• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰ লোকসভা সমষ্টিৰ তিনিজন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বাতিল

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
April 5, 2019 8:32 pm
Election Commission

প্ৰতিনিধিত্বমূলক চিত্ৰ

302
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম সময় আছিল ৪ এপ্ৰিল অৰ্থাৎ বৃহস্পতিবাৰ। আজি প্ৰাৰ্থী সকলৰ মনোনয়ন পত্ৰ নিৰ্বাচনী বিষয়াসকলৰ দ্বাৰা পুনৰীক্ষণ কৰা হয়। পুনৰীক্ষণত কোকৰাঝাৰ সমষ্টিৰ তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা হয়।

মনোনয়ন বাতিল হোৱা প্ৰাৰ্থী তিনিগৰাকী হ’ল তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী কমলাকান্ত দৈমাৰী, নিৰ্দলীয় প্ৰাৰ্থী মুন কুমাৰ বসুমতাৰীৰ লগতে আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী পৰেশ বড়ো।

জানিব পৰা মতে উক্ত তিনিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিলৰ সময়ত প্ৰয়োজনীয় নথি-পত্ৰ জমা দিয়া নাছিল। সেয়ে তিনিওগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰা বুলি বিভাগীয় কৰ্তৃপক্ষই জনায়।

উল্লেখযোগ্য যে, কোকৰাঝাৰ লোকসভা সমষ্টিত মুঠ ১২ জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। ইয়াৰে তিনিজন প্ৰাৰ্থীৰ মনোনয়ন বাতিল হোৱাৰ পাছত ৯ জন প্ৰাৰ্থীৰ মনোনয়ন গৃহীত কৰিছে ৰিটাৰ্ণিং বিষয়াই।

মনোনয়ন পত্ৰ গৃহীত হোৱা প্ৰাৰ্থীসকল হ’ল ক্ৰমে, কংগ্ৰেছৰ শব্দ ৰাম ৰাভা, বি পি এফৰ প্ৰমীলা ৰাণী ব্ৰহ্ম, য়ু পি পি এলৰ উৰ্খাও ব্ৰহ্ম, চি পি আই(এম)ৰ বিৰাজ ডেকা, ভোটাৰ্চ পাৰ্টি নেশ্যনেলৰ ৰাজেশ নাৰ্জাৰী, পূৰ্বাঞ্চল জনতা পাৰ্টী(চেকুলাৰ)ৰ চৰণ ইশ্বৰী, বৰ্তমানৰ সাংসদ তথা নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া, নিৰ্দলীয় ৰঞ্জয় কুমাৰ ব্ৰহ্মৰ লগতে আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হৈছে প্ৰসেনজিৎ কুমাৰ দাস।

উল্লেখ্য যে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া সমষ্টি কেইটাৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে অহা ৮ এপ্ৰিল। অসমত তৃতীয় পৰ্যায়ত অহা ২৩ এপ্ৰিলত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰত নিৰ্বাচন অনুষ্ঠিত হ’ব।

Tags: নিৰ্বাচন ২০১৯

Recent News

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

দেশত শিক্ষাৰ অভাৱ! টাইমছ ৰেংকিঙৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ তালিকাত আছে ভাৰতৰ মাত্ৰ ২ খন বিশ্ববিদ্যালয়

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

সংকটত খোৱাংৰ তিনঠেঙীয়া বনাঞ্চল! বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ স্থাপনৰ পূৰ্বেই ধ্বংস যজ্ঞ চলিছে বনাঞ্চলখনত

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

বজাৰলৈ আহি আছে স্মাৰ্ট চশমা : কৃত্ৰিক বুদ্ধিমত্তা, কেমেৰাৰ লগতে থাকিব অনেক আকৰ্ষণীয় সুবিধা

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

খান ছাৰৰ বিবাহ অভ্যৰ্থনাৰ বিশাল আয়োজন : আমন্ত্ৰণ কৰা হৈছে ৫০ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd