শিৱসাগৰ জিলাৰ ক্ৰীড়া বিষয়া কাৰ্যালয়ে ভাৰত চৰকাৰৰ ‘খেলো ইণ্ডিয়া’ আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ৰ ১৫ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে। এই আঁচনিৰ অধীনত ১৯ বছৰ অনূৰ্ধ্বৰ খেলুৱৈ সকলক প্রশিক্ষণ প্ৰদান কৰা হ’ব।
গতিকে এই উদ্দেশ্যে ২ ফেব্ৰুৱাৰিৰ পৰা পানীবিল দৰিকা নগৰ খেলপথাৰত ফুটবল, ৩ ফেব্ৰুৱাৰিৰ পৰা দিখৌমুখ জনজাতি হাইস্কুল খেলপথাৰত আৰু দিখৌমুখ মহাবিদ্যালয়ত ফুটবল, ভলীবল আৰু এথলেটিকছ, ৪ ফেব্ৰুৱাৰিৰ পৰা জৱাহৰ নৱোদয় বিদ্যালয় নাজিৰাৰ খেল পথাৰত ভলীবল, ৫ ফেব্ৰুৱাৰিৰ পৰা নিতাই পুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ফুটবল, এথলেটিকচ আৰু ভলীবলৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
একেদৰে ৬ ফেব্ৰুৱাৰিৰ পৰা আমগুৰিৰ মিনি ষ্টেডিয়ামত ফুটবল আৰু এথলেটিকছ, ৭ ফেব্ৰুৱাৰিৰ পৰা শিৱসাগৰ মহাবিদ্যালয়ৰ খেলপথাৰত ভলীবল, ৮ ফেব্ৰুৱাৰিৰ পৰা শিৱসাগৰ পিয়লিফুকন ষ্টেডিয়ামত ফুটবল,এথলেটিকছ, ৯ ফেব্ৰুৱাৰিৰ পৰা গেলেকীৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত ফুটবল আৰু এথলেটিকছৰ প্ৰশিক্ষণ সমূহ অনুষ্ঠিত কৰা হ’ব।
সেয়েহে ইচ্ছুক খেলুৱৈ আৰু যুৱ সংঘ, ক্ৰীড়া সংস্থা সমূহক পানীবিলৰ প্ৰশিক্ষণৰ বাবে ৯৭০৬২৩৮০৬৮, দিখৌমুখৰ প্ৰশিক্ষণৰ বাবে ৯৯৫৭৮৫২০০৩, নাজিৰাৰ প্ৰশিক্ষণৰ বাবে ৭০০২৮৩০৬২৯, নিতাই পুখুৰীৰ প্ৰশিক্ষণৰ বাবে ৭০০২১২৮৭৩১, আমগুৰি মিনি ষ্টেডিয়ামৰ প্ৰশিক্ষণৰ বাবে : ৯৯৫৭৮৫২০০৩, ৭০০২১৬৪০১১, শিৱসাগৰ মহাবিদ্যালয় (জয়সাগৰ)ৰ বাবে ৮০১১৫০৮৭৭৯, শিৱসাগৰ পিয়লিফুকন ষ্টেডিয়ামৰ বাবে ৮৬৩৮৫৪৩৯৮১, ৯৪৩৫০৫৫৩১৩, গেলেকীৰ প্ৰশিক্ষণৰ বাবে ৯৩৬৫৮৬৮৭৮২ নম্বৰত যোগাযোগ কৰিবলৈ জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়ে জনাইছে।