অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ দলিল হিচাপে অভিহিত এন আৰ চি প্ৰস্তুতৰ কামত এজন বাংলাদেশী লোক নিয়োজিত হোৱা ঘটনা পোহৰলৈ অহাৰ পিছত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত কলমৌবাৰী গাঁও পঞ্চায়তৰ এন আৰ চি কেন্দ্ৰত এই ঘটনা পোহৰলৈ আহিছে।
এন আৰ চিৰ ভেৰিফিকেশ্যন টীমৰ সদস্য হিচাপে বৰ্তমানলৈকে কৰ্মৰত হৈ আছে খাইৰুল ইছলাম নামৰ এজন শিক্ষক। মৰিগাঁও জিলাৰ ঠেং শালিবৰি খন্দাপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক খাইৰুল ইছলাম বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা এজন লোক।
খাইৰুল ইছলামৰ মাতৃ মনোৱাৰা বেগমসহ তিনিজন পুত্ৰ তথা এগৰাকী কন্যাক মৰিগাঁও ৩নং বিদেশী ন্যায়াধিকৰণে বিদেশী হিচাপে ঘোষণা কৰিছিল। ২০১৫ চনৰ ২০ ফেব্ৰুৱাৰিত মৰিগাঁও ৩নং বিদেশী ন্যায়াধিকৰণে প্ৰদান কৰা ৪০/১৫ নং বিদেশী গোচৰৰ গুৰুত্বপূৰ্ণ ৰায়দানত মনোৱাৰা বেগম আৰু তেওঁৰ তিনিজন পুত্ৰ ক্ৰমে খাইৰুল ইছলাম, আছাজুল ইছলাম, চিৰাজুল ইছলাম আৰু তেওঁলোকৰ একমাত্ৰ কন্যা ফৰিদা বেগমক বিদেশী আইন ১৯৪৬ৰ ২ (এ)ৰ অধীনত বিদেশী হিচাপে ঘোষণা কৰিছিল।
পৰৱৰ্তী সময়ত খাইৰুল ইছলাম আৰু তেওঁৰ পৰিয়ালে গুৱাহাটী উচ্চ ন্যায়ালয়ত বিদেশী ন্যায়াধিকৰণে দিয়া ৰায়ৰ বিৰুদ্ধে আৱেদন কৰে। সম্প্ৰতি তেওঁলোকে জামিন লাভ কৰি আছে।
আনহাতে, বৰ্তমানেও শিক্ষক হিচেপ কৰ্মৰত খাইৰুল ইছলাম কেনেকৈ এন আৰ চিৰ কৰ্মী হিচাপে নিয়োজিত হ’বলৈ পালে তাকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।