• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘগ্ৰাপাৰত আছু সদস্যৰ ওপৰত বিজেপিৰ গুণ্ডাগিৰি প্ৰতিবাদ আছুৰ

ফাৰহানা আহমেদ/ৰিদিপ শৰ্মা/দীপক কুমাৰ পাঠক/শশাংক তালুকদাৰ/পাৰ্শ্বজ্যোতি গগৈ by ফাৰহানা আহমেদ/ৰিদিপ শৰ্মা/দীপক কুমাৰ পাঠক/শশাংক তালুকদাৰ/পাৰ্শ্বজ্যোতি গগৈ
January 28, 2019 6:45 pm
28-01-19 Mangaldoi- AASU burn effigy
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিয়াবৰৰ প্ৰতিৱেদন ২৭ জানুৱাৰিত নলবাৰীৰ ঘগ্ৰাপাৰত বিজেপিৰ গুণ্ডাগিৰিৰ প্ৰতিবাদত আজি  কলিয়াবৰত আছুয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদীসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মীয়ে।

কলিয়াবৰৰ কুঁৱৰীটোলত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ শতাধিক আছুকৰ্মীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কৰি সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ , হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ , ৰঞ্জিত দাস মূর্দাবাদ , অসম চৰকাৰ হায় হায় ,পুলিচ প্রশাসন গ’বেক ধ্বনিৰে কুঁৱৰীটোলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে ।

Apply Now

যোৱা কালি নলবাৰীত গণতান্ত্ৰিক ভাবে আছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি থকা অৱস্থাত বিজেপি সদস্যই অতৰ্কিতে আছু সদস্যক আক্ৰমণ কৰাৰ লগতে আছুৰ পতাকা ভৰিৰে মোহাৰি পেলোৱাৰ কাৰ্য্যক কলিয়াবৰ ছাত্ৰ একতা সভাৰ সদস্যই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে আছু কৰ্মীসকলেমুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

আনহাতে এই প্ৰতিবাদৰ ফলত কুঁৱৰীটোলৰ ৩৭ নং ৰাষ্ট্রীয় ঘাইপথত কিছু সময় যাতায়ত বন্ধ হৈ পৰে। অৱশ্যে কলিয়াবৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীনবন্ধু ভূঞাৰ নেতৃত্বত এটা আৰক্ষী দল প্ৰতিবাদস্থলীত উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰে।

ইফালে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিষয় ববীয়াই সাংবাদিকৰে হোৱা কথোপকথনত জনাই যে বিজেপি দলে আছুৰ ওপৰত যিমানেই বৰ্বৰতা আৰু আক্ৰোষ মূলক ভাবে দমন কৰাৰ চেষ্টা নকৰক কিয় আছুয়ে সেই বৰ্বৰতাক কেতিয়াওঁ ভয় নকৰে।আৰু নাগৰিকত্ব বিধেয়ক বাতিল নোহোৱা পৰ্য্যন্ত আছুৰ এই আন্দোলন অব্যাহত থাকিব বুলি মত প্ৰকাশ কৰে।

উত্তৰ লখিমপুৰৰ প্ৰতিৱেদন আজি আছুৰ উত্তৰ লখিমপুৰ গোটেও অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসৰ প্ৰতিমূৰ্তি দাহ কৰে। আছুৱে দুয়োৰে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা আৰু বিভেদৰ ৰাজনীতি কৰা ৰাজনৈতিক নেতা বুলি অভিহিত কৰে। এটা সংবাদ বিজ্ঞপ্তিযোগে নলবাৰীত বিজেপি কৰ্মীয়ে সংঘটিত কৰা আক্ৰমণৰ ঘটনাৰ আছুৰ উত্তৰ লখিমপুৰ গোটৰ সভাপতি প্ৰাণজিৎ গগৈ আৰু সম্পাদক পুনমজ্যোতি বুঢ়াগোহায়ে গৰিহণা দিয়ে।

3

তেওঁলোকে কয় যে, ভাতৃঘাতী সংঘৰ্ষৰ দ্বাৰা অসমৰ সাংস্কৃতিক আৰু ভাষিক চিনাকিক মষিমুৰ কৰিবলৈ বিজেপিয়ে চলাই অহা কুচক্ৰান্তক সফল কৰিবলৈ আছুৱে এৰি নিদিয়ে। তেওঁলোকে মুখ্য মন্ত্ৰী সোণোৱালক অসমৰ স্বাৰ্থৰ হকে মাত মাতি অহা তেওঁৰ গৌৰৱময় অতীত সম্পৰ্কে মনত পেলাই দিয়ে।

গগৈ আৰু বুঢ়াগোহায়ে লগতে মুখ্য মন্ত্ৰী সোণোৱালক ৰাইজৰ পক্ষত থাকি নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ৰ বিৰোদিতা কৰাৰ বাবে আহ্বান জনায়, অন্যথা অসমৰ জনগণে তেওঁক এজন সৰ্বকালৰ ক্ষমতালোভী আৰু স্বাৰ্থপৰ মুখ্য মন্ত্ৰী হিচাপে মনত ৰাখিব বুলি সকীয়াই দিয়ে।

শুৱালকুছিৰ প্ৰতিৱেদন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসৰ পুত্তলিকা দাহ কৰিলে আছুয়ে। কালি নলবাৰীত আছু কৰ্মীৰ ওপৰত চলা বিজেপিৰ কৰ্মীৰ আক্ৰমণ বিৰুদ্ধে এই প্ৰতিবাদ। অসম আৰক্ষী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে আছুয়ে।

গণতান্ত্ৰিক প্ৰতিবাদকাৰীৰ ওপৰত বিজেপি কৰ্মী আৰক্ষীৰ নিৰ্বিচাৰ আক্ৰমণক ধিক্কাৰ জনালে আছুৱে। প্ৰতিবাদ দমনৰ নামত গণতান্ত্ৰিক প্ৰতিবাদকাৰীক আক্ৰমণ কোনো পধ্যেই গ্ৰহণযোগ্য নহয়।  এই ঘটনাৰ উচিত বিচাৰৰ দাবী উত্থাপন কৰিলে আছুয়ে। শুৱালকুছিৰ বস্ত্ৰ উদ্যানৰ সন্মুখত আছুয়ে প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে।

 তামুলপুৰৰ প্ৰতিৱেদন থানাৰ অন্তৰ্গত তামুলপুৰ মহকুমা সদৰৰ ঘগ্ৰাচকত  আছু এ আজি নলবাৰী কাণ্ডৰ প্ৰতিবাদত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপি সভাপতি ৰঞ্জিত দাসৰ  প্ৰতিমূৰ্তি  দাহ কাৰ্যসূচী ৰূপায়ন কৰে । আছুৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰীড়া সম্পাদক পূৰ্ণ ডেকাৰ উপস্থিতিত  তামুলপুৰ মহকুমা ছাত্ৰ সন্থা আৰু তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আজি দিনৰ ১২-০০বজাত তামুলপুৰ মহকুমা সদৰৰ ঘগ্ৰাচকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল  আৰু বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ  প্ৰতিমুৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদী কাৰ্য্যসুচীত প্ৰতিবাদী ছাত্ৰ কৰ্মী সকলে অসম চৰকাৰ হায়  হায়, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,  বিজেপিৰ গুণ্ডামি নচলিব, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ,  আদি শ্লোগানেৰে তামুলপুৰৰ ঘগ্ৰাচক উত্তাল কৰি তোলে। ইফালে দক্ষিণ ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাই ৰঞ্জিত দাস আৰু সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি নলবাৰী কাণ্ডৰ লগত জড়িত  গুণ্ডা বাহিনীক ধিক্কাৰ দিয়াৰ  লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ বাতিলৰ দাবীত গান্ধীবাৰীত  প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে কুমাৰীকাটা, দ্বাৰকুছিতো আছুই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিজেপিৰ সভাপতি ৰঞ্জিত দাস প্ৰতিমুৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

শিৱসাগৰৰ প্ৰতিৱেদন আঞ্চলিক ছাত্ৰ সন্থাই আজি নগৰৰ মাজ মজিয়া মুক্তিনাথ চাৰিআলিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিজিপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰে। দেওবাৰে মংগলদৈত আছু কৰ্মীয়ে
IMG-20190128-WA0009
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সময়ত আছু কৰ্মীক আৰক্ষীয়ে আটক কৰা আছু কৰ্মীক  বিজেপিৰ গুণ্ডাবাহিনী আৰক্ষী থানাত প্ৰহাৰ কৰাৰ প্ৰতিবাদত   সৰ্বানন্দ সোণোৱাল আৰু ৰঞ্জিত দাসৰ প্ৰতিকৃতি দাহ কৰে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ নিৰ্দেশত এই দৰে বিজেপিৰ ভেৰোণীয়া  গুণ্ডাবাহিনী আৰু আৰক্ষীয়ে আছু কৰ্মীক অত্যচাৰ কৰা কাৰ্য্যক তীব্ৰ প্ৰতিবাদ কৰে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই। বিজেপি মুৰিদাবাদ,  সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ,  ৰঞ্জিত দাস গৌ বেক আদি শ্লগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰত।  প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা
সম্পাদক শৰৎ হাজৰিকা, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক  সমীৰণ ফুকনৰ লগতে আন বহু আছুৰ কৰ্মীয়ে।
বজালীৰ প্ৰতিৱেদন যোৱাকালি নলবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ ভেৰোনীয়া গুণ্ডাই সদৌ অসম ছাত্ৰ সন্থাই গণতান্ত্ৰিক ভাৱে কৰি থকা আন্দোলনৰ ওপৰত বৰ্বৰ ভাৱে কৰা আক্ৰমনৰ লগতে থানাৰ ভিতৰতে অাছু কৰ্মীক অত্যাচাৰ কৰাৰ প্ৰতিবাদতে .বি জে পি ৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু গৃহৰ বিভাগৰ দায়ত্বত থকা জাতীয় নায়ক সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্ত্তি দাহ কৰে ।
পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ,সৰ্বানন্দ সোনোৱাল হায় হায় অাদিৰে পাঠশালাৰ অাকাশ বতাহ কপাই তোলে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে বৰপেটা জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমুদ্ৰ পাটগিৰী,বজালী মহকুমা ছাত্ৰ সন্থাৰ সভাপতি দামোদৰ ৰয়,সাধাৰণ সম্পাদক হিমাংশু শৰ্মা,পাঠশালা অাঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিপুকণ দেৱ শৰ্মা,সাধাৰণ সম্পাদক সৌৰভ শৰ্মাৰ লগতে শতাধিক অাছু কৰ্মী উপস্থিত থাকে।
এই প্ৰতিবাদৰ সামন্তৰালকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ ছাত্ৰ-ছাত্ৰী, গহপুৰ, হাজো আৰু দমদমা আঞ্চলিক ছাত্ৰ সন্থায়ো মুখ্যমন্ত্ৰী- বিজেপি সভাপতিৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ কৰে।
ফাৰহানা আহমেদ/ৰিদিপ শৰ্মা/দীপক কুমাৰ পাঠক/শশাংক তালুকদাৰ/পাৰ্শ্বজ্যোতি গগৈ

ফাৰহানা আহমেদ/ৰিদিপ শৰ্মা/দীপক কুমাৰ পাঠক/শশাংক তালুকদাৰ/পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd