অসম আৰক্ষীয়ে নগাঁও জিলাত ২.২৫ লাখ টকাৰ ভুৱা ভাৰতীয় নোট জব্দ কৰাৰ লগতে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ধৃত ব্যক্তিজন ৰছিদুল হুছেইন বুলি চিনাক্ত কৰা হৈছে।
নিৰ্দিষ্ট তথ্যৰ ভিত্তিত অনুসন্ধান কৰি শুকুৰবাৰে নিশা আৰক্ষীৰ এটা দলে নগাঁও চহৰৰ সমীপৰ বৰঘাট অঞ্চলত অভিযান চলাই ভুৱা নোটসমূহ জব্দ কৰে।
নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভাই কয়, “আমি বৰঘাট বাইপাছ এলেকাত ভূৱা নোটখিনি বিক্ৰী কৰিবলৈ অহাৰ তথ্য লাভ কৰিছিলো আৰু সেই তথ্যৰ ভিত্তিত আমি অভিযান আৰম্ভ কৰিছিলোঁ। আমি এজন ব্যক্তিক ধৰি জেৰা চলাইছিলো।”
তেওঁ লগতে কয়, ”আমি ছামাগুৰি আৰক্ষী থানাৰ অন্তৰ্গত মুৱামাৰী অঞ্চলত থকা ফাইজুল হোকৰ ঘৰত তালাচী চলাই ২.২৫ লাখ টকাৰ ভূৱা নোটখিনি উদ্ধাৰ কৰোঁ।”
আৰক্ষীয়ে অৱগত কৰে যে লখিমপুৰ জিলাৰ কেইবাজনো ব্যক্তি এই ৰেকেটত জড়িত হৈ আছে।
বাকী থকা লোকসকলক আটক কৰাৰ প্ৰচেষ্টা অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
যোৱা মাহত অসম আৰক্ষীয়ে নগাঁও জিলাৰ অৱসৰপ্ৰাপ্ত আৰক্ষীৰ পৰা ভুৱা ভাৰতীয় মুদ্ৰাৰ নোট জব্দ কৰিছিল।
অৱসৰৰ পূৰ্বে তেওঁ ১৬ অসম আৰক্ষী বেটেলিয়নত কনিষ্টবল হিচাপে কৰ্মৰত আছিল বুলি জানিবলৈ পোৱা গৈছে।