰাজনৈতিক শক্তিৰ সৈতে আলোচনাত মিলিত হ’ব লাগে।‘ ভূঞাই লগতে কয়।

কংগ্ৰেছ আৰু এআইয়ুডিএফে ৬ নং দফা কাৰ্য্যকৰী হোৱাটো দাবী জনাব লাগিব বুলিও তেওঁ সংবাদমেলত উল্লেখ কৰি লগতে কয় ‘এতিয়ালৈকে কংগ্ৰেছৰ কোনো দলীয় নেতৃত্বই বা বদৰুদ্দিন আজমলেও অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কৰাৰ বাবে সবলে বা সজোৰে দাবী উত্থাপন কৰা নাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd