• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাৰ্মানীৰ শ্ৰেষ্ঠ গ’লকীপাৰ অলিভাৰ কানে গুৱাহাটীত স্থাপন কৰিব গ’লকীপিঙৰ প্ৰশিক্ষণ একাডেমি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 24, 2019 8:23 am
Oliver Kahn

গুৱাহাটীত মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত কানৰ বিষয়ববীয়া

739
VIEWS
Share on FacebookShare on Twitter

ফুটবলৰ গ’লকীপাৰৰ পাৰদৰ্শিতা বৃদ্ধিৰ অগ্ৰণী প্ৰশিক্ষণ একাডেমি গ’লপ্লেৰ চিফ অপাৰেটিং অফিচাৰ মৰিটজ মেটছে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথি শালাত সাক্ষাৎ কৰি এই প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ এটা কেন্দ্ৰ গুৱাহাটীত স্থাপনৰ দিশত ইচ্ছা ব্যক্ত কৰে।

উল্লেখ্য যে প্ৰতিষ্ঠানটোৰ সৈতে স্থাপন হোৱা কালৰে পৰা জড়িত তথা প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্য্যবাহী বিষয়া অলিভাৰ কানে ২০০২ বৰ্ষত অনুষ্ঠিত হোৱা বিশ্বকাপ ফুটবলত সোণালী গ্ল’ভছ লাভ কৰিবলৈ সক্ষম হৈছিল।

এই প্ৰতিষ্ঠানটোৱে ইয়াৰ পৰিসৰ বৃদ্ধিৰ বাবে ভাৰতবৰ্ষৰ পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ প্ৰান্তত গ’লকীপাৰৰ পাৰদৰ্শিতা বৃদ্ধিৰ চাৰিটা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিব। পূব প্ৰান্তৰ বাবে গুৱাহাটীত এই কেন্দ্ৰ স্থাপনৰ বাবে প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৱে ইচ্ছা প্ৰকাশ কৰিছে।

মুখ্য মন্ত্ৰীৰ সৈতে হোৱা সাক্ষাৎকালত প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ চিফ অপাৰেটিং অফিচাৰ মৰিটজ মেটছে মুখ্য মন্ত্ৰীক কয় যে গ’লপ্লে ৰাজ্যখনৰ ক্ৰীড়া বিভাগৰ সহযোগিতাৰে দুগৰাকী সম্ভাৱনীয়তা থকা গ’লকীপাৰক মিউনিখলৈ উন্নত প্ৰশিক্ষণৰ বাবে পঠিওৱাৰ ব্যৱস্থা কৰিব।

মুখ্য মন্ত্ৰী সোণোৱালে গ’লপ্লেই গুৱাহাটীত উন্নত মানদণ্ডৰ গ’লকীপিং প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপনৰ দিশত লোৱা পদক্ষেপৰ বাবে অলিভাৰ কানক ধন্যবাদ জ্ঞাপন কৰাৰ উপৰি চৰকাৰে এই পৰিকল্পনা কাৰ্য্যকৰীকৰণৰ দিশত সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াব বুলি কয়।

আজিৰ সাক্ষাৎকালত সোণোৱালে প্ৰতিষ্ঠানটোৰ চিফ অপাৰেটিং অফিচাৰ মৰিটছ মেটছক ৰাজ্য চৰকাৰে অলিভাৰ কানক অসম ভ্ৰমণৰ বাবে আহ্বান জনোৱাৰ কথাটো অৱগত কৰিবলৈ অনুৰোধ জনায় যাতে তেওঁৰ আগমনে ৰাজ্যখনৰ প্ৰতিভাৱান খেলুৱৈ সকলক আৰু অধিক উৎসাহিত কৰিব পাৰে।

আলোচনাৰ সময়ত মুখ্য মন্ত্ৰীয়ে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া তথা ক্ৰীড়া আন্তঃগাথনি উন্নীতকৰণৰ দিশত লোৱা বিভিন্ন ব্যৱস্থাৱলী সম্পৰ্কেও সদৰি কৰে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd