গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সমিতিৰ এটি প্ৰতিনিধি দলে আজি দিছপুৰৰ জনতা ভৱনত অসম চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাক সাক্ষাৎ কৰে। এই বৈঠকৰ জৰিয়তে প্ৰায় পাঁচ দশক পুৰণি প্ৰেছ ক্লাবটোৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ বিষয়ে মুখ্য সচিবক অৱগত কৰা হয়। বিশেষকৈ ইমান পুৰণি এটা অনুষ্ঠান হোৱাৰ পাছতো গুৱাহাটী প্ৰেছ ক্লাবৰ নিজা স্থায়ী ঠিকনা নথকাটো এক ডাঙৰ সমস্যা হিচাপে প্ৰতিনিধি দলটোৱে উল্লেখ কৰে। তেওঁলোকে আধুনিক কাৰিকৰী সা-সুবিধা, প্ৰশিক্ষণ কেন্দ্ৰ আৰু স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা থকা এটা স্থায়ী ভৱন নিৰ্মাণৰ বাবে চৰকাৰী সহায় বিচাৰি এখন স্মাৰক পত্ৰ প্ৰদান কৰে। এই ভৱনটিৰ বাবে গুৱাহাটীৰ যিকোনো সুচল স্থানত চৰকাৰক অতি কমেও এক বিঘা পাঁচ লেচা ভূমি আৱণ্টন দিবলৈ তেওঁলোকে অনুৰোধ জনায়।
স্থায়ী কাৰ্যালয়ৰ উপৰিও কৰ্মৰত সাংবাদিকসকলৰ স্বাস্থ্য বীমাৰ অভাৱৰ সন্দৰ্ভতো গুৱাহাটী প্ৰেছ ক্লাবে গুৰুত্বপূৰ্ণ আলোচনা কৰে। বৰ্তমান বহু সাংবাদিকৰ আৰ্থিক নিৰাপত্তা নথকাৰ কথা উল্লেখ কৰি চৰকাৰক ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠানৰ জৰিয়তে এক ব্যাপক বীমা আঁচনি গ্ৰহণ কৰিবলৈ প্ৰতিনিধি দলটোৱে আহ্বান জনায়। ইয়াৰ ফলত সংবাদ সেৱাৰ সৈতে জড়িত লোকসকলে অসুস্থতাৰ সময়ত প্ৰয়োজনীয় আৰ্থিক সকাহ পাবলৈ সক্ষম হ’ব বুলি তেওঁলোকে আশা প্ৰকাশ কৰে।
আনহাতে ৰাজ্যখনত সাংবাদিকৰ সুৰক্ষাৰ বিষয়টোৱেও বৈঠকত গুৰুত্ব লাভ কৰে। ৰাজ্যৰ সংবাদ মাধ্যমৰ পৰিসৰ বৃদ্ধি পালেও এতিয়াও বিভিন্ন সময়ত স্বাৰ্থান্বেষী মহলে সাংবাদিকৰ ওপৰত আক্ৰমণ চলোৱাৰ ঘটনাই সংবাদ জগতৰ বাবে ভাবুকি কঢ়িয়াই আনিছে। গণতান্ত্ৰিক মূল্যবোধ ৰক্ষা কৰি সাংবাদিকসকলে যাতে কোনো ভয় নোহোৱাকৈ মুক্ত পৰিৱেশত কাম কৰিব পাৰে তাৰ বাবে যাৱতীয় পদক্ষেপ ল’বলৈ প্ৰেছ ক্লাবে চৰকাৰক দাবী জনায়। প্ৰায় ৪৫ মিনিট ধৰি চলা এই বৈঠকত মুখ্য সচিব ড০ ৰবি কোটাই সাংবাদিকসকলৰ সমস্যাসমূহ ইতিবাচকভাৱে গ্ৰহণ কৰে আৰু এই দিশত উচিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। এই প্ৰতিনিধি দলটোত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতা আৰু সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাৰ লগতে কাৰ্যনিৰ্বাহক সমিতিৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত আছিল।





