৯৮ সংখ্যক একাডেমী বঁটাৰ মঞ্চত একাধিক শিতানত ঘোষণা কৰা হৈছে অস্কাৰ। ভাৰতীয় সময় অনুসৰি সোমবাৰে পুৱতি নিশা অনুষ্ঠিত হয় বিশ্ব চলচ্চিত্ৰ জগতৰ এই আটাইতকৈ ঐতিহ্যবাহী বঁটা প্ৰদান অনুষ্ঠান।
আমেৰিকাৰ ডলবি ডিজিটেল থিয়েটাৰত ৯৮ সংখ্যক একাডেমী বঁটা তথা অস্কাৰ অনুষ্ঠান অনুষ্ঠিত হয়। যোৱা বছৰৰ দৰেই এইবাৰো জনপ্ৰিয় কমেডিয়ান কনন আৰু ব্রায়ানে অনুষ্ঠানটো সঞ্চালনাৰৰ দায়িত্ব লৈছিল৷
কোনে শ্ৰেষ্ঠ অভিনেতাৰ মুকুট পিন্ধিলে? ৯৮ সংখ্যক একাডেমী বঁটাৰ মঞ্চত একাংশৰ ভাগ্য উদয় হোৱাৰ বিপৰীতে আন কিছুমানে হতাশ হৈ উভতিল। ‘চিনাৰ্ছ’ আৰু ‘ৱান বেটল আফটাৰ এনাদাৰ’ই চলিত বৰ্ষত বিভিন্ন শাখাত একাধিক অস্কাৰ বঁটা লাভ কৰিছে।
কোনে লাভ কৰিলে কি বঁটা?
শ্ৰেষ্ঠ ছবি: ‘ৱান বেটল আফটাৰ এনাদাৰ’
শ্ৰেষ্ঠ পৰিচালক: পল থমাছ এণ্ডাৰছন (ৱান বেটল আফটাৰ এনাদাৰ)
শ্ৰেষ্ঠ অভিনেতা: মাইকেল বি জৰ্ডান (চিনাৰ্ছ)
শ্ৰেষ্ঠ অভিনেত্ৰী: জেছি বাকলি (হামনেট)
শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী: এমি মেডিগান (উইপেনছ)
শ্ৰেষ্ঠ সহযোগী অভিনেতা: শ্বেন পেন (ৱান বেটল আফটাৰ এনাদাৰ)
শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্য: ৰিয়ান কুগলাৰ (চিনাৰ্ছ)
শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য: পল থমাছ এণ্ডাৰছন (ৱান বেটল আফটাৰ এনাদাৰ)
শ্ৰেষ্ঠ এনিমেটেড কাহিনী চিত্ৰ: দ্য গাৰ্ল হু ক্ৰাইড পাৰ্লছ
শ্ৰেষ্ঠ আন্তৰ্জাতিক ছবি: চেন্টিমেণ্টেল ভেলু (নৰৱে)
শ্ৰেষ্ঠ ডকুমেন্টৰি ফিচাৰ: মিষ্টাৰ নোবডি এগেইনষ্ট পুটিন
শ্ৰেষ্ঠ ভিজুৱেল এফেক্টছ: অৱতাৰ ফায়াৰ এণ্ড অ্যাছ





