• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূৰ্বাঞ্চল, জম্মু আৰু কাশ্মীৰক শীৰ্ষ অগ্ৰাধিকাৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , June 2, 2019 7:34 am

2 min read

D7-2eKDUcAACWqz
1.4k
VIEWS
Share on FacebookShare on Twitter

দেশৰ নতুন গৃহ মন্ত্ৰী হিচাপে নিযুক্ত অমিত শ্বাহে শনিবাৰে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই তেওঁৰ শীৰ্ষ অগ্ৰাধিকাৰৰ তালিকাত থকা অঞ্চলসমূহৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চল, জম্মু আৰু কাশ্মীৰ থকাৰ ইংগিত দাঙি ধৰিছে।

শ্বাহে ভাৰতৰ নতুন গৃহ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা সভাত অংশ লয়।

উক্ত পৰ্যালোচনা সভাত গৃহ সচিব ৰাজীৱ গৌবা, চোৰাংচোৱা সংস্থাৰ সঞ্চালক প্ৰধান ৰাজীৱ জৈন, ভাৰতৰ মহাপঞ্জীয়ক শৈলেশকে ধৰি আন শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

যদিওৱা মন্ত্ৰালয়ৰ কামকাজৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰাৰ বাবে ইয়াক  এখন সাধাৰণ বৈঠক বুলি কোৱা হৈছিল, গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে যে শ্বাহে উত্তৰ-পূৰ্বাঞ্চল আৰু জম্মু-কাশ্মীৰৰ প্ৰসংগত বিশেষ গুৰুত্ব আৰোপ কৰিছে।

গৃহ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে শ্বাহৰ প্ৰথম দিনটোৰ বৈঠকতে এটা কথা স্পষ্ট হৈ পৰিছে যে তেওঁৰ মন্ত্ৰালয়ে আভ্যন্তৰীণ সুৰক্ষাৰ বিষয়টোক গুৰুত্বসহকাৰে মোকাবিলা কৰিব।

তাৎপৰ্যপূৰ্ণভাৱে এই কথাই ইয়াৰেই ইংগিত বহন কৰিছে যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত শ্বাহে মুকলিকৈ কৈছিল যে তেওঁৰ চৰকাৰে জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰা আৰু সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব।

গৃহ মন্ত্ৰী অমিত শ্বাহক শনিবাৰে গৃহ বিভাগৰ ৰাজ্য মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা দুই মন্ত্ৰী জি কিষান ৰেড্ডী আৰু নিত্যানন্দ ৰাইয়েও  সম্বৰ্দ্ধনা জনায়।

‘’দেশৰ সুৰক্ষা আৰু জনসাধাৰণৰ কল্যাণ মোদী চৰকাৰৰ প্ৰাথমিকতা। মোদীৰ নেতৃত্বত, মই এই সকলোবোৰ প্ৰাথমিকতা পূৰণ কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিম,’’-দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই শ্বাহে এইদৰে টুইট কৰে।

Recent News

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd