• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সন্ত্ৰাসবাদী নিমূৰ্লৰ ক্ষেত্ৰত এক হ’ল শাসক-বিৰোধী : পাকিস্তানলৈ শক্তিশালী বাৰ্তা বিৰোধী নেতাসকলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2025 3:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুৱতি নিশাই ভাৰতে আৰম্ভ কৰিলে অপাৰেচন সিন্দুৰ। পাকিস্তানৰ বচা বচা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাই ভাৰতীয় সেনা বাহিনীয়ে। কাশ্মীৰ পলহগাম আক্ৰমণৰ পাছতে ভাৰতে প্ৰথমটো কঠোৰ প্ৰত্যুত্তৰ দিয়ে সন্ত্ৰাসবাদীক পোহপাল দি অহা পাকিস্তানক। ইয়াৰ পাছতে সমগ্ৰ বিশ্বজুৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ প্ৰত্যাক্ৰমণ ৰোধ কৰিবলৈ সষ্টম হৈ আছে ভাৰতীয় সেনা বাহিনী। ভাৰতত প্ৰৱেশ কৰিবলৈ ধৰা পাকিস্তানৰ F17 বিমান এখন গুলীয়াই ভূপতিত কৰিছে ভাৰতীয় সেনাই।

ভাৰতৰ এই পাকিস্তান আক্ৰমণক সমৰ্থন কৰিছে দেশৰ বিৰোধী ৰাজনৈতিক দল তথা নেতাসকলে। লগতে ভাৰতীয় সেনাৰ বীৰত্বকো প্ৰশংসা কৰিছে বিৰোধী নেতাসকলে। দেশৰ সুৰক্ষা আৰু নিৰাপত্তাক দলীয় আদৰ্শতকৈ আগস্থান দিছে বিৰোধী দলসমূহে। ভাৰতীয় বাহিনীয়ে পাকিস্তানত আক্ৰমণ চলোৱাৰ পাছতে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে টুইট কৰি কয় আমাৰ সশস্ত্ৰ বাহিনীক লৈ গৌৰৱ কৰো। জয় হিন্দ! ইফালে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেও অপাৰেচন সিন্দুৰক সমৰ্থন কৰি টুইট কৰিছে। তেওঁ টুইট কৰি লিখিছে, পাকিস্তান আৰু পাক অধীৰ্কৃত কাশ্মীৰত সৃষ্ট সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ এক অদম্য ৰাষ্ট্ৰীয় নীতি আছে। পাকিস্তান আৰু পাক অধীৰ্কৃত কাশ্মীৰত সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰা আমাৰ ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বাবে আমি অত্যন্ত গৌৰৱান্বিত। তেওঁলোকৰ দৃঢ় সংকল্প আৰু সাহসক আমি শলাগ লৈছো।

Apply Now

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ দিনাৰে পৰা ভাৰতীয় জাতীয় কংগ্ৰেছে সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যিকোনো নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সশস্ত্ৰ বাহিনী আৰু চৰকাৰৰ সৈতে থিয় দি আহিছে বুলিও কয় খৰ্গেই।

ইপিনে বিৰোধী ইণ্ডিয়া ব্লকৰ অন্যতম প্ৰধান নেতা তেজস্বী যাদৱে ভাৰতীয় সেনাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। টুইটাৰ হেণ্ডলত তেওঁ কয়,  ভাৰত, ভাৰতীয় আৰু ভাৰতীয় সেনাই আমাৰ দেশত কোনো ধৰণৰ সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদ কেতিয়াও সহ্য কৰা নাই আৰু কেতিয়াও সহ্য নকৰে। ভাৰতীয় সেনাই প্ৰতিবাৰেই মাতৃৰ গৰ্ভ, ভগ্নীৰ হাত আৰু তেওঁলোকৰ কপালত থকা সেন্দূৰক ৰক্ষা কৰি আহিছে।

আমি সত্য, অহিংসা আৰু শান্তি বিশ্বাস কৰা মানুহ। আমি ভাৰতীয়ই কেতিয়াও কোনো ভুল নকৰো, কিন্তু যদি কোনোবাই আমাৰ লগত অন্যায় কৰে তেতিয়া আমি সহ্য নকৰো। সন্ত্ৰাসবাদক লালন-পালন কৰাসকলে যদি আমাৰ ঐক্য, সততা আৰু সাৰ্বভৌমত্বক আক্ৰমণ কৰে, তেন্তে আমি একত্ৰিত হৈ উপযুক্ত উত্তৰ দিব জানো। সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই যুঁজত ভাৰতীয় সেনা আৰু চৰকাৰৰ লগত আছে ১৪০ কোটি ভাৰতীয়। ভাৰত জীয়াই থাকক! ভাৰতীয় সেনা জীয়াই থাকক! জয় হিন্দ!

লোকসভাৰ বিৰোধী উপ দলপতি গৌৰৱ গগৈও সমৰ্থন কৰিছে ভাৰতীয় সেনাৰ অপাৰেচন সিন্দুৰক। গৌৰৱ গগৈয়ে কয়, যোৱা নিশাৰ শাস্তিমূলক বিমান আক্ৰমণত আমাৰ সশস্ত্ৰ বাহিনী আৰু চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে মই তেওঁলোকৰ প্ৰশংসা কৰোঁ। এই সময়ত আমাৰ সশস্ত্ৰ বাহিনীৰ সৈতে জাতীয় ঐক্য আৰু সংহতিৰ প্ৰয়োজন। আমাৰ সশস্ত্ৰ বাহিনীক লৈ গৌৰৱ কৰো। জয় হিন্দ!

ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰণীজ্যোতি গগৈও ভাৰতৰ এই আক্ৰমণ সমৰ্থন কৰিছে। অখিল গগৈয়ে কয়, পেহেলগামত সংঘটিত বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় সেনাই পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিলে। দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ  বাবে গ্ৰহণ কৰা এই পদক্ষেপক আমি আদৰণী জনাইছোঁ। দেশ আৰু দেশবাসীৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰে লোৱা সকলো পদক্ষেপৰে লগত আমি আছোঁ। লুৰীণজ্যোতি গগৈয়ে কয়, ৰাষ্ট্ৰৰ সুৰক্ষাৰ বাবে আৰম্ভ হোৱা সন্ত্ৰাসবাদ বিৰোধী এই যুঁজত আমি আমাৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ৷ দেশৰ সেনাবাহিনীৰ ওপৰত আমাৰ প্ৰচণ্ড বিশ্বাস, স্বাভিমান আৰু আস্থা আছে৷ আমি আমাৰ সেনা জোৱানসকলক এই দুৰ্দমনীয় অভিযানৰ বাবে সাহস যাচিছোঁ আৰু অভিনন্দন জনাইছোঁ৷ পাকিস্তানক সমুলঞ্চে প্ৰত্যুত্তৰ দিয়াৰ এয়াই উপযুক্ত সময়৷ জয় হিন্দ।

এইদৰে বিৰোধীয়ে দেশৰ নিৰাপত্তা আৰু সুৰক্ষাক আগস্থান দি ভাৰতীয় সেনাৰ অপাৰেচন সিন্দূৰ আৰু চৰকাৰ আৰু সমৰ্থন কৰি দেশৰ ঐক্য আৰু সংহতিক শক্তিশালী কৰি পাকিস্তানলৈ শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd