আহি আছে OMG 2 : শিৱৰ চৰিত্ৰত ভাও দিব অক্ষয় কুমাৰে

OMG  অৰ্থাৎ অ মাই গড শীৰ্ষক বলিউডৰ চিনেমাখনৰ বৃহৎ সফলতাৰ পিছত এইবাৰ ছবিগৃহলৈ OMG 2 আহিব । 

বলীউডৰ অভিনেতা অক্ষয় কুমাৰে তেওঁৰ আগন্তুক কমেডী-ড্ৰামা ছবি ‘OMG 2’ৰ পোষ্টাৰ উন্মোচন কৰিছে য’ত তেওঁক ভগৱান শিৱৰ ৰূপত দেখা গৈছে। লগতে আন দুটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে য়ামি গৌতম আৰু পংকজ ত্ৰিপাঠীয়ে।

ইতিমধ্যে অক্ষয়ে ইনষ্টাগ্ৰামত টিজাৰ ঘোষণা কৰাৰ লগতে চিনেমাখনৰ পোষ্টাৰখন শ্বেয়াৰ কৰে।

তেওঁ লিখিছে, “মাত্ৰ কেইদিনমানৰ ভিতৰতে অৰ্থাৎ অহা ১১ আগষ্টত চিনেমাগৃহত চিনেমাখনে মুক্তি লাভ কৰিব। 

উল্লেখ্য OMG ৰ প্ৰথম সংস্কৰণে ২০১২ চনত মুক্তি লাভ কৰিছিল আৰু এই ছবিত অক্ষয় কুমাৰে শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিছিল।

লগতে পঢ়কঃ বোকাখাতৰ ৰঙাগড়া চাহ বাগিচাত অঘটন! পুখুৰীত গা ধুবলৈ গৈ প্ৰাণ গ’ল ২২ বছৰীয়া যুৱকৰ।

লগতে পঢ়কঃ মহান সুদক্ষিণা শৰ্মা! চিকিৎসা বিজ্ঞানৰ গৱেষণা আৰু অধ্যয়নৰ বাবে দি গ’ল নিজৰ শৰীৰ

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী মোডীৰ বাসভৱনৰ ওপৰত ৰহস্যজনক ড্ৰোন; তদন্ত আৰম্ভ আৰক্ষীৰ