• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰেট হলেই নহয়, মাৰ্ঘেৰিটাত মুক্ত খননৰে চলিছে ছিণ্ডিকেট : দিছপুৰৰ পৃষ্ঠপোষকতাত চলিছে প্ৰকৃত ধ্বংসযজ্ঞৰ আখৰা

by
February 7, 2025 8:43 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অবৈধ কয়লা ছিণ্ডিকেটৰ অভিকেন্দ্ৰ হৈ পৰিছে মার্ঘেৰিটা৷ মার্ঘেৰিটাৰ মাজেৰে চৰকাৰী বিভাগ,ৰাজনৈতিক পৃষ্ঠপোষকতা আৰু আৰক্ষী-প্ৰশাসনৰ সহযোগিতাত চলিছে হাজাৰ কোটি টকীয়া ছিণ্ডিকেটৰাজ৷ মার্ঘেৰিটাৰ তাপং, টিৰাপ, পাহাৰপুৰ,বনগুড়া, মুলুং পাহাৰ, লাল পাহাৰ, ফায়াৰিং ৰেঞ্জ, নামটোক, নামদাঙকে আদি কৰি ভিন্ন ঠাইত চলি আছে মুক্ত খনন অৰ্থাত্ অপেন কাষ্ট মাইনিং। উমৰাংছুত চলি থকা ৰেট হল মাইনিঙেই কেৱল অবৈধ নহয়। মাৰ্ঘেৰিটাত অবৈধ আৰু অবাধভাৱে অপেন কাষ্ট মাইনিং চলি আছে বুলি গুৰুতৰ অভিযোগ তুলি তিনিচুকীয়াৰ পৰাই সংবাদমেল পাতি সৰৱ হৈছে ৰাইজৰ দল।

ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই কয় যে মার্ঘেৰিটাৰ কয়লা ছিণ্ডিকেট প্ৰক্ৰিয়াৰ প্ৰথমটো স্তৰ৷ দ্বিতীয় পর্যায়ত কয়লা ছিণ্ডিকেটৰ ধন যায় বিশেষ কেইজন মান ব্যক্তিৰ হাতলৈ৷ এই তালিকাত আছে গোবিন্দ ছেত্ৰী, সুনীল গুৰুঙকে ধৰি আন কেইবাজনো ব্যক্তি। গোবিন্দ ছেত্ৰী অথবা সুনীল গুৰুঙৰ পাছতেই মাৰ্ঘেৰিটাৰ কয়লা ছিণ্ডিকেট চক্ৰত আছে স্থানীয় বিধায়ক ভাস্কৰ শর্মা। আৰু সেই ভাস্কৰ শর্মাৰ জৰিয়তেই ছিণ্ডিকেটৰ ধন  দিছপুৰলৈ যায় বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে।

Apply Now

সংবাদমেলত তেওঁ কয় যে ২০১৯ চনতেই ভূতত্ব আৰু খনিজ বিভাগে কয়লা ছিণ্ডিকেটত জড়িতৰ অভিযোগ তুলি ১৯ বিশেষ ব্যক্তিৰ তালিকা প্ৰদান কৰিছিল প্ৰশাসনক৷ তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈও পৰামর্শ দিছিল বিভাগটোৱে৷ কিন্তু আজি পর্যন্ত এই ১৯ ব্যক্তিৰ বিৰুদ্ধে গ্ৰহণ কৰা নহ’ল পদক্ষেপ। আনহাতে সংবাদমেলত আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভাস্কো ডি শইকীয়াই। কয়লাৰ ছিণ্ডিকেটক কেন্দ্ৰ কৰিয়েই এতিয়া বহিৰাগত বণিয়াৰ দপদপনি উঠিছে। কিন্তু চকুৰ সন্মুখতে ঘটি থকা এনে ঘটনাৰ পাছতো প্ৰশাসনে মৌন হৈ বহি আছে। প্ৰশাসনৰ নিশ্চুপতাই চৰকাৰো যে কেনেবাকৈ এই ছিণ্ডিকেটৰ সৈতে মিলি আছে, তাৰেই সন্দেহ প্ৰকাশ কৰে কাৰ্যকৰী সভাপতিগৰাকীয়ে। সেয়ে আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাক কঠোৰ সমালোচনা কৰে ৰাইজৰ দলে। আনকি গোচৰ দিলেও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰাইজৰ দলে।

আৰক্ষী প্ৰশাসন এতিয়া কয়লা ছিণ্ডিকেটকাৰীৰ লগতে বহিৰাগতৰ পকেটত সোমাই পৰা বুলিও মন্তব্য কৰে ভাস্কো ডি শ‌ইকীয়াই। তেওঁ কয় যে সদ্য প্ৰাক্তন  আৰক্ষী সঞ্চালক জি পি সিঙে সামাজিক মাধ্যমৰ হেঁচাত পৰি উমৰাংছুৰ ঘটনাৰ পাছতে কঠোৰ ব্যৱস্থা ল’বলৈ বাধ্য হৈছিল। জিপি সিঙে বাধ্যত পৰি লোৱা কঠোৰ ব্যৱস্থাৰ বাবেই তেওঁক হঠাতে সলনি কৰা হয়। ৬ ফেব্ৰুৱাৰীত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ মজিয়াত স্পষ্টকৈ প্ৰমাণ হৈছে যে তিনিচুকীয়াৰ মাৰ্ঘেৰিটা অঞ্চলৰ দিহিং পাটকাই, জয়পুৰ সংৰক্ষিত বনাঞ্চল, টিৰাপ , দালাই পিআৰ‌এফ, চালেকী পিআৰফি আদিত চলি আছে অবাধ আৰু অবৈধ খনন। এইক্ষেত্ৰত ন্যায়ালয়ে চৰকাৰৰ উচ্চ পদস্থ বিষয়াক ন্যায়ালয়ৰ আদালতৰ মজিয়ালৈ বেয়া পোৱা স্বত্বেও ন্যায়ালয়ৰ নিৰ্দেশনা অৱমাননা কৰি অবাধ খনন চলি থকাৰ বাবে ন্যায়ালয়ৰ মজিয়াত শপতনামা দাখিল কৰিবলৈ পুনৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে।

ভাস্কো ডি শইকীয়াই কয় যে অসমৰ মাজেদি মাৰ্ঘেৰিটাৰ প্ৰৱেশদ্বাৰেদি অৰুণাচলৰ চাংলাং আৰু খাৰছাঙৰ মাজেৰে এতিয়াও অবৈধ কয়লাৰ পৰিবহণ ঘটি আছে। খাৰছাঙৰ কয়লা খনি ২০২২ চনত ভাৰত চৰকাৰে নিলাম কৰিছিলে। সেই ঠিকা লাভ কৰিছিল নবীন জিন্দালে। কিন্তু সেই অনুসৰি কয়লা খনিত বৈধ খনন নহ’ল। বিপৰীতে অবাধ আৰু অবৈধভাৱেহ খননকাৰ্য চলিল। ইয়াৰ ফলত অসম চৰকাৰৰ বহু ৰাজহো হেৰুৱাইছে।  অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ দেউতাক দৰ্জী কাণ্ডৰ সৈতে কাম কৰা নগাঁৱৰ হাজৰিকা  উপাধিৰ ব্যক্তিয়ে  ছিণ্ডিকেট চলাবলৈয়ে মাৰ্ঘেৰিটাত শিবিৰ পাতি বহি লৈছে।  চৰকাৰী পৃষ্ঠপোষকতাত চলি থকা কোনো দুৰ্নীতিয়েই দল-সংগঠন বা সাধাৰণ ৰাইজে ইচ্ছা কৰিও বন্ধ কৰিব নোৱাৰে। ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত চলি থকা এই কাৰ্যৰ বিৰুদ্ধে দল সংগঠনে বিষয়টো উপস্থাপন কৰিব পাৰে বা ইয়াৰ বিৰুদ্ধে প্ৰতিবাদহে কৰিব পাৰে। সেয়ে এইক্ষেত্ৰত ন্যায়ালয়ৰ ওপৰত ভৰসা এতিয়াও ৰাখিছে বুলি সংবাদমেলত মন্তব্য কৰে ভাস্কো ডি শইকীয়াই।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

October 1, 2026 11:27 am
দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd