• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি : দাবী-আপত্তিৰ সময়সীমা পুনৰ বৃদ্ধি সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2018 10:39 am
NRC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিৰ খচৰাত বাদ পৰাসকলে দাবী-আপত্তি দাখিল কৰা সময়সীমা অহা ১৫ ডিচেম্বৰত অন্ত পৰাৰ কথা আছে যদিও আজি শীৰ্ষ আদালতখনে এই সীমা বৃদ্ধিৰ বাবে বিভিন্ন পক্ষই জনোৱা আৱেদনৰ শুনানি গ্ৰহণ কৰিব।

অসম চৰকাৰ, আমছুকে ধৰি কেইবাটাও পক্ষই এই সময়সীমা বৃদ্ধিৰ বাবে আদালতক আৱেদন জনাইছে।

Apply Now

উল্লেখযোগ্য যে এন আৰ চিৰ খচৰাৰ পৰা ৪০ লাখতকৈয়ো অধিক লোকৰ নাম বাদ পৰি ৰৈছে। এইসকল লোকক তেওঁলোকৰ নাম অন্তৰ্ভুক্তিৰ বাবে দাবী কৰি যাৱতীয় নথি আৰু তথ্যৰ সৈতে আৱেদন দাখিল কৰিবলৈ নিৰ্দিষ্ট সময় ধৰি দিয়া হৈছিল। এই সময়সীমা উচ্চতম ন্যায়ালয়ৰ সংশ্লিষ্ট বিচাৰপীঠে পূৰ্বে দুবাৰকৈ বৃদ্ধি কৰিছে।

যোৱা ২৫ ছেপ্তেম্বৰৰ পৰা এই দাবী-আপত্তি গ্ৰহণ প্ৰক্ৰিয়া চলি আছে যদিও বাদ পৰা লোকৰ অনুপাতে নাম অন্তৰ্ভুক্তিৰ দাবী কৰা লোকৰ সংখ্যা তেনেই কম। ইয়ালৈ লক্ষ্য ৰাখি আৰু পঞ্চায়ত নিৰ্বাচন, ধান চপোৱাৰ সময় আদিৰ পৰিপ্ৰেক্ষিতত আদালতক সময়সীমা পুনৰ বৃদ্ধি কৰিবলৈ বিভিন্ন পক্ষই আৱেদন জনাব।

মন কৰিব লগীয়া যে যোৱা ১০ ডিচেম্বৰত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়ায়ো এই সময়সীমা বৃদ্ধি কৰিব লাগে বুলি চৰকাৰক আহ্বান জনাইছিল। তেওঁৰ মতে বহুতো খিলঞ্জীয়া লোকেও খচৰাত তেওঁলোকৰ নাম অন্তৰ্ভুক্তিৰ বাবে আৱেদন জানবলৈ বাকী থাকিব পাৰে।

আজি এই গুৰুত্বপূৰ্ণ বিষয়টো সন্দৰ্ভত শুনানি লৈ দাবী-আপত্তিৰ সময়সীমা বৃদ্ধি কৰা হ’ব নে নাই সেই সন্দৰ্ভত সিদ্ধান্ত দিব উচ্চতম ন্যায়ালয়ৰ সংশ্লিষ্ট বিচাৰপীঠখনে।

জানিব পৰামতে, যোৱা ৮ ডিচেম্বৰত অসম চৰকাৰে এখন শপতনামা যোগে এই প্ৰক্ৰিয়াৰ ম্যাদ বৃদ্ধি কৰাৰ বাবে আৱেদন জনাইছিল। আৱেদন জনাইছিল আমছুকে ধৰি আন কেইটামান সংগঠনেও।

ইয়াৰ উপৰি ১০ ডিচেম্বৰত ৰাজ্য চৰকাৰৰ হৈ কেন্দ্ৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু ৰাজ্যৰ প্ৰতিনিধি হিচাপে অধিবক্তা শুভদীপ ৰায়ে মুখ্য ন্যায়ধীশ আৰু ন্যায়াধীশ সঞ্জয় কিশন কৌলেৰে গঠিত এখন বিচাৰপীঠত বিষয়টো উত্থাপন কৰিছিল। ইয়াৰ পিছতে উক্ত বিচাৰপীঠে সমগ্ৰ বিষয়টোত আজি শুনানি গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে।

অৱশ্যে দাবী-আপত্তিৰ সময়সীমা বৃদ্ধিৰ বাবে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ৰোহিণ্টন ফলি নাৰিমনেৰে গঠিত খণ্ড বিচাৰপীঠেই শুনানি গ্ৰহণ কৰিব আৰু সিদ্ধান্ত দিব বুলি জানিব পৰা গৈছে। দিনৰ দুই বজাৰ পৰা এই শুনানি হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd