নতুন দিল্লীত উত্তৰ-পূবৰ “কম প্ৰতিনিধিত্ব” অব্যাহত থাকিল

Northeast continues to remain “under-represented” in New Delhi

মৰাণত নিৰ্বাচনী সভাত প্ৰধান মন্ত্ৰী মোদী। ছবি সৌজন্য-- News Hour India।

এন দি এ’ বিশেষকৈ বিজেপিৰ পক্ষত অভূতপূৰ্ব ভোটদানৰ পিছতো মোদীৰ নতুন চৰকাৰত “কম প্ৰতিনিধিত্ব” অব্যাহত থাকিল উত্তৰ-পূব ভাৰতৰ।

অৰুণাচল প্ৰদেশৰ কিৰেন ৰিজিজু আৰু অসমৰ ৰামেশ্বৰ তেলীৰ ৰূপত কেৱল দুজন কনিষ্ঠ মন্ত্ৰীকহে বৃহস্পতিবাৰে মোদীৰ ৫৮জনীয়া মন্ত্ৰী পৰিষদত লোৱা হ’ল।

উত্তৰ-পূবৰ ৰাইজে আশা কৰিছিল যে বৰ্ধিত সাংসদৰ লগতে অন্ততঃ তিনি চাৰিজন মন্ত্ৰীকো অঞ্চলটোৰ পৰা অন্তৰ্ভুক্ত কৰা হ’ব।

২০১৪ৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে উত্তৰ-পূবত মাত্ৰ ৮খন আসন পাইছিল, আৰু সৰ্বানন্দ সোণোৱাল, কিৰেন ৰিজিজুক ৰাজ্যিক মন্ত্ৰীৰূপে অন্তৰ্ভুক্ত কৰা হৈছিল।

সোণোৱালক ক্ৰীড়া আৰু দক্ষতা বিকাশ মন্ত্ৰ্যালয়ৰ স্বতন্ত্ৰ মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছিল। অসমৰ আন এজন বিজেপি সাংসদ ৰাজেন গোহাঁইক কনিষ্ঠ ৰে’ল মন্ত্ৰীৰূপে লোৱা হৈছিল।

এইবাৰ বিজেপিয়ে উত্তৰ-পূবত বৃহৎ জনসমৰ্থন লাভ কৰিছে। বিতৰ্কিত নাগৰিকত্ব বিধেয়ক ২০১৬এ পিছ নেৰাৰ পিছতো বিজেপিয়ে অঞ্চলটোত ১৪খন আসন জিকিবলৈ সক্ষম হৈছে।

বিজেপিৰ সেই ১৪খন আসনৰ উপৰি, নৰেন্দ্ৰ মোদীৰ কাৰণে আৰু উৎসাহৰ বতৰাস্বৰূপে– এন দি পি পি, এন পি পি আৰু এম এন এফ প্ৰত্যেকেই তিনিখনকৈ আসন দখলেৰে নতুনকৈ প্ৰধান মন্ত্ৰী হোৱাত তেওঁলৈ সৰ্বসন্মত সমৰ্থন আগবঢ়াইছে।

তুৰাৰ এন পি পি সাংসদ আগাথা চাংমাক মন্ত্ৰীৰূপে লোৱা হ’ব বুলি যথেষ্ট আশা কৰা হৈছিল। বিপৰীতে অসমৰ বিজেপি নেতৃত্ব আশাবাদী আছিল দৃঢ়চেতা হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় কেবিনেটত এটা স্থান পাব।

২০১৪ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ এৰি গেৰুৱা দলত যোগ দিয়া হিমন্ত বিশ্ব শৰ্মাই উত্তৰ-পূবত পদুম ফুলোৱাৰ হাৰক্যুলিয়ান কামটো সম্পন্ন কৰিব লগা হৈছিল। যোৱা প্ৰায় দুটা দশক ধৰি অসমত মন্ত্ৰীৰূপে তেওঁ দক্ষতা প্ৰদৰ্শন কৰি আহিছে।

উত্তৰ-পূবত বিজেপি শিপোৱাত শৰ্মাৰ বহুল অৰিহণা আছে। বৰ্তমান উত্তৰ-পূবৰ চাৰিখন ৰাজ্য— অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু ত্ৰিপুৰাত বিজেপিয়ে শাসন কৰি আছে।

আন তিনিখন ৰাজ্য—নাগালেন্দ, মেঘালয় আৰু মিজোৰামত এন দি এ’ৰ মিত্ৰদল শাসনত আছে।

হিমন্ত বিশ্ব শৰ্মাৰ বিৰামহীন প্ৰচেষ্টাৰ বাবেই ১৭সংখ্যক লোকসভা নিৰ্বাচনত বিজেপিয়ে অসমত নখন আসনত বিজয় সাব্যস্ত কৰিব পাৰিছে। বিজেপিয়ে গৃ্হীতকৰণৰ উদ্যোগ লোৱা নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে যোৱা জানুৱাৰি আৰু ফেব্ৰুৱাৰি মাহত এটা শক্তিশালী গণ আন্দোলন চলিছিল।

তাৰোপৰি উত্তৰ-পূবৰ ত্ৰিপুৰা আৰু মণিপুৰত বিজেপি প্ৰতিষ্ঠাত শৰ্মাৰ বৰঙনি উল্লেখযোগ্য।

মণিপুৰ বা ত্ৰিপুৰাৰ পৰা অন্ততঃ এজনক মন্ত্ৰীৰূপে মোদীয়ে ল’ব বুলি আশা কৰা হৈছিল। মণিপুৰত বিজেপিয়ে এখন আসন জিকাৰ বিপৰীতে ত্ৰিপুৰাত দুয়োখন আসনেই দখল কৰিবলৈ সক্ষম হৈছে।

মোদীৰ নতুন চৰকাৰক লৈ উত্তৰ-পূবৰ বিজেপি নেতৃত্বই একো প্ৰতিক্ৰিয়া কৰা নাই যদিও, “কম প্ৰতিনিধিত্ব”ৰ ভাবে তেওঁলোকক খেদি ফুৰিব।