NORTHEAST NOW (Assamese)

মহানগৰীৰ তিনিখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ এজনো ছাত্ৰ-ছাত্ৰীয়ে লাভ নকৰিলে শীৰ্ষৰ দহৰ ভিতৰত স্থান

May 25, 2019 2:35 pm · কল্পজ্যোতি শইকীয়া
Updated: May 25, 2019 5:18 pm
কটন বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত শাখাৰ কলা আৰু বিজ্ঞান শাখাৰ ফলাফলত এটা শাখাতো শীৰ্ষ দহটা ক্ৰমৰ ভিৰতৰ স্থান লাভ কৰিবলৈ সক্ষম নহ’ল গুৱাহাটী মহানগৰীৰ তিনিখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ক্ৰমে কটন বিশ্ববিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু বি বৰুৱা মহাবিদ্যালয়ৰ এগৰাকীও মেধাৱী ছাত্ৰই।

আজি ফলাফল ঘোষণা কৰা দিনটোত কটন বিশ্ববিদ্যালয় চৌহদত এক নিমাওমাও পৰিবেশে বিৰাজ কৰে। মাহৰ চতুৰ্থ শনিবাৰৰ বাবে বিশ্ববিদ্যালয়খন বন্ধ থকা বুলি বিশ্ববদ্যালয়খনত কৰ্মৰত এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে আমাৰ মহানগৰ সংবাদদাতাক জানিবলৈ দিয়ে।

ফলাফল ঘোষণা কৰা দিনটোত বন্ধ থাকিলেও এগাৰাকী অধ্যাপক-অধ্যাপিকা তথা বিষয়া-কৰ্মচাৰী সৌজন্যতাৰ খাতিৰত বিশ্ববিদ্যালয়খনত উপস্থিত নথকা কথাটোৱে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকলক হতাশ কৰি তুলিছে।

উল্লেখযোগ্য যে, এইবাৰ কটন বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাত মুঠ ৫৪৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ ভিতৰত প্ৰথম বিভাগত ৪২০ গৰাকী, দ্বিতীয় বিভাগত ৯৮ গৰাকী আৰু তৃতীয় বিভাগত ৩ গৰাকী উত্তীৰ্ণ হয়। বিজ্ঞান শাখাৰ উত্তীৰ্ণৰ হাৰ ৯৫ শতাংশ।

আনহাতে, কলা শাখাত অৱতীৰ্ণ হোৱা মুঠ ১৭৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত প্ৰথম বিভাগত ১২৯ গৰাকী, দ্বিতীয় বিভাগত ৩৩ গৰাকী আৰু তৃতীয় বিভাগত ২ গৰাকীয়ে উত্তীৰ্ণ হয়; উত্তীৰ্ণৰ হাৰ ৯৫ শতাংশ।

একেদৰে আন দুখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বি বৰুৱা মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ফলাফলো চকুত লগা ধৰণে উন্নত নহয়।

মহানগৰীৰ মাজমজিয়াত অৱস্থিত উচ্চ শিক্ষাৰ পীঠস্থান স্বৰূপ শিক্ষানুষ্ঠান কেইখনৰ ক্ৰমাগত দুৰ্বল ফলাফল কিছু পৰিমানে হ’লেও চিন্তনীয় বিষয় অসমৰ শৈক্ষিক মহলৰ বাবে।

Related News