• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নয়ডাত দৰমহা বৃদ্ধিৰ দাবীত শ্ৰমিকৰ হিংসাত্মক প্ৰতিবাদ: ৩০০ তকৈ অধিক গ্ৰেপ্তাৰ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:17 am
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মজুৰি বৃদ্ধিৰ দাবীত উত্তৰ প্ৰদেশৰ নয়ডাত সোমবাৰে বৃহৎ সংখ্যক শ্ৰমিকৰ প্ৰতিবাদে ভয়ংকৰ হিংসাত্মক ৰূপ ধাৰণ কৰে। প্ৰায় ৪০,০০০ তকৈ অধিক কাৰখানাৰ শ্ৰমিকে সাব্যস্ত কৰা এই প্ৰতিবাদৰ সময়ত যান-বাহনত অগ্নিসংযোগ আৰু পথ অৱৰোধ কৰাৰ অভিযোগত আৰক্ষীয়ে ৩০০ তকৈ অধিক শ্ৰমিকক গ্ৰেপ্তাৰ কৰিছে। হাৰিয়ানা চৰকাৰে শ্ৰমিকৰ ন্যূনতম মজুৰি বৃদ্ধি কৰাৰ পাছতেই নয়ডাত সূত্ৰপাত হোৱা এই আন্দোলনত কিছুমান ‘বহিৰাগত’ লোকে প্ৰৰোচনা যোগোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। ইয়াৰ মাজতেই উত্তৰ প্ৰদেশ চৰকাৰে এই হিংসাত্মক ঘটনাৰ আঁৰত ‘পাকিস্তানৰ সংযোগ’ আৰু ৰাজ্যখনত অস্থিৰতা সৃষ্টি কৰাৰ এক গভীৰ ষড়যন্ত্ৰ থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য হাৰিয়ানাত চৰকাৰে শ্ৰমিকসকলৰ ন্যূনতম মজুৰি ৩৫ শতাংশলৈ বৃদ্ধি কৰাৰ লগে লগে নয়ডাৰ কাৰখানাৰ শ্ৰমিকসকলৰ মাজতো অসন্তুষ্টিয়ে গা কৰি উঠে। প্ৰতিবাদকাৰী শ্ৰমিকসকলৰ অভিযোগ অনুসৰি, তেওঁলোকে দৈনিক ১২ ঘণ্টা পৰিশ্ৰম কৰাৰ পাছতো মাত্ৰ ১১,০০০ ৰ পৰা ১৫,০০০ টকা দৰমহা লাভ কৰে, যি বৰ্তমানৰ মূল্যবৃদ্ধিৰ সময়ত পৰিয়াল পোহপাল দিয়াৰ বাবে একেবাৰেই পৰ্যাপ্ত নহয়। সেয়েহে তেওঁলোকে দৰমহা ২০,০০০ ৰ পৰা ২৫,০০০ টকালৈ বৃদ্ধি কৰাৰ দাবী জনাই ৰাজপথলৈ ওলাই আহে। অৱশ্যে, উত্তৰ প্ৰদেশ চৰকাৰে শ্ৰমিকসকলৰ এই দাবী নস্যাৎ কৰি স্পষ্ট কৰি দিছে যে ১ এপ্ৰিলৰ পৰা ৰাজ্যখনত ইতিমধ্যে শ্ৰমিকৰ ন্যূনতম মজুৰি বৃদ্ধি কৰা হৈছে।

Apply Now

সোমবাৰে পুৱাৰ ভাগত শান্তিপূৰ্ণভাৱে আৰম্ভ হোৱা এই প্ৰতিবাদে পিছবেলা নয়ডাৰ ফেজ-২ আৰু ছেক্টৰ ৬৩ এলেকাত এক ভয়ংকৰ হিংসাত্মক ৰূপ লয়। একাংশ উন্মত্ত প্ৰতিবাদকাৰীয়ে কেইবাখনো বাহন আৰু সম্পত্তিত অগ্নিসংযোগ কৰাৰ লগতে আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে তৎকালীনভাৱে পদক্ষেপ গ্ৰহণ কৰে আৰু অগ্নিসংযোগ তথা যানবাহন অনিষ্ট অভিযোগত ৩০০ তকৈ অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে সোধা-পোছাৰ বাবে ১০০ ৰো অধিক লোকক আটক কৰে। গৌতম বুদ্ধ নগৰৰ আৰক্ষী আয়ুক্ত লক্ষ্মী সিঙে প্ৰকাশ কৰা অনুসৰি, শ্ৰমিকসকল শান্তিপূৰ্ণভাৱে উভতি যোৱাৰ পাছত চুবুৰীয়া জিলাৰ পৰা অহা একাংশ বহিৰাগত লোকে পৰিকল্পিতভাৱে এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছিল। বৰ্তমান চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে দোষীসকলক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

এই সমগ্ৰ ঘটনাটোক লৈ উত্তৰ প্ৰদেশৰ শ্ৰম মন্ত্ৰী অনিল ৰাজভৰে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। শেহতীয়াকৈ মীৰাট আৰু নয়ডাত পাকিস্তানৰ সৈতে সম্পৰ্ক থকা কেইবাজনো সন্দেহযুক্ত সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ হোৱাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ এই শ্ৰমিক আন্দোলনৰ আঁৰতো পাকিস্তানৰ সংযোগ থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীৰ মতে, ৰাজ্যখনৰ উন্নয়ন আৰু আইন-শৃংখলা বিঘ্নিত কৰাৰ উদ্দেশ্যে দেশবিৰোধী শক্তিয়ে এই ষড়যন্ত্ৰ ৰচিছে। ইফালে, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মুজাফ্ফৰনগৰৰ এখন সভাত অংশগ্ৰহণ কৰি শ্ৰমিকসকলক শান্তি বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে প্ৰৰোচনাকাৰীৰ পৰা সাৱধান হ’বলৈ সকীয়াই দিয়ে। আনহাতে, সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে এই পৰিস্থিতিৰ বাবে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে চৰকাৰৰ উদ্যোগপতি-কেন্দ্ৰিক নীতিৰ বাবেই আজি শ্ৰমিকসকল অৱহেলিত আৰু শোষিত হ’বলগীয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

চান্দীপুৰা ভাইৰাছৰ আতংক: শিশুৰ মগজুত কেনেকৈ আক্ৰমণ কৰে এই মাৰাত্মক ৰোগে?

August 12, 2026 8:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd