• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘নাগা স্বাধীনতা দিৱস’: কেম্প হেব্ৰনত উলহ-মালহেৰে উদযাপন এন এচ চি এন (আই এম)ৰ

NE NOW NEWS এন ই নাও নিউজ
ডিমাপুৰ , August 14, 2018 11:17 pm

1 min read

Naga-Independence day
83
VIEWS
Share on FacebookShare on Twitter

এন এচ চি এন (আই এম)ৰ মুখ্য কাৰ্য্যালয় কেম্প হেব্ৰনত ব্যাপক কাৰ্য্যসূচীৰে মঙলবাৰে ৭২ সংখ্যক নাগা স্বাধীনতা দিৱস উদযাপন কৰে বিদ্ৰোহী সংগঠনটোৱে।

নাগা জনসাধাৰণক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি নাগাসকল বৰ্তমান বাহিৰা শক্তিৰ পৰা সুৰক্ষিত বুলি মন্তব্য কৰে সংগঠনটোৰ উপাধ্যক্ষ খ’লি কন্যাকে। ‘ভাৰত চৰকাৰে আমাৰ ইতিহাস আৰু ৰাজনৈতিক অধিকাৰক স্বীকাৰ কৰিছে আৰু স্বীকৃতি দিছে,’ কন্যাকৰ মন্তব্য।

কন্যাকৰ লিখিত বাৰ্তা অনুষ্ঠানটোত পাঠ কৰে গৃ্হ মন্ত্ৰী (kilo kilonser) হুকাভি য়েপথমিয়ে।

NSCN-IM naga independence day
নাগা স্বাধীনতা দিৱসৰ পেৰে’ড

ভাৰত চৰকাৰৰ সৈতে এতিয়া পাতিব লগা বিশেষ কথা নাই বুলিও কন্যাকৰ ভাষণত কোৱা হৈছে। ‘ভাৰত চৰকাৰৰ সৈতে ইমান বছৰে আমি কৰিব লগাখিনি কৰিলো, এতিয়া আৰু বিশেষ কৰিব লগা নাই। ঈশ্বৰ যেতিয়া আমাক লৈ সন্তুষ্ট হ’ব তেতিয়াই চূড়ান্ত সমাধান আহিব,’ উপাধ্যক্ষজনৰ ঘোষণা।

জাতি হিচাপে নাগাসকল বাচি থাকিবৰ বাবে নাগাসকলে নিজৰ মাজত থকা ভেদভাব পৰিহাৰ কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে।

চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে নাগা সংগঠনটোৱে শত্ৰুতা ৰাখিব নোখোজে বুলিও তেওঁ মন্তব্য কৰে। কন্যাকে কয় যে চুবুৰীয়াসকলৰ ‘ইতিহাস আৰু অধিকাৰক’ এন এচ চি এনে সন্মান কৰে।

নাগাসকলে ভাৰততকৈ এদিন পূৰ্বেই ১৯৪৭ চনৰ ১৪ আগষ্টত বৃটিশ্বৰ বিৰুদ্ধে স্বাধীনতা ঘোষণা কৰিছিল।

Recent News

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্যৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গুৰুতৰ অভিযোগ, আছু গোটৰ তীব্ৰ প্ৰতিবাদ

ajit

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

কাৰ্বিআংলঙত দুষ্কৃতিকাৰীৰ গুলিচালনাত দুগৰাকী ব্যক্তিৰ মৃত্যু, তদন্তৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

CBSC-Exam-750x375

২ ফেব্ৰুৱাৰিত প্ৰকাশ পাব চিবিএছচিৰ দশম-দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ সূচী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd