ৰাজ্যখনত পথ দুৰ্ঘটনাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই অহাৰ লগতে প্ৰতিদিনে সংঘটিত হোৱা দুৰ্ঘটনাত বহু লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।
গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত আওলাগুৰীৰ ৫১ নং ৰাষ্ট্ৰীয় পথত সোমবাৰে নিশা সংঘটিত হয় তেনে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এজন লোকৰ থিতাতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাটোত কৰুণ মৃত্যুক আঁকোৱালি লোৱা লোকজন কৃষ্ণাইৰ ঝৰাৰবড়ীৰ মজিবৰ ৰহমান বুলি স্থানীয় লোকে চিনাক্ত কৰে।
জানিব পৰা মতে কালি নিশা মজিবৰ ৰহমানে ৫১ নং পাইকান-তুৰা ৰাষ্ট্ৰীয় ঘাইপথৰে বাইকৰে আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী ডাম্পাৰে মহতিয়াই লৈ যোৱাৰ ফলত ঘটনাস্থলতে কৰুণ মৃত্যুক আকোৱালি লয় মজিবৰ ৰহমানে।
উল্লেখ্য যে ৰাজ্যত তীব্ৰ হাৰত বৃদ্ধি পাইছে ট্ৰাক-ডাম্পাৰ চালকৰ দৌৰাত্ম্য। যাৰ বাবে সৰ্বসাধাৰণ ৰাইজৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাত পথচাৰী তথা অন্য যানবাহনৰ নিৰাপত্তা নোহোৱা হৈ পৰিছে।