NORTHEAST NOW (Assamese)

২০০২ চনৰ পৰা মথাউৰিত বাস কৰি অহা এই লোকসকলৰ মাজত নাই ভোগালীৰ উচাহ

January 11, 2021 6:23 pm · নিৰ্মলেন্দু পাঠক
ফটো : নৰ্থ-ইষ্ট নাও

ৰাজ্যৰ চৌদিশে এতিয়া ভোগালীক আদৰাৰ প্ৰস্তুতি। ধনী-দুখীয়া সকলোৱে নিজৰ সাধ্য অনুসৰি হেপাহৰ ভোগালী বিহুটি উদযাপনৰ আয়োজন কৰিছে।

কিন্তু ইয়াৰ মাজতে ব্যতিক্ৰম যোৰহাট জিলাৰ বানেগৰকা টীয়কৰ জাঁজীমুখৰ দীৰ্ঘদিন ধৰি মথাউৰিৰ ওপৰত বসবাস কৰা লোকসকল।

দীৰ্ঘদিন অৰ্থাৎ ২০০২ চনতে ঘৰ-মাটি ব্ৰহ্মপুত্ৰ নদীয়ে উটুৱাই নিয়াৰ পাছত অস্থায়ীভাৱে মথাউৰিৰ ওপৰত বসবাস কৰি থকা পৰিয়াল কেইটাই হেপাঁহেৰে উদযাপন কৰিব পৰা নাই প্ৰতিটো বিহু।

এইবাৰো এইসকলৰ মাজত নাই ভোগালীক আদৰাৰ কোনো প্ৰস্তুতি।

বাৰিষাত বলীয়া বানে খেতি পথাৰ সকলো নষ্ট কৰাৰ ফলত এতিয়া ভোগৰ উৎসৱত আনন্দ কৰিবলৈ অসমৰ্থ গাঁওবাসী।

ভোগালী বিহুৰ দিনাও লগে ভাগে এসাজ খাবলৈ, কৰিবলৈ একো ব্যৱস্থা নাই এইসকল ৰাইজৰ।

এতিয়া এই লোকসকলৰ এটাই আশা যে চৰকাৰে তেওঁলোকক সংস্থাপন দিব।

Related News