• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ড্ৰাগছৰ ভয়ানক কবলত ভূস্বৰ্গ কাশ্মীৰ : পাকিস্তানৰ পৰা আহে ড্ৰাগছ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2023 4:07 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় সকলো সময়তে বিভিন্ন ধৰণৰ  উত্তেজনাই বিৰাজ কৰি থকা কাশ্মীৰত দেখা দিছে আন এক সমস্যাই। ভয়ানকভাবে ড্ৰাগছৰ কবলত পৰিছে অঞ্চলটোৰ যুৱপ্ৰজন্ম।

কাশ্মীৰৰ একমাত্ৰ চৰকাৰী ড্ৰাগছ পুনৰ্বাসন কেন্দ্ৰ ইনষ্টিটিউট অৱ মেন্টেল হেল্থ এণ্ড নিউৰ’ছায়েন্সেছ (IMHANS)ৰ পৰা চিকিৎসা ল’বলৈ অপেক্ষা কৰি ৰাতিপুৱাই ড্ৰাগছ আসক্ত লোকসকলে গোট খাবলৈ আৰম্ভ কৰে। ড্ৰাগছৰ আসক্তি হ্ৰাস কৰাৰ লগতে সংক্ৰামক ৰোগৰ সংক্ৰমণ ৰোধ কৰিবলৈ তেওঁলোকক সহায়ৰ প্ৰয়োজন।

Apply Now

দশক দশক ধৰি কাশ্মীৰত বিভিন্ন ধৰণৰ সংঘাত আৰু অশান্তিয়ে বিৰাজ কৰি আহিছে। ভাৰত-পাকিস্তানৰ সংঘাতৰ মাজত আবদ্ধ হৈ পৰা ইয়াৰ যুৱ সমাজখন প্ৰায় বিধ্বস্ত হৈ পৰিছে। ১৯৮৯ চনৰ পৰা ভাৰত চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি কাশ্মীৰৰ হাজাৰ হাজাৰ লোকৰ প্ৰাণ হেৰুৱাইছে। ২০১৯ চনত পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যখনক দুটা দুটা কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰে। কিন্তু, ইয়াৰ মাজতে আন এটা ভয়ংকৰ সমস্যাই দেখা দিছে অশান্ত অঞ্চলটোত। ড্ৰাগছৰ আসক্তিয় ধ্বংসৰ মুখলৈ ঠেলি দিছে অঞ্চলটোৰ হাজাৰ হাজা লোকক। 

লগতে পঢ়কঃ ধিক! উৰিষ্যাত মৃতদেহ বিচাৰি যোৱা আত্মীয়ক হাৰাশাস্তি কৰিছে চৰকাৰী কৰ্তৃপক্ষই

কাশ্মীৰত ড্ৰাগছৰ আসক্তি চিন্তাৰ বিষয় হৈ পৰিছে বুলি প্ৰশাসনৰ বিষয়াসকলে প্ৰকাশ কৰিছে। আঞ্চলিক সমীক্ষাত দেখা গৈছে যে হেৰ’ইনৰ দৰে ভয়ানক ড্ৰাগছ সেৱনৰ হাৰো বৃদ্ধি পাইছে অঞ্চলটোত। মাৰ্চ মাহত এগৰাকী মন্ত্ৰীয়ে সংসদত জনাইছিল যে জম্মু-কাশ্মীৰৰ প্ৰায় এক মিলিয়ন লোকে, অৰ্থাৎ অঞ্চলটোৰ জনসংখ্যাৰ প্ৰায় ৮ শতাংশই গাঞ্জা, অপিঅ’ইড বা শান্তকাৰী ঔষধকে ধৰি সকলো ধৰণৰ বিপজ্জনক ড্ৰাগছ ব্যৱহাৰ কৰে। চিকিৎসক সকলেও প্ৰশ কৰিছে যে কাশ্মীৰত নিচাসক্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে।

‘এটা দশকৰ আগলৈকে আমি আমাৰ চিকিৎসালয়ত প্ৰতিদিনে ১০-১৫টা ড্ৰাগছ আসক্ত ৰোগী দেখিবলৈ পাইছিলোঁ। কিন্তু এতিয়া আমি প্ৰতিদিনে প্ৰায় ১৫০ৰ পৰা ২০০ গৰাকী ড্ৰাগছ আসক্ত ৰোগী দেখিবলৈ পাওঁ। – ইমহান্সৰ এজন মনোৰোগ বিশেষজ্ঞ আৰু অধ্যাপকে এইদৰে কয়। 

বিশেষজ্ঞসকলে কয় যে কাশ্মীৰৰ যুৱ সমাজ ড্ৰাগছৰ প্ৰতি আসক্ত হোৱাৰ আঁৰত দুটা মূল কাৰণ আছে, এটা হ’ল চাকৰিৰ অভাৱ আৰু আনটো হ’ল যুদ্ধক্ষেত্ৰত বাস কৰাৰ ফলত হোৱা মানসিক স্বাস্থ্যৰ অৱনতি।

লগতে পঢ়কঃ দেশৰ প্ৰায় ২০০০ লোকক ঋণ দিয়াৰ নামত লুটা প্ৰৱঞ্চক চক্ৰ উৎখাত দিল্লী আৰক্ষীৰ; ৬জনক গ্ৰেপ্তাৰ

আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে বিপুল পৰিমাণৰ নিষিদ্ধ মাদকদ দ্ৰব্য  উদ্ধাৰ সম্পৰ্কত আলোকপাত কৰি কয় যে তেওঁলোকে এই ঔষধৰ আগমনৰ আঁৰত পাকিস্তানৰ সৈতে সম্পৰ্ক বিচাৰি পাইছে। তেওঁলোকে অভিযোগ কৰে যে পাকিস্তানে কাশ্মীৰত ড্ৰাগছ সৰবৰাহ কৰি উগ্ৰপন্থীৰ বাবে পুঁজি সংগ্ৰহৰ চেষ্টা চলাইছে। 

অৱশ্যে পাকিস্তান চৰকাৰে এই অভিযোগৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। অৱশ্যে একাংশ ড্ৰাগছ বেপাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে পঞ্জাৱ আৰু ৰাজধানী দিল্লীকে ধৰি ভাৰতৰ অন্যান্য ৰাজ্যৰ পৰাও সামগ্ৰী লাভ কৰে।

‘ড্ৰাগছ সেৱন অঞ্চলটোত নতুন সমস্যা নহয়। কিন্তু আগতে মানুহে ভাং বা আন ঔষধ ব্যৱহাৰ কৰিছিল। হেৰ’ইনৰ ইমান ব্যৱহাৰ নাছিল। এতিয়া হেৰ’ইনৰ ব্যৱহাৰ বৃদ্ধি পাইছে”, ডা. ইয়াছিৰ ৰাথেৰে কয়।

জম্মু-কাশ্মীৰ প্ৰশাসনে যোৱা বছৰ কৰা এক সমীক্ষা অনুসৰি কাশ্মীৰৰ বাৱন্ন হাজাৰতকৈ অধিক লোকে হেৰ’ইন ব্যৱহাৰ কৰা বুলি স্বীকাৰ কৰিছে।  সমীক্ষাটোৰ মতে এজন নিচাসক্তই ড্ৰাগছ সেৱন কৰিবৰ বাবে মাহে প্ৰায় ৮৮ হাজাৰ টকা খৰচ কৰে।

লগতে পঢ়কঃ মৰ্মান্তিক ঘটনা! বিয়াৰ পিছদিনাই হাৰ্ট এটেকত মৃত্যু পতি-পত্নীৰ

উল্লেখ্য যে কাশ্মীৰত মাত্ৰ দুটা চৰকাৰী ড্ৰাগছ মুক্তি কেন্দ্ৰ আছে আৰু দুয়োটা কেৱল শ্ৰীনগৰত অৱস্থিত। আনহাতে ব্যক্তিগতখণ্ডৰ নিচা মুক্তি কেন্দ্ৰসমূহত খৰচৰ পৰিমাণ বেছি হোৱাৰ বাবে নিচাসক্তই চিকিৎসা বাব সহায় লাভৰ পৰা বঞ্চিত হৈ ৰয়।

১৫ বছৰীয়া এজন কিশোৰে সংবাদ মাধ্যমৰ আগত কোৱা মতে তেওঁ বন্ধু-বান্ধৱীৰ সৈতে ড্ৰাগছ সেৱন কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ কয় যে এই অঞ্চলত ড্ৰাগছ সহজে উপলব্ধ। 

আৰক্ষীৰ তথ্য অনুসৰি ২০১৯ চনৰ পৰা ২০২২ চনৰ ভিতৰত ড্ৰাগছ বিৰোধী আইনৰ অধীনত কাশ্মীৰত ৫ হাজাৰৰো অধিক গোচৰ ৰুজু হৈছে। আৰক্ষীৰ মতে, ড্ৰাগছ সেৱনৰ সৈতে মোকাবিলা কৰাটো কেৱল আৰক্ষীৰ কাম নহয়। সমাজেও আগবাঢ়ি আহিব লাগে।

উল্লেখ্য যে এই ড্ৰাগছ আসক্তিৰ বাবে আন এক সামাজিক সমস্যাই কাশ্মীৰত গা কৰি উঠিছে।  সেয়া হ’ল চুৰি আৰু ডকাইতিৰ দৰে ঘটনা। ড্ৰাগছ আসক্তিৰ বাবে প্ৰয়োজনীয় বিপুল পৰিমাণৰ ধন উপাৰ্জন কৰাৰ ক্ষমতা সাধাৰণ মানুহৰ নাই। ফলত মানুহে চুৰি কৰি বা আন অপৰাধত লিপ্ত হৈ ড্ৰাগছ সেৱনৰ বাবে ধন সংগ্ৰহ কৰিব বিচাৰে।

লগতে পঢ়কঃ চিনেমাকো চেৰ পেলাব জাদেজা-ৰিভাবাৰ প্ৰেম কাহিনীয়ে! কেনেকৈ প্ৰেমত পৰিল লাজকুৰীয়া ৰবীন্দ্ৰ?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd