“হিন্দুত্বৰ কথা কোৱা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দিনত অসমৰ ২০ সহস্ৰাধিক হিন্দু শিক্ষকে জীয়াতু ভুগি আছে ৷” এই মন্তব্য অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ নামনি অসমৰ নেতা প্ৰদীপ দাসৰ ৷
দেওবাৰে বৰপেটাত শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ নামনি অসম ভিত্তিত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সভাত অংশ গ্ৰহণ কৰি সাংবাদিকৰ আগত এই মন্তব্য আগবঢ়ায় ঐক্যমঞ্চৰ নেতা গৰাকীয়ে ৷
ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ সন্দৰ্ভত তেওঁ পুনৰ কয় যে, বিগত বিধানসভা নিৰ্বাচনৰ সময়ত বৰ্তমান চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷
বিজেপিৰ চৰকাৰ হ’লে প্ৰথম ৪৫ দিনৰ ভিতৰত ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও হিমন্ত বিশ্ব শৰ্মাৰ ৪৫ দিনটো আজিও নাহিল বুলি দাসে মন্তব্য কৰে ৷
অইন দেশৰ নাগৰিকক সুৰক্ষা দিয়াৰ বাবে উঠি পৰি লগা চৰকাৰখনে প্ৰকৃত ভাৰতীয় নাগৰিক তথা বিনা বেতনে মানৱ সম্পদ গঢ় দি অহা শিক্ষক কৰ্মচাৰীসকলক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বুলি ঐক্যমঞ্চৰ নেতা গৰাকীয়ে অভিযোগ কৰে ৷
যিখন ৰাজ্যত ২০ সহস্ৰাধিক হিন্দু শিক্ষক কৰ্মচাৰীয়ে জীয়াতু ভূগি থকা সত্বেও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে সেইখন চৰকাৰে হিন্দু লোকক কিদৰে সুৰক্ষা প্ৰদান কৰিব বুলি ঐক্যমঞ্চৰ নেতা গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে ৷
সাংবাদিকৰ আগত তেওঁ উল্লেখ কৰে যে, শিক্ষকৰ কোনো ধৰ্ম নাই ৷ চৰকাৰখনে হিন্দুত্বৰ কথাৰে বেছিভাগ সময় অতিবাহিত কৰা বাবেহে ঐক্যমঞ্চই হিন্দু শিক্ষকৰ কথা উত্থাপন কৰিবলৈ বাধ্য হোৱা বুলি তেওঁ কয় ৷
বৰপেটা চহৰস্থিত দিব্যাংগ সন্থাৰ কাৰ্যালয় প্ৰাংগনত অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ নামনি অসম ভিত্তিত অনুষ্ঠিত সভাখনত অহা ৩ ডিচেম্বৰত ঐক্যমঞ্চই দিছপুৰত ৰূপায়ণ কৰিব লগা আন্দোলনৰ ওপৰতো আলোচনা কৰে ৷
ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ চূড়ান্ত মিথ্যাচাৰৰ প্ৰতিবাদত অহা ৩ ডিচেম্বৰত ভেন্সাৰ শিক্ষক কৰ্মচাৰীয়ে দিছপুৰ কঁপাব বুলিও চৰকাৰক সকীয়াই দিয়ে ঐক্যমঞ্চৰ নামনি অসমৰ নেতা গৰাকীয়ে ৷
সভাখনত ঐক্যমঞ্চৰ বৰপেটা জিলা সমিতিৰ সভাপতি মণ্ডলীৰ সদস্য আব্দুল হামিদ শিকদাৰৰ লগতে কেইবা গৰাকী নেতাই উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷