• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰিৰ বৰদলত চাঞ্চল্য: চোৰৰ সন্দেহত গণ প্ৰহাৰেৰে হত্যা এজনক

বিদ্যুত জ্যোতি বৰা, চামগুৰি by বিদ্যুত জ্যোতি বৰা, চামগুৰি
March 21, 2022 8:29 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উন্মত্ত লোকৰ আক্ৰমণত পুনৰ এজন লোকে মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল । নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰদল গাঁৱত সংঘটিত হোৱা এই ঘটনাই জিলা খনত চেপা উত্তেজনাৰ সৃষ্টি কৰিছে।

অঞ্চলটোত বিভিন্ন চুৰিকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহতে একাংশ লোকে বৰদলৰ নিজ ঘৰৰ পৰাই উঠাই নি মালকী খালখ’ (৪০) নামৰ লোকজনক নিৰ্মমভাবে প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

Apply Now

প্ৰাপ্ত খবৰ মতে, অঞ্চলটোৰ এঘৰৰ পুখুৰীত মাছ চুৰি কৰাৰ অভিযোগ উত্থাপন কৰি একাংশ লোকে মালাকীক দেওবাৰে নিশা ঘৰৰ পৰা উঠাই লৈ যায়।

আনকি দলটোৱে মালাকীৰ বাসগৃহৰ সন্মুখ ভাগ লণ্ডভণ্ড কৰি ৰুগীয়া পিতৃকো শাৰীৰিক ভাবে অপদস্থ কৰে। পৰৱৰ্তী সময়ত লোক কেইজনে অভিযুক্ত মালাকীক আৰক্ষীৰ হাতত গটাই দিম বুলি ঘৰৰ পৰা উঠাই আনি সমীপৰে তিনিআলিত গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে মালাকীৰ পৰিয়ালে।

গণপ্ৰহাৰৰ পিছতেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মালাকীক মুমূৰ্ষ অৱস্থাত ঘৰৰ চোতালত পেলাই থৈ যাবলৈ বিচৰাত পৰিয়ালটোৱে হুলস্থুল কৰে।

পিছত লোক কেইজনে মালাকীক সমীপৰ চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যায়। আধা ঘণ্টাৰ পাছতে মালাকীক মৃত অৱস্থাত পেলাই যুৱক কেইজনে পলায়ন কৰে। এই সমগ্ৰ ঘটনাৰ সৈতে স্থানীয় কেইবাজনো যুৱক জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে মৃত মালকীৰ পৰিয়ালৰ লোকে।

ইফালে দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলটোত বিভিন্ন চুৰি কাণ্ড কৰি অহাৰো অভিযোগ আছিল মৃত মালকীৰ বিৰুদ্ধে। পুৱাৰ ভাগত চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মালকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

যোৱা নিশা সংঘটিত হোৱা উক্ত হত্যাকাণ্ডৰ পাছতে অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। আৰক্ষীয়ে বাতৰি লিখা সময়লৈকে এজনো অভিযুক্তক কৰায়ত্ব নকৰাৰ ঘটনাই সচেতন মহলৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে।

চামগুৰি আৰক্ষীয়ে পুৱাই গণ প্ৰহাৰত মৃত্যু হোৱা মালাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতো পৰিয়ালে এজাহাৰ দাখিল নকৰাৰ অজুহাততে এজনো অভিযুক্তক আটক কৰা হোৱা নাই বুলিহে সাংবাদিকৰ আগত ব্যক্ত কৰে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি ভূমিকা লয় সেয়া লক্ষ্যণীয় হ’ব।

বিদ্যুত জ্যোতি বৰা, চামগুৰি

বিদ্যুত জ্যোতি বৰা, চামগুৰি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm
১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

১১ বছৰীয়া শিশুৱে মহতিয়াই নিলে বৌদ্ধ ভিক্ষুক, ৮ জনৰ মৃত্যু

July 4, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd