• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পথ-বিদ্যুৎ-পানীযোগান নথকা গাওঁ চাবলৈ আহক কৃষি মন্ত্ৰী, অগপ মুৰব্বী অতুল বৰাৰ সমষ্টিলৈ

উত্তম শইকীয়া by উত্তম শইকীয়া
September 24, 2018 12:07 am
atul bora

অতুল বৰা। ছবি- ইণ্টাৰনেটৰ সৌজন্যত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতাৰ সত্তৰ বছৰৰ পাছতো কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা বোকাখাত সমষ্টিৰ এখন গাঁৱৰ নাম গেলেকা বালিজান গাওঁ৷ কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ এই মুড়া বস্তিত নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, যাতায়তৰ বাবে নাই সুচল বাট-পথ।

বিজেপি চৰকাৰৰ বহুল প্ৰচাৰিত দীনদয়াল উপাধ্যায় গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনি, প্ৰধান মন্ত্ৰী গ্ৰাম আৱাস যোজনা অথবা অন্য কোনো চৰকাৰী আঁচনি এতিয়াও আহি পোৱা নাই গাওঁখন।

Apply Now

দীৰ্ঘদিন সকলো সুবিধাৰ পৰা বঞ্চিত বস্তিটোৰ বাসিন্দাসকলে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি লোকসভা অথবা বিধান সভাৰ নিৰ্বাচন বৰ্জনৰ কথা চিন্তা কৰিছে৷

ম’হমাইকী গাওঁ পঞ্চায়তৰ অন্তৰ্গত গোলাঘাট-কাৰ্বি আংলং জিলাৰ সীমান্তৰ গেলেকা বালিজানৰ এই মূড়া বস্তিত আছে প্ৰায় ৪০ ঘৰ মানুহ।

প্ৰাক্তন চাহ শ্ৰমিক অধ্যুষিত এই বস্তিৰ কোনো লোকেই আজিলৈকে চৰকাৰী কোনো সা-সুবিধা পোৱা নাই৷ লোকসকলৰ খোৱা পানীৰ উৎস হৈছে পাহাৰৰ নামনিৰ এটা প্ৰাকৃতিক উঁহ৷ অথচ সমীপৰ নাহৰজান চাহ বাগিচাত ব্যৱহৃত বিভিন্ন ৰাসায়নিক দ্ৰব্য বৰষুণৰ পানীত উটি আহি এই  উহঁটোত পৰে বুলিও জানে সকলোৱে।

মন্ত্ৰী অতুল বৰাৰ গাঁৱৰ খোৱাপানীৰ উৎস। ছবি- নৰ্থ ইষ্ট নাও।

পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চল হোৱাৰ বাবে এই অঞ্চলটোত টিউবেলৰ পানীও নোলায়৷ মূড়া বস্তিৰ নাতি দূৰৰ গেলেকা বালিজান গাঁৱত স্বজল ধাৰাৰ এটা চৰকাৰী পানী যোগান আঁচনি স্থাপন হ’ল যদিও এই আঁচনিৰ পৰাও বস্তিটোক বঞ্চিত কৰা হ’ল৷

মন্ত্ৰী তথা অগপ সভাপতি অতুল বৰায়ো নিৰ্বাচনৰ পূৰ্বে বস্তিটোলৈ গৈ নিৰ্বাচিত কৰিলে মূড়া বস্তিৰ সকলো সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল৷

বস্তিটোলৈ যোৱা মূল পথতো গো বাটসদৃশ৷ বোকাপানী ফালি বিদ্যালয়লৈ যোৱা কণ-কণ ছাত্ৰ-ছাত্ৰীৰ লগতে গাওঁবাসীয়েও বাৰিষাৰ দিনকেইটাত একমাত্ৰ এই পথেৰেই দৈনন্দিন যাতায়াত কৰিব লাগে৷

ইফালে কাৰ্বি আংলঙৰ গাতে লাগি থকা গাওঁখনত বনৰীয়া হাতীৰ উপদ্ৰৱৰ উপৰি সাপ আৰু বাঘৰ ভয়৷ বনৰীয়া হাতীয়ে খেতি পথাৰ নষ্ট কৰাৰ লগতে কেতিয়াবা ঘৰ-দুৱাৰো নষ্ট কৰি আহিছে৷

বস্তিৰ বাসিন্দাই বিজুলীবাতিৰ মুখ আজিও নেদেখিলে৷ কেৰাচিন তেলেই তেওঁলোকৰ পোহৰৰ একমাত্ৰ উৎস৷ কেৰাচিন তেলৰ চাকিৰ পোহৰতেই ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নো কৰিব লাগে, ভোটা জ্বলাই হাতীও খেদিব লাগে। আৰু কেৰাচিনৰো আছে নাটনি৷

এয়া অগপৰ মুৰব্বী, মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ মুড়া বস্তিৰ অৱস্থা৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd