ৰাষ্ট্ৰীয় বাঘ সংৰক্ষণ প্ৰাধিকাৰীৰ নিৰ্দেশ অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ১০ কিলোমিটাৰ দূৰত্বৰ ভিতৰত সকলো ধৰণৰ পাহাৰ খনন বন্ধ কৰিছে অসম চৰকাৰে। তাৰ পাছতো একাংশ ব্যৱসায়ীয়ে নিশাৰ আন্ধাৰত সৰবৰাহ কৰি আহিছে চোৰাং শিল।
ঠিক সেইদৰে বৃহস্পতিবাৰে নিশা কাজিৰঙাৰ কহঁৰাত স্থানীয় লোকৰ তৎপৰতাত বনবিভাগ আৰু আৰক্ষীয়ে জব্দ কৰে এনেদৰে অবৈধ ভাৱে কঢ়িওৱা এখন শিলভৰ্তি ডাম্পাৰ।
কালি নিশা কঁহৰাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এ এছ ০৫ চি-০৫৩১ নম্বৰৰ জব্দকৃত ডাম্পাৰখনৰ লগতে চালকজনকো জব্দ কৰিবলৈ সক্ষম হয়।
ইফালে ডাম্পাৰখনৰ চালকজনে আৰক্ষী আৰু বন বিভাগৰ আগত ডাম্পৰথন বোকাখাতৰ জনৈক ৰিঙ্কু জৈনৰ বুলি প্ৰকাশ কৰে।
উল্লেখ্য যে ডাম্পাৰখনে কাজিৰঙাৰ সমীপৱৰ্তী কাৰ্বি আংলঙ জিলাৰ পৰা শিল কঢ়িয়াই আনিছিল। কহঁৰাৰ পেট্ৰ’ল পাম্পৰ কাষত ৰৈ থকা অৱস্থাত ডাম্পাৰখনৰ ওপৰত স্থানীয় লোকৰ সন্দেহ ওপজাত লগে লগে আৰক্ষীক খবৰ দিয়ে৷
আৰক্ষী আৰু বন বিভাগৰ লোকে ঘটনাস্থলত উপস্থিত হৈ গাড়ীখন পৰীক্ষা কৰাত চোৰাং শিল সৰবৰাহৰ কথা পোহৰলৈ আহে। ইতিমধ্যে জব্দ হোৱা ডাম্পাৰখন কাজিৰঙাৰ বনবিভাগে জিম্মাত লৈছে।