• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NEET-UG প্ৰশ্নকাকত ফাদিল! সংসদীয় কমিটীৰ জেৰাৰ সন্মুখীন এন টি এৰ মুৰব্বী; ৫ ঘণ্টা ধৰি চলিল বৈঠক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 8:36 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

NEET-UG পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ যেতিয়া সমগ্ৰ দেশতে ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে, সেই সময়তে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ (এন টি এ) সঞ্চালক প্ৰধান অভিষেক সিং সংসদীয় সমিতিৰ সন্মুখত উপস্থিত হয়। বৃহস্পতিবাৰে এই বৈঠকত শিক্ষা সচিব বিনীত যোশীও উপস্থিত আছিল। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই বৈঠক প্ৰায় ৫ ঘণ্টা ধৰি চলিছিল।

সূত্ৰ অনুসৰি কমিটীৰ সদস্যসকলে এনটিএৰ মুৰব্বীক প্ৰশ্নকাকত ফাদিল হোৱাৰ লগতে পৰীক্ষা প্ৰক্ৰিয়া শক্তিশালী কৰাৰ উপায় সন্দৰ্ভত জেৰা কৰে। অহা বছৰৰ পৰা NEET-UG পৰীক্ষা কম্পিউটাৰ ভিত্তিক হ’ব। সেয়েহে কমিটীৰ সদস্যসকলে কম্পিউটাৰ ভিত্তিক পৰীক্ষাৰ আন্তঃগাঁথনি, কিমানবাৰ পৰীক্ষা অনুষ্ঠিত হ’ব, পৰীক্ষাৰ সময়সীমা আৰু অন্যান্য সবিশেষ জানিব বিচাৰে।

Apply Now

বৈঠকৰ অন্তত শিক্ষা, মহিলা, শিশু, যুৱ আৰু ক্ৰীড়া বিষয়ক সংসদীয় স্থায়ী সমিতিৰ অধ্যক্ষ দিগ্বিজয় সিঙে সংবাদ সংস্থাক জনোৱা মতে, বৈঠকখন অতি ভালকৈ চলে আৰু সকলো সদস্যৰ মতামত গ্ৰহণ কৰা হ’ল। তেওঁ কয় যে এন টি এৰ পৰীক্ষা সম্পৰ্কীয় বিষয়সমূহ লৈ সকলো সদস্যই “অতি চিন্তিত”। অৱশ্যে এই সময়ত তেওঁ বৈঠকৰ সবিশেষ দিব নোৱাৰে। পৰৱৰ্তী বৈঠক কেতিয়া হ’ব বুলি সোধাত তেওঁ মাত্ৰ ক’লে, “চোৱা যাওক”।

সূত্ৰ অনুসৰি এন টি এৰ সঞ্চালক প্ৰধানে তদন্তৰ বৰ্তমানৰ অৱস্থা আৰু ভৱিষ্যতৰ নিৰাপত্তা ব্যৱস্থাৰ বিষয়ে কমিটীক অৱগত কৰে। জানিব পৰা মতে, ২০২৬ চনৰ NEET-UG প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত কমিটীৰ সদস্যসকলে তীব্ৰ প্ৰশ্ন উত্থাপন কৰাৰ লগতে এনটিএ পৰীক্ষা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে স্পষ্ট ধাৰণা বিচাৰিছিল।

এন টি এয়ে বিভিন্ন স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে কেন্দ্ৰীয়ভাৱে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে। অহা বছৰৰ পৰা NEET-UG পৰীক্ষা কলম কাগজ পদ্ধতিৰ পৰিৱৰ্তে কম্পিউটাৰ ভিত্তিক (CBT) হ’বলৈ গৈ আছে। সেয়ে সংসদীয় পেনেলৰ সদস্যসকলে এই পৰিৱৰ্তনৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি, পৰীক্ষাৰ সংখ্যা, সময়সীমা আদি বিষয়ৰ সন্দৰ্ভত সোধা-পোছা কৰে।

এন টি এ সংস্কাৰ সন্দৰ্ভত কে ৰাধাকৃষ্ণন সমিতিৰ প্ৰতিবেদন ৰূপায়ণৰ ক্ষেত্ৰতো সমিতিখনে পৰ্যালোচনা কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰশ্নকাকত ফাদিলৰ বাবে কোন দায়ী, ক’ত গাফিলতি হৈছে সেই সন্দৰ্ভত সদস্যসকলে প্ৰশ্ন উত্থাপন কৰে। ইয়াৰ উত্তৰত বিষয়াসকলে কয় যে চিবিআইৰ তদন্ত চলি আছে আৰু ইয়াৰ জৰিয়তে ব্যৱস্থাটোত যিকোনো সুৰুঙা বিচাৰি উলিওৱা সম্ভৱ হ’ব। লগতে ব্যৱস্থাটোক সম্পূৰ্ণৰূপে সুৰক্ষিত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে বুলিও কয়।

পৰীক্ষা সংস্কাৰৰ উপৰিও শিক্ষা খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ আৰু প্ৰযুক্তিগত উন্নতিৰ যুগত ছাত্ৰ-ছাত্ৰীৰ কৰ্মসংস্থাপন বৃদ্ধিৰ কৌশলৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়।

একেটা অধিৱেশনতে কমিটীয়ে দুটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন গ্ৰহণ কৰে। এটা হৈছে ২০২৫-২৬ বৰ্ষৰ বাবে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ অনুদানৰ ৩৭৯ সংখ্যক প্ৰতিবেদন আৰু আনটো হৈছে ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি)ৰ আওতাত ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদৰ কাৰ্য্যকলাপৰ ৩৮০ সংখ্যক প্ৰতিবেদন।

ইয়াৰ উপৰিও আলিগড় মুছলিম বিশ্ববিদ্যালয় (এএমইউ) আৰু সংখ্যালঘু শিক্ষানুষ্ঠানৰ ৰাষ্ট্ৰীয় আয়োগ (এনচিএমইআই)ৰ প্ৰধান কৃতিত্ব আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়েও পেনেলত আলোচনা কৰা হয়। সূত্ৰ অনুসৰি আৰ্থিক বাধা, সংৰক্ষণ কাৰ্যকৰী, প্ৰশাসনিক খালী পদ পূৰণ আৰু এন ই পি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আদি গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনাত উত্থাপন হয়।

প্ৰসংগক্ৰমে প্ৰশ্নকাকত ফাদিলৰ অভিযোগ উত্থাপিত হোৱাৰ পিছতে ১২ মে’ত NEET UG 2026 পৰীক্ষা বাতিল কৰাৰ ফলত ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰে। যোৱা ৩ মে’ত সমগ্ৰ ভাৰতৰ ৫৫১খন চহৰ আৰু বিদেশৰ ১৪খন চহৰত অনুষ্ঠিত হোৱা এই পৰীক্ষাত ২২ লাখৰো অধিক পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল।

২১ জুনত অনুষ্ঠিত হ’বলগীয়া পুনৰ পৰীক্ষাৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে নিৰাপত্তা বৃদ্ধিৰ নিৰ্দেশ দিছে।এই ধৰণৰ অনিয়ম ৰোধৰ বাবে অহা বছৰৰ পৰা কম্পিউটাৰ ভিত্তিক (চিবিটি) মোডত NEET-UG অনুষ্ঠিত কৰা হ’ব বুলিও বিষয়াসকলে জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

June 15, 2026 4:03 pm
স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd