অৱশেষত আৰক্ষীৰ জালত পৰিল দিল্লীৰ স্বঘোষিত ধৰ্মগুৰু স্বামী চৈতনানন্দ সৰস্বতী। দিল্লীৰ বসন্ত কুঞ্জ অঞ্চলৰ শ্ৰী সাৰদা ইনষ্টিটিউট অৱ ইণ্ডিয়ান মেনেজমেণ্ট নামৰ আশ্ৰমৰ স্বঘোষিত বাবাক দেওবাৰে পুৱা প্ৰায় ৩:৩০ বজাত আগ্ৰাৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।উল্লেখ্য যে, স্বামী চৈতনানন্দ সৰস্বতী ওৰফে স্বামী পাৰ্থসাৰথি বিগত কিছুদিন ধৰি পলাতক হৈ আছিল।
দুহেজাৰ ন চনত চৈতনানন্দ ওৰফে পাৰ্থসাৰথিৰ বিৰুদ্ধে প্ৰথমে অপৰাধমূলক গোচৰ ৰুজু হৈছিল। তেওঁৰ বিৰুদ্ধে ধন আত্মসাৎ আৰু প্ৰৱঞ্চনাৰ অভিযোগো উত্থাপন হৈছিল। পাছত ২০১৬ চনত এগৰাকী মহিলায়ো তেওঁৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে। এইবাৰ অভিযোগ ইয়াতকৈয়ো গুৰুতৰ। ১৭ গৰাকী ছাত্ৰীয়ে তেওঁৰ বিৰুদ্ধে ইখনৰ পিছত সিখনকৈ এজাহাৰ দাখিল কৰিছে। অভিযোগ উত্থাপন হোৱাৰ লগে লগে আশ্ৰমৰ সৈতে জড়িত শ্ৰী শ্ৰী অংগেৰী মঠেও বাবাৰ সৈতে সকলো সম্পৰ্ক বিচ্ছিন্ন কৰিছে।
প্ৰথম অৱস্থাত বাবাই আদালতত অগ্ৰিম জামিনৰ বাবে আবেদন কৰিছিল। অৱশ্যে আদালতে এই আবেদন নাকচ কৰে। তেতিয়াৰ পৰাই বাবা পলাতক হৈ আছিল। অৱশেষত দেওবাৰে পুৱা ৩:৩০ বজাত স্বঘোষিত ধৰ্মগুৰুজনক গ্ৰেপ্তাৰ কৰা হয়। ইতিমধ্যে তেওঁৰ ভলভো গাড়ী জব্দ কৰা হৈছে। আৰক্ষীৰ তথ্য অনুসৰি গাড়ীখনত ভুৱা নম্বৰ প্লেট লাগি আছিল।
জানিব পৰা মতে, চৈতনানন্দই ছাত্ৰীলৈ প্ৰেৰণ কৰা কেইবাটাও বাৰ্তা আৰক্ষীৰ দৃষ্টিগোচৰ হৈছে। আৰু এই মেচেজ দেখি তদন্তকাৰী বিষয়াসকল হতভম্ব হৈ পৰে। এগৰাকী ছাত্ৰীয়ে দাবী কৰে যে চৈতনানন্দই ছোৱালীকেইজনীক বিভিন্ন আপত্তিজনক প্ৰশ্ন কৰিছিল। বাবাই তেঁওলোকক কিমানজন বয়ফ্ৰেণ্ড আছে? যৌন সম্পৰ্কৰ সময়ত ছোৱালীকেইগৰাকীয়ে কণ্ডম ব্যৱহাৰ কৰিছিল নেকি? আদি প্ৰশ্ন কৰিছিল। জনা যায় যে চৈতনানন্দই ছোৱালীগৰাকীক বেছিভাগ ক্ষেত্ৰতে ‘বেবী’ বুলি সম্বোধন কৰিছিল। আনকি মহিলাৰ শৌচাগাৰত তেওঁৰ বিৰুদ্ধে এটা লুকাই থকা কেমেৰাও সংস্থাপন কৰাৰ অভিযোগ উত্থাপন হৈছে। আন এগৰাকী ছাত্ৰই দাবী কৰে যে চৈতনানন্দই প্ৰায়ে ছোৱালীকেইজনীৰ শৰীৰৰ আকৃতি, কাপোৰ-কানি আৰু চুলিৰ প্ৰশংসা কৰিছিল। আন এগৰাকী ছাত্ৰীয়ে দাবী কৰে যে হোলীৰ সময়ত চৈতনানন্দই প্ৰতিগৰাকী ছোৱালীৰ গাল, মুখ আৰু শৰীৰৰ অন্যান্য অংশত ৰং সানিছিল। নিৰ্দেশনা আছিল যে তেওঁৱেই প্ৰথমে ছোৱালীবোৰৰ মুখত ৰং লগাব।




