• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিংবদন্তিৰ মহাপ্ৰস্থান! ফুটবলৰ ‘পিকাচো’ জন ৰবাৰ্টছনৰ মৃত্যুত শোকস্তব্ধ ক্ৰীড়া জগত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2025 2:19 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইংলেণ্ডৰ আটাইতকৈ পুৰণি ক্লাবসমূহৰ ভিতৰত অন্যতম নটিংহাম ফৰেষ্ট। ১৬০ বছৰীয়া এই ক্লাবটোৰ শ্ৰেষ্ঠ সময় আছিল ১৯৭৯ আৰু ১৯৮০ চন। সেই দুবছৰত তেওঁলোকে একেৰাহে দুবাৰকৈ ইউৰোপীয়ান কাপ জয় কৰিছিল।

আচৰিত কথাটো হ’ল যে ফৰেষ্ট এতিয়াও ইউৰোপৰ একমাত্ৰ ক্লাব যাৰ কেবিনেটত ঘৰুৱা লীগৰ ট্ৰফীতকৈ অধিক ইউৰোপীয় ট্ৰফী আছে। আজি হঠাতে এই পৰিসংখ্যা আলোচনাৰ মাজলৈ টানি অনাৰ কাৰণ হৈছে জন ৰবাৰ্টছন।

Apply Now

চেম্পিয়নছ লীগৰ পূৰ্বৰ সংস্কৰণত ফৰেষ্টে দুবাৰকৈ ইউৰোপীয়ান কাপ জয় কৰিছিল, তাত ৰবাৰ্টছনৰ নামটোৱে প্ৰথম আহে। ১৯৭৯ চনৰ ফাইনেলত মালমোৰ বিৰুদ্ধে ফৰেষ্টে ১-০ গ’লত জয়লাভ কৰা খেলখনত ট্ৰেভৰ ফ্ৰান্সিছে বিজয়ী গ’লটো দিয়ে। আৰু ফ্ৰান্সিছৰ গ’লটোৰ উৎস আছিল ৰবাৰ্টছনৰ ক্ৰছ। পিছৰ বছৰত ফৰেষ্টে হামবাৰ্গৰ বিৰুদ্ধে ১-০ গ’লত ফাইনেলত জয়লাভ কৰে আৰু ৰবাৰ্টছনে একমাত্ৰ গ’লটো দিয়ে। ফৰেষ্টৰ তেতিয়াৰ প্ৰশিক্ষক ব্রায়ান ক্লাফে ‘আমাৰ খেলৰ পিকাচো’ বুলি অভিহিত কৰা স্কটিছ লেফ্ট উইংগাৰগৰাকী আৰু নাই৷

বৰ্তমান ইংলিচ প্ৰিমিয়াৰ লীগত খেলা ফৰেষ্টে বৃহস্পতিবাৰে ঘোষণা কৰে যে প্ৰাক্তন স্কটিছ উইংগাৰগৰাকীৰ ৭২ বছৰ বয়সত মৃত্যু হৈছে —যিগৰাকী এতিয়াও ‘দ্য টাইমছ’ৰ মতে ফৰেষ্টৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ।

ক্লাবৰ বিবৃতিটোত কোৱা হৈছে যে, ‘আমাৰ বন্ধু তথা নটিংহাম ফৰেষ্টৰ কিংবদন্তি জন ৰবাৰ্টছনৰ মৃত্যুৰ কথা ঘোষণা কৰি আমি গভীৰভাৱে দুখী। আমাৰ ক্লাবৰ এজন প্ৰকৃত মহান আৰু দুবাৰৰ ইউৰোপীয়ান কাপ বিজয়ী—জনৰ অতুলনীয় প্ৰতিভা, নম্ৰতা আৰু নটিংহাম ফৰেষ্টৰ প্ৰতি অটল সমৰ্পণ কেতিয়াও পাহৰিব নোৱাৰি।’

পাঁচ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত স্কটলেণ্ডৰ হৈ ২৮খন খেলত ৮টা গ’ল দিয়া ৰবাৰ্টছনে ১৯৮১ চনত ইংলেণ্ডৰ বিৰুদ্ধে বিজয়ী গ’লটো দিছিল। ১৯৮২ চনৰ বিশ্বকাপতো নিউজিলেণ্ডৰ বিৰুদ্ধে গ’ল দিছিল। তেওঁৰ ক্লাব কেৰিয়াৰৰ কথা তেওঁৰ জাতীয় দলতকৈ বেছি চৰ্চিত। ১৯৭০ চনত ১৭ বছৰ বয়সতে তেওঁ ফৰেষ্টত যোগদান কৰে। ১৯৭৫ চনত ক্লাফে ফৰেষ্টৰ মেনেজাৰ হিচাপে দায়িত্ব লোৱালৈকে তেওঁ মিডফিল্ডত বেছি খেলাৰ সময় নাপালে।

ক্লাফে বাওঁ উইংৰ পৰা পৰা ৰবাৰ্টছনক আৰম্ভণি কৰে। তাৰ পিছত তেওঁ নিজকে প্ৰমাণ কৰিলে। ১৯৭৭ চনত ফৰেষ্টে ইংলেণ্ডৰ শীৰ্ষস্থানলৈ উন্নীত হয় আৰু পিছৰ বছৰত লীগ খিতাপ দখল কৰে। ইয়াৰ পিছত তেওঁ একেৰাহে দুবছৰ ইউৰোপীয়ান কাপ জয় কৰে। ইংৰাজী ফুটবলৰ অন্যতম শ্ৰেষ্ঠ প্ৰশিক্ষক হিচাপে গণ্য কৰা ক্লাফে এবাৰ নিজৰ শিষ্যগৰাকীৰ বিষয়ে কৈছিল, ‘তেওঁ ফুটবলত দেখা শ্ৰেষ্ঠ ক্ৰছাৰৰ ভিতৰত অন্যতম। ব্ৰাজিলান বা ইটালীয়ানসকলৰ দৰে সুন্দৰ। তেওঁক এটা বল আৰু এটুকুৰা খেলপথাৰ দিলে যেন শিল্পী হৈ পৰে – আমাৰ খেলৰ পিকাচো।’

We are heartbroken to announce the passing of Nottingham Forest legend and dear friend, John Robertson.

A true great of our Club and a double European Cup winner, John’s unrivalled talent, humility and unwavering devotion to Nottingham Forest will never ever be forgotten.

Our… pic.twitter.com/oE2dyDmQyu

— Nottingham Forest (@NFFC) December 25, 2025

২০১৫ চনত নটিংহাম পোষ্টে এক সমীক্ষা চলাইছিল।ইয়াত ৰবাৰ্টছনক ফৰেষ্টৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ হিচাপে ভোট দিয়া হৈছিল। ৰবাৰ্টছনৰ ওপৰত ক্লাফৰ আস্থাৰ পৰিসৰ এটা পৰিসংখ্যাৰ পৰা বুজিব পাৰি। ১৯৭৬ চনৰ ডিচেম্বৰৰ পৰা ১৯৮০ চনৰ ডিচেম্বৰলৈকে ক্লাফৰ অধীনত ফৰেষ্টত ২৪৩খন খেল খেলিছিল ৰবাৰ্টছনে।

১৯৮৩ চনত ৰবাৰ্টছনক ডাৰ্বি কাউন্টিলৈ বিক্ৰী কৰা হয়, যাৰ ফলত ক্লাফ আৰু তেওঁৰ প্ৰাক্তন সহায়ক পিটাৰ টেইলৰৰ মাজত সম্পৰ্কত যতি পৰে। ডাৰ্বিত দুটা ছিজন থকাৰ পিছত ১৯৮৫–৮৬ চনৰ ছিজনত এটা ছিজনৰ বাবে ৰবাৰ্টছনে ফৰেষ্টলৈ উভতি আহে। ফৰেষ্টৰ হৈ ৪৯৯খন খেলত ৯৫টা গ’ল দিয়ে। ফৰেষ্টত দ্বিতীয়টো ম্যাদৰ শেষত ৰবাৰ্টছনে কিছুমান নন-লীগ দলৰ হৈও খেলিছিল। অৱসৰৰ পিছত তেওঁ স্কাউট আৰু সহকাৰী প্ৰশিক্ষক হিচাপেও কাম কৰিছিল। ৰবাৰ্টছন পিছৰ বছৰবোৰত পাৰ্কিনছন ৰোগত আক্ৰান্ত হৈছিল।

On behalf of the European football community, we are saddened by the passing of former Scotland and Nottingham Forest winger John Robertson.

Robertson scored the only goal in the 1980 European Cup final, having assisted the winner in the 1979 final.

Our thoughts are with his… pic.twitter.com/iFdE0wIrdy

— UEFA (@UEFA) December 25, 2025

তেওঁৰ মৃত্যুৰ পিছত ফৰেষ্টে ছ’চিয়েল মিডিয়াত তেওঁক শ্ৰদ্ধাঞ্জলি জনাই লিখিছে, “শান্তিৰে জিৰণি লওক ৰবো’…আমাৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠজন।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপৰ মাজতেই ইৰানলৈ আমেৰিকাৰ সকাহ! নিৰ্ণায়ক মেচৰ পূৰ্বে সলনি হ’ল কঠোৰ নিয়ম

বিশ্বকাপৰ মাজতেই ইৰানলৈ আমেৰিকাৰ সকাহ! নিৰ্ণায়ক মেচৰ পূৰ্বে সলনি হ’ল কঠোৰ নিয়ম

June 24, 2026 7:51 pm
আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!

আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!

June 24, 2026 7:21 pm
ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

June 24, 2026 7:03 pm
স্কটলেণ্ডৰ বিৰুদ্ধে মেচত আৰম্ভণিৰ পৰা নাথাকিব পাৰে নেইমাৰঃ ৰাফিনহাৰ স্থানত কাক খেলাব আঞ্চেলোত্তিয়ে

স্কটলেণ্ডৰ বিৰুদ্ধে মেচত আৰম্ভণিৰ পৰা নাথাকিব পাৰে নেইমাৰঃ ৰাফিনহাৰ স্থানত কাক খেলাব আঞ্চেলোত্তিয়ে

June 24, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপৰ মাজতেই ইৰানলৈ আমেৰিকাৰ সকাহ! নিৰ্ণায়ক মেচৰ পূৰ্বে সলনি হ’ল কঠোৰ নিয়ম

বিশ্বকাপৰ মাজতেই ইৰানলৈ আমেৰিকাৰ সকাহ! নিৰ্ণায়ক মেচৰ পূৰ্বে সলনি হ’ল কঠোৰ নিয়ম

June 24, 2026 7:51 pm
আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!

আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!

June 24, 2026 7:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd