অসমৰপৰা অৰুণাচল প্রদেশলৈ যুৱতী আৰু নাবালিকা ছোৱালীৰ যৌন সৰবৰাহ আৰু তেওঁলোকৰ চৰম শাৰীৰিক ক্ষতিৰ বিষয়ে যোৱা ১৫ মে’ত সম্প্ৰচাৰ হোৱা খবৰটো পাই আমি তলত স্বাক্ষৰ কৰা লোকসকল অতিকৈ চিন্তিত আৰু আতংকিত হৈ পৰিছোঁ। খবৰ অনুসৰি অসমৰ বিভিন্ন জিলাৰ যুৱতী আৰু নাবালিকা ছোৱালীক অৰুণাচল প্ৰদেশলৈ সৰবৰাহ কৰি যৌন নিপীড়ণ, ধৰ্ষণকে ধৰি কেমেৰাৰ সন্মুখত যৌন কাণ্ড সংঘটিত কৰিবলৈ বাধ্য কৰাইছে। ছোৱালীকেইজনীক নির্মমভাৱে অত্যাচাৰ কৰা হৈছিল আৰু তেওঁলোকে প্রতিবাদ কৰিলে চিগাৰেটেৰে জ্বলাই দিয়া হৈছিল। কিছুমানক গৰ্ভনিৰোধক বড়ি দিয়া হৈছিল। তেওঁলোকৰ মাজৰ এগৰাকীয়ে পলাই গৈ মানুহক কথাবোৰ কোৱাত যৌন হিংসা, নির্যাতন আৰু দাসত্বৰ এই ভয়ংকৰ ঘটনাটো সকলোৱে গম পাইছিল।
অপৰাধীৰ পৰিচয়ো সমানেই ভয়ংকৰ। এই জঘন্য অপৰাধৰ সৈতে জড়িত মানুহবোৰ উপ-আৰক্ষী অধীক্ষকৰ স্তৰৰপৰা আৰম্ভ কৰি কনিষ্টবল, পি ডব্লিউ ডি, গ্রাম্য বিভাগ (আৰ ডব্লিউ ডি)ৰ দৰে চৰকাৰী বিভাগৰ বিষয়া, আৰু চিকিৎসাসেৱাৰ লগত জড়িত লোক, আৰু লগতে হোটেলৰ মালিক আৰু মধ্যভোগী যিসকলে অসমৰপৰা নিয়া ছোৱালীৰ ‘যোগান’ৰ সুবিধা প্ৰদান কৰে। এই ঘটনা অৰুণাচল প্ৰদেশৰ NEWSFY আৰু অসমৰ নৰ্থ ইষ্ট নিউজৰ ছপা মাধ্যম আৰু টিভি চেনেলত প্রকাশ পাইছে। খবৰ পোৱা গৈছে যে ইটানগৰ আৰক্ষীয়ে আটক কৰা এই আন্তঃৰাজ্যিক নাৰী সৰবৰাহৰ ৰেকেট বহু বছৰ ধৰি চলি আছে। টিভি চেনেলসমূহে প্ৰকাশ কৰা অনুসৰি যৌন ব্যৱসায়ৰ সৈতে জড়িত থকা মুঠ ২২জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
যদিও অপৰাধীবোৰ ন্যায়িক জিম্মাত আছে তথাপিও ভুক্তভোগী কণমানি ছোৱালীবোৰে প্ৰাপ্য ন্যায় লাভ কৰাত একাধিক প্রত্যাহ্বান আৰু জটিলতা জড়িত হৈ আছে। এই ভয়ংকৰ অত্যাচাৰৰ সন্মুখীন হৈ নাবালিকাসকলৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু তেওঁলোকৰ মাজৰ কিছুমানে মাতবোল বন্ধ কৰা বুলি জানিব পৰা গৈছে। কিছুমান ভুক্তভোগী ছোৱালীয়ে নিজৰ পিতৃ বা ইয়াৰ লগত জড়িত আন লোকৰ ভাবুকিৰ বাবে নীৰৱে আছে। ইয়াৰ উপৰিও আমি নিউজ চেনেল NEWSFY ৰ পৰা জানি স্তম্ভিত হৈছোঁ যে অৰুণাচলৰ ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে এই
কথা আগেয়েই জানিছিল যদিও কোনো ব্যৱস্থা গ্রহণ কৰা নাছিল।আমি স্বতন্ত্র ব্যক্তি আৰু বিভিন্ন নাগৰিক সমাজ সংগঠনৰ প্ৰতিনিধি হিচাপে দোষীসকলৰ এই জঘন্য অপৰাধমূলক কার্যকলাপৰ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ধেমাজি, কার্বি আংলং আৰু নগাঁৱৰ দৰে অসমৰ বিভিন্ন জিলাৰ যুৱতী-মহিলাৰ ওপৰত সংঘটিত পৈশাচিক অপৰাধক কোনো ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। আমি বুজিব লগীয়া গুৰুত্বপূৰ্ণ কথাটো হৈছে, সমাজৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ অৱনতিয়ে আমাৰ সন্তানসকলক এই অপৰাধীসকলৰ হাতত তুলি দিছে।
সেয়েহে আমি দুয়োখন ৰাজ্যৰ প্ৰশাসনক ছোৱালী আৰু মহিলাৰ বিৰুদ্ধে সংগঠিত যৌন অপৰাধ নির্মূলৰ দিশত শক্তিশালী ব্যৱস্থা ল’বলৈ আহ্বান জনাইছোঁ। আইন বলবৎকাৰী কর্তৃপক্ষ, মহিলা গোট আৰু শিশু অধিকাৰ সুৰক্ষাৰ সৈতে জড়িত ৰাজ্যিক প্রতিষ্ঠানসমূহৰ মাজত সহযোগিতামূলক প্ৰচেষ্টাৰ দাবী জনাইছোঁ। যৌন অপৰাধ নির্মূলকৰণৰ কামৰ পৰিপূৰক হিচাপে এই প্রচেষ্টাক শক্তিশালী কৰিবলৈ প্রাতিষ্ঠানিক সেৱা গৃহ আৰু ৱান ষ্টপ চেণ্টাৰসমূহ অন্তর্ভুক্ত কৰিব লাগিব। মানব সৰবৰাহৰ সৈতে মোকাবিলা কৰাত ৰাজ্য দুখনৰ আৰক্ষীয়ে একেলগে কাম কৰাৰ সফলতাৰ কাহিনীৰ বিষয়ে আমি সচেতন আৰু এই ক্ষেত্ৰত ইয়াক গুৰুত্বসহকাৰে লোৱা হ’ব বুলি আশা কৰিছোঁ।
যৌন নিৰ্যাতনৰপৰা ৰক্ষা পোৱাসকলৰ বাবে শীঘ্রে মানসিক-সামাজিক যত্ন আৰু পৰামৰ্শ সেৱাৰ ব্যৱস্থা কৰক। সামাজিক সংস্থাসমূহে এনে কর্মশালা অনুষ্ঠিত কৰাৰ কথা বিবেচনা কৰা উচিত য’ত ইতিবাচক পাৰস্পৰিক ক্রিয়া-কলাপ, সংগীত আৰু নৃত্যৰদ্বাৰা চিকিৎসা পদ্ধতি থাকে যাতে তেওঁলোকে আঘাতৰ সৈতে মোকাবিলা কৰিব পাৰে। প্ৰয়োজন সাপেক্ষে, সৃজনশীল পদ্ধতিৰে পৰামৰ্শ সেৱা, আঘাত ব্যৱস্থাপনাৰ ওপৰত প্রাতিষ্ঠানিক সেৱাৰ সৈতে বিশেষ আৱাসিক সুবিধাসমূহ উপলব্ধ কৰিব লাগে। লগতে আইন সেৱা লাভ কৰিবলৈ আৰু সামাজিক-অর্থনৈতিকভারে সক্ষম কৰি তোলাৰ বাবে তেওঁলোকক লাইফ স্কিল পদ্ধতি শিকাব লাগে।
আমি দাবী জনাইছোঁ যে গ্ৰেপ্তাৰ হোৱা দোষীবোৰক, আৰু এতিয়াও ধৰা নপৰাসকলৰ বিৰুদ্ধে প্ৰাসংগিক আইনৰ অধীনত কঠোৰ আইনী ব্যৱস্থা গ্রহণ কৰা হওক। আমি এই যৌন অত্যাচাৰৰপৰা ৰক্ষা পোৱাসকলৰ সৈতে আমাৰ সংহতি প্রকাশ কৰিছোঁ আৰু ন্যায়পালিকা আৰু আইন প্রয়োগকাৰী কৰ্তৃপক্ষৰপৰা ন্যায় প্ৰদানৰ দিশত তৎকালীন আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছোঁ।
আমি এই ঘটনাৰ বিৰুদ্ধে ব্যাপক প্ৰচাৰৰ আহ্বান জনাইছোঁ আৰু সামূহিকভাৱে এই অপহৰণ, মহিলা আৰু ছোৱালীক অসমৰপৰা অৰুণাচল প্ৰদেশলৈ ক্ৰয় কৰি নি কৰা অত্যাচাৰ, ধৰ্ষণৰ ফলত হোৱা তেওঁলোকৰ শাৰিৰীক, মানসিক স্বাস্থ্যৰ ক্ষতিৰ লগতে তেওঁলোকৰ মানৱ অধিকাৰ খৰ্ব হোৱা কাৰ্যক গৰিহণা দিছোঁ।