• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীয়ে এনআৰচিৰ জৰিয়তে বিদেশীখিনিক অন্তৰ্ভুক্ত কৰি বিদেশীমুক্ত অসম গঢ় দিব বিচাৰিছে : উপমন্যু হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 11, 2018 7:49 am
উপমন্যু হাজৰিকা
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মুখ্য মন্ত্ৰীয়ে এনআৰচিৰ জৰিয়তে বিদেশীখিনিক অন্তৰ্ভুক্ত কৰি বিদেশীমুক্ত অসম গঢ় দিব বিচাৰিছে,‘-শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই বিতৰ্কিত মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই।

এনআৰচিৰ চুড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছৰে পৰা ৪০ লাখ বিদেশীৰ নাম অন্তৰ্ভুক্ত কৰা কথাটোক লৈ উপমন্যু হাজৰিকা মুঠেও সুখী নহয় বুলি নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত উল্লেখ কৰে।

Apply Now

উল্লেখ্য যে, উপমন্যু হাজৰিকাই সাংবাদিকৰ আগত জানিবলৈ দিয়া অনুসৰি এন আৰচি ৱেবছাইটত খচৰা অন্তৰ্ভুক্ত হোৱা লোকৰ বিৰুদ্ধে এখন আপত্তি  প্ৰপত্ৰ আছে য’ত আপত্তি কৰাজনক সকীয়নি দিয়া হৈছে যে ভূল তথ্য দি আপত্তি কৰিলে নাগৰিক আইনৰ  অধীনত দণ্ডণীয় হ’ব  যত নেকি সৰ্বাধিক  ৫ বছৰ কাৰাদণ্ড আৰু ৫০,০০০ টকা জৰিমনা বিহা হ’ব।

এইক্ষেত্ৰত এনে এটা সকীয়নিৰ আইনগতভাৱে বৈধতাৰ ওপৰত এটা প্ৰশ্নচিহ্ন আছে বুলিও তেওঁ সাংবাদিকক কয় ।

আনহাতে, তৰুণ গগৈয়ে ২০১৪ চনৰ ভোটাৰ তালিকাত থকা সকলোৰে নাম অন্তৰ্ভুক্ত কৰিবলৈ বিচৰা কথাটোৰ ঘোৰ বিৰোধিতা কৰি তেওঁ কয়, ‘তিতাবৰ সমষ্টিৰ মানুহে তেওঁক বিদেশীৰ নাম ভৰাবলৈ নিৰ্বাচিত কৰি পঠাইছিল নেকি?’

তেওঁ লগতে কয়, ‘খিলঞ্জীয়া নেতাসকলে খিলঞ্জীয়া বিৰোধী স্থিতি লোৱাটো পৰিলক্ষিত হৈছে। এইটো এনেকুৱা হৈছে যে লাচিত বৰফুকনে মোগলৰ লগত সন্ধি কৰাৰ দৰে পৰিস্থিতি হৈছে।‘

তদুপৰি বাংলাদেশৰ সীমান্তৱৰ্তী জিলাসমূহত এনআৰচিৰ চুড়ান্ত খচৰাৰ পৰা মানুহৰ নাম বাদ পৰাটো এক সন্দেহজনক বিষয় বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘যিবিলাক অঞ্চলত অবৈধ অনুপ্ৰৱেশকাৰী থকা বুলি সন্দেহ কৰা হৈছে সেই অঞ্চলসমূহতে ৯৩-৯৪ শতাংশলৈকে মানুহৰ নাম সোমাইছে। এইক্ষেত্ৰত চৰকাৰে এটা উচিত তদন্ত কৰা উচিত।‘

তদুপৰি তেওঁ কয়, ‘প্ৰথমতে নাগৰিকত্ব আইনত উল্লেখ কৰা আছে বিভিন্ন প্ৰক্ৰিয়াৰ যোগেৰে নাগৰিকত্ব লাভ কৰা হ’ব যেনে জন্মভিত্তিত,পঞ্জীয়নৰ  দ্বাৰা ইত্যাদি। সেই ক্ষেত্ৰত যি ব্যক্তিয়ে নাগৰিকত্বৰ কাৰণে আবেদন কৰিছে তেওঁ যদি কিবা ভুল তথ্য দিয়ে তেতিয়া  সেইটো দণ্ডণীয় হ’ব কিন্তু  আচলতে  দণ্ডণীয় হ’ব তেতিয়া, যেতিয়া তেওঁ জানি বুজি তথ্যটো ভুল দিয়ে বা তেওঁ জ্ঞাত যে সেই তথ্য সম্পুৰ্ণ মিছা। উল্লেখযোগ্য যে নাগৰিক আইনত  আপত্তি  জনোৱা লৈ কোনো দফা নাই ।‘

‘নাগৰিকপঞ্জী উন্নীতকৰণ নাগৰিক আইনৰ অধীনত প্ৰণয়ন কৰা অধিনিয়মৰ দ্বাৰা গঠিত কৰা হৈছিল ২০০৩ চনত য’ত ৯ নং দফাত স্বত্ব আৰু আপত্তিৰ বিষয়ে উল্লেখ কৰা আছে। উল্লেখযোগ্য যে সেই অধিনিয়মখনত এন আৰ চি প্ৰসংগত সকলো প্ৰক্ৰিয়া ব্যাখ্যা কৰা হৈছে আৰু  দফা ৫,৭,৮ আৰু ১০ৰ  ক্ষেত্ৰত  যদি  তথ্য নিদিয়েতেতিয়াহ’লে সৰ্বাধিক জৰিমনা ১০০০ টকা বান্ধি দিয়া হৈছে।তাত কিন্তু ৯ নং দফা য’ত আপত্তিৰ বিষয়ে উল্লেখ কৰা আছে তাত কোনো জৰিমনা বান্ধি দিয়া নাই আৰু সেইটো স্বাভাবিক, কিয়নো তথ্য সমূহ  এন আৰ চি  বিষয়া আৰু এন আৰ চি কাৰ্যালয়ত থাকে। কোনোবাই যদি  কিবা  আপত্তি কৰে তেওঁলোকে এইটো নাকচ কৰিব পৰে। কিন্তু আপত্তিৰ ক্ষেত্ৰত এনে এটা সকীয়নি দিয়াটো আৰু বৈধতাৰ ওপৰত এটা ডাঙৰ  প্ৰশ্ন  আছে,‘- এইদৰে কয় উপমন্যু হাজৰিকাই।

আনহাতে, এন আৰ চিৰ বিষয়ববীয়া সকলে এই ক্ষেত্ৰত আইনবিদৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িব লাগে বুলিও তেওঁ সদৰী কৰে।

তেওঁ কয়, ৰাইজৰ মাজত এনেকুৱা শংকা সৃষ্টি কৰাৰ  কোনো প্ৰয়োজন নাই আৰু এইক্ষেত্ৰত এজন জাতীয় নায়ক বা জাতীয় নেতাৰ নেতৃত্বৰ চৰকাৰে  যে এনে এটা পৰিস্থিতি সৃষ্টি কৰিছে য’ত খচৰাৰ পৰা বাদ পৰা সকলে নিজৰ স্বত্ব দাবী কৰিব পাৰিব, কিন্তু আপত্তি কৰা সকলৰ মুখ আৰু হাত বন্ধি থ’ব।তেওঁলোকৰ কাৰনে বিদেশীমুক্ত অসম মানেবিদেশীক এন আৰ চিৰ যোগেদি স্বদেশী কৰাটোহে নেকি ?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd