• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাক্সাৰ বগামাটিত উত্তৰ-পূব দুঃসাহাসিক ক্ৰীড়া পৰ্যটন মহোৎসৱৰ সফল সামৰণি

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
September 17, 2018 9:28 pm
IMG_20180916_125741

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ বগামাটি এতিয়া অসমৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষ তথা বিশ্বৰ ভিতৰতেই এক আকৰ্ষণীয় ঠাই হিচাপে পৰিগণিত হৈছে। মই যেতিয়া বিটিচিৰ পৰিষদীয় সদস্য হিচাবে নিৰ্বাচিত হও তেতিয়া বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী, স্থানীয় ৰাইজ আৰু স্থানীয় সাংবাদদাতা সকলৰ প্ৰচেষ্টাত বগামটিলৈ যোৱা বাট-পথ সুচল কৰি অপৰূপ সৌন্দৰ্যৰ সমাহাৰ ঘটা বগামাটিক বনভোজথলী হিচাপে গঢ়ি তুলিছিলো’। এই ভাষ্য বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ।

বাক্সা জিলাৰ বগামাটিত যোৱা ১৩ ছেপ্টেম্বৰৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা উত্তৰ পূব দুঃসাহাসিক ক্ৰীড়া পৰ্যটন মহোৎসৱ-২০১৮ ৰ সামৰণি অনুষ্ঠান উপলক্ষে ১৬ ছেপ্তেম্বৰ অৰ্থাৎ দেওবাৰে দিনৰ ২ বজাত অনুষ্ঠিত মুকলি সভাত ভাষণ ৰাখি গণেশ কাছাৰীয়ে এইদৰে কয়।

Apply Now

বাক্সা আৰু ওদালগুৰি জিলাৰ সংগমথলী ভূটান পাহাৰৰ পৰা বৰনদীৰ অপৰূপ সৌন্দৰ্য্যৰ সমাহাৰ ঘটা বগামাটি এতিয়াৰ পৰা আৰু বনভোজথলীৰ বিপৰীতে পৰ্যটনথলী হিচাবে নামাকৰণ কৰা হল বুলি গণেশ কছাৰীয়ে ঘোষণা কৰে।

স্থানীয় ইক’ টুৰিজিম ছ’চাইটি নামৰ এটি স্বেচ্ছাসেৱী সংগঠনৰ তত্ত্বাৱধানত বগামাটিত এইবাৰ ভাৰতবৰ্ষৰ ভিতৰতেই প্ৰথমবাবৰৰ বাবে  উত্তৰ-পূব দুঃসাহাসিক ক্ৰীড়া পৰ্যটন মহোৎসৱ অনুষ্ঠিত হল, এই মহোৎসৱে ভাৰতবৰ্ষত এক ইতিহাস ৰচনা কৰা বুলিও কয় গণেশ কছাৰীয়ে।

ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ সাংসদ পুঁজিৰ অনুদানেৰে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰ্যটকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে বগামাটিক আকৰ্ষণথলী হিচাবে গঢ় দিয়াৰ ক্ষেত্ৰত যি অৱদান আগবঢ়াই আহিছে সেই অৱদানৰ বাবে সাংসদ গৰাকীক প্ৰশংসা কৰাৰ লগতে ভৱিষ্যতে যাতে বগামাটিক বিশ্বৰ দৰবাৰত এক উল্লেখনীয় পৰ্যটন থলী হিচাবে গঢ়ি তুলিব পাৰে তাৰ বাবে সহায়-সহযোগ কৰাৰ বাবেও কাৰ্যবাহী সদস্য গৰাকীয়ে সাংসদ গৰাকীক আহ্বান জনায়।

IMG_20180916_155857

উত্তৰ-পূব দুঃসাহাসিক ক্ৰীড়া পৰ্যটন মহোৎসৱ উপলক্ষে অনুষ্ঠিত হোৱা হোৱাইট ৱাটাৰ ৰাফটিং, জাংগল ট্ৰেকিং, বাইক ষ্টান্ত আদিকে ধৰি বিভিন্ন ইভেণ্টত উত্তৰ-পূৱৰ ৰাজ্য মেঘালয়, মণিপুৰ, অৰুণাচল, নাগালেণ্ড, চিকিম আদিকে ধৰি সুদূৰ বাংগালুৰুৰ পৰা অহা প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা বুলি সদৰী কৰে।

ইণ্ডিয়ান ইনষ্টিটিউট অব এণ্টাৰপ্ৰিউনাৰশ্বিপ (IIE), নৰ্থ-ইষ্ট কাউন্সিল, ভাৰত আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগ আৰু বিটিচিৰ উদ্যোগত অনুষ্ঠিত নৰ্থ-ইষ্ট দুঃসাহাসিক ক্ৰীড়া পৰ্যটন মহোৎসৱৰ সামৰণি অনুষ্ঠানৰ সভাখন আঁত ধৰে আই আই ই প্ৰকল্প বিষয়া হেমন্ত ৰাভাই।

সভাত উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে বগামাটিক দেশৰ লগতে বিশ্বৰ ভিতৰতে এখন লেখত ল’বলগীয়া পৰ্যটনথলী হিচাবে গঢ় দিয়াৰ ক্ষেত্ৰত ৰাইজৰ সহায়-সহযোগ কামনা কৰে। বগামাটিক পৰ্যটনথলী হিচাবে চিহ্নিত কৰিব পাৰিলে এই অঞ্চলটোৰ লগতে ৰাজ্য তথা দেশৰ অৰ্থনৈতিক দিশটো সবল হোৱা আৰু লগতে কৰ্মসংস্থানৰ বাটো মুকলি হ’ব বুলি সাংসদ গৰাকীয়ে বক্তব্য ৰাখে।

সভাত উপস্থিত থকা অসমৰ বিশিষ্ট সাংবাদিক সমূদ্ৰগুপ্ত কাশ্যপে ভাষণ প্ৰসংগত বগামাটিক পৰ্যটনথলিৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত বিভিন্ন পৰামৰ্শ আগবঢ়োৱাৰ লগতে অঞ্চলটোৰ ৰাইজক কৰ্মমুখী হবলৈ আহ্বান জনায়। পৰ্যটক সকলক আকৃষ্ট কৰাৰ ক্ষেত্ৰত জৈৱিক পদ্ধতিৰে খেতি কৰি উৎপাদিত সামগ্ৰী পৰ্যটক সকলৰ মাজত বিক্ৰী কৰিও সংস্থাপনৰ বাট মুকলি কৰাৰ আহ্বান জনায়। ইয়াৰ উপৰি বগামটি অঞ্চলটোত প্লাষ্টিক বৰ্জন কৰি বগামাটিৰ প্ৰাকৃতিক সৌন্দৰ্য অটুট ৰখাৰ বাবেও মুকলি আহ্বান জনায় জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ডিমা হাছাওৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য কুলেন্দ্ৰ দাওলাগুপুয়ে ডিমা হাছাওৰ পৰ্যটনৰ ওপৰত বক্তব্য ৰাখি বগামাটিকো এখন ভাল পৰ্যটনথলী হিচাপে গঢ় দিয়াৰ বাবে আহ্বান জনায়। ভাষণ প্ৰসংগত তেওঁ লগতে কয় যে বগামাটি অতি শীঘ্ৰে উত্তৰ-পূবৰ ভিতৰতে এখন উল্লেখনীয় পৰ্যটনথলী হিচাপে চিহ্নিত হ’ব।

এই সভাত ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ ক্ষেত্ৰীয় সঞ্চালক এছ এছ দেৱবৰ্মন, বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীৰ উপৰি আই আই ইৰ সঞ্চালক ড০ অভিজিত শৰ্মা উপস্থিত থাকে।

সভাত আই আই ইৰ সঞ্চালক ড০ অভিজিত শৰ্মাই সভাৰ আৰম্ভণিতে আদৰণি ভাষণ ৰাখি কয় যে দুঃসাহাসিক ক্ৰীড়াৰ লগত জড়িত স্থানীয় ক্ৰীড়াবিদ পূৰ্ণ ডেকা আৰু জুলিমা ডেকাৰ অনুৰোধ মৰ্মে বগামাটিত ভাৰতৰ ভিতৰত প্ৰথমবাৰৰ বাবে উত্তৰ-পূব দুঃসাহসিক ক্ৰীড়া পৰ্যটন মহোৎসৱ অনুষ্ঠিত কৰা হয়। লগতে বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰী আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ সৈতেও আলোচনাত মিলিত হৈ তেওঁলোকৰ সহায়-সহযোগত এই মহোৎসৱ পাতিবলৈ সমৰ্থ হোৱা বুলি প্ৰকাশ কৰি কাৰ্যবাহী সদস্য গৰাকীক আৰু ৰাজ্যসভাৰ সাংসদ গৰাকীক ভূয়সী প্ৰশংসা কৰে সঞ্চালক গৰাকীয়ে।

উল্লেখযোগ্য যে এই উত্তৰ-পূব দুঃসাহসিক ক্ৰীড়া পৰ্যটন মহোৎসৱত জীপ চাফাৰী, হাতী চাফাৰী, ৰাফটিং, বাইক ষ্টান্ত আদি বিভিন্ন ইভেণ্টত অংশ গ্ৰহণ কৰাৰ উপৰি বৰনদীৰ সেউজ-নীলাভ জলৰাশিত নামি জল ক্ৰীড়া কৰি ভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটক সকল বগামাটিৰ  দৃষ্টিনান্দনিক  পৰিৱেশত আনন্দত মতলীয়া হৈ পৰে। সভাৰ মাজত মেঘালয়ৰ শিল্পী আৰু স্থানীয় শিল্পী সকলে লোক নৃত্য পৰিবেশন কৰি উৎসৱস্থলী জীপাল কৰি তোলে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd