• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নাবালিকাৰ সৈতে যৌ*ন নিৰ্যাতনৰ গোচৰ নিজাববীয়াকৈ নিষ্পত্তি গ্ৰহণযোগ্য নহয়: পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2025 1:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাবালিকাৰ সৈতে যৌন নিৰ্যাতনৰ গোচৰত ভুক্তভোগী আৰু অভিযুক্তৰ মাজত হোৱা নিষ্পত্তি গ্ৰহণযোগ্য নহয়। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে এক ৰায়ত POCSO (Protection of Children from Sexual Offences) আইনৰ অধীনত এনে গোচৰত ব্যক্তিগত চুক্তিৰ ভিত্তিত মীমাংসা কৰাটো আইন বিৰুদ্ধ বুলি আদালতে স্পষ্ট কৰি দিছে।

অদালতে কয় যে POCSO আইনৰ মূল উদ্দেশ্য হৈছে নাবালিকাক যৌন শোষণৰ পৰা সুৰক্ষা প্ৰদান কৰা। এনেধৰণৰ গোচৰৰ নিষ্পত্তিয়ে আইনৰ লক্ষ্যৰ পৰিপন্থী হোৱাৰ লগতে ভৱিষ্যতৰ অন্য গোচৰতো বেয়া প্ৰভাৱ পেলাব পাৰে বুলি মত প্ৰকাশ কৰিছে।

Apply Now

ঘটনাক্ৰম অনুসৰি এগৰাকী কিশোৰীৰ ধৰ্ষণৰ অভিযোগত অভিযুক্তৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈছিল। অভিযোগ অনুসৰি,আবেদনকাৰীয়ে ভুক্তভোগীক প্ৰলোভিত কৰি তেওঁৰ সৈতে থাকিবলৈ আৰম্ভ কৰিছিল। পৰিয়ালৰ অভিযোগৰ পিছত আৰক্ষীয়ে চাৰি মাহৰ পিছত অভিযুক্তক গ্ৰেপ্তাৰ কৰে। অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (IPC) ৩৬৩, ৩৬৬-এ, ৩৭৬, ৩৪ ধাৰা আৰু POCSO আইনৰ ৪ আৰু ১২ ধাৰাৰ অধীনত গোচৰ চলি আছে। অভিযুক্তই ভুক্তভোগীক বিয়া কৰাৰ প্ৰতিশ্ৰুতি দি গোচৰ বাতিলৰ আবেদন জনাইছিল।

আদালতে কয় যে POCSO আইনত নাবালক ১৮ বছৰৰ তলৰ আৰু প্ৰাপ্তবয়স্কৰ মাজত স্পষ্ট পাৰ্থক্য নিৰ্ধাৰণ কৰা হৈছে। এই আইনৰ মতে, নাবালিকাৰ যৌন কাৰ্যকলাপত সন্মতিৰ কোনো আইনী মূল্য নাই, কাৰণ তেওঁলোকক এনে কাৰ্যৰ প্ৰকৃতি আৰু পৰিণতি বুজিবলৈ অক্ষম বুলি গণ্য কৰা হয়। আদালতে উল্লেখ কৰে যে এনে নিষ্পত্তিৰ অনুমতি দিলে সমাজত অন্য অপৰাধীৰ বাবে বেয়া উদাহৰণ স্থাপন হ’ব।

আদালতে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিষয়ে উল্লেখ কৰি কয় যে ১৮ বছৰৰ তলৰ শিশুৱে যৌন সম্পৰ্কৰ বাবে সন্মতি দিব নোৱাৰে। এই ক্ষেত্ৰত অভিযুক্তই বিবাহৰ প্ৰতিশ্ৰুতিৰ জৰিয়তে শাস্তিৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছিল, কিন্তু আদালতে সেয়া সফল হ’বলৈ নিদিলে।

আদালতে জানিবলৈ দিয়ে যে অভিযুক্তক পলাতক ঘোষণা কৰাৰ পিছত ৯ বছৰৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছিল। ভুক্তভোগীয়ে গোচৰটো সমৰ্থন কৰিলেও, আদালতে চুক্তিৰ ভিত্তিত গোচৰ বাতিল কৰাৰ আবেদন নাকচ কৰিছে। আদালতৰ এই ৰায়ে POCSO আইনৰ কঠোৰ প্ৰয়োগৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে, যাতে নাবালিকাৰ সুৰক্ষা নিশ্চিত কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd