DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিৰ বৰদলত চাঞ্চল্য: চোৰৰ সন্দেহত গণ প্ৰহাৰেৰে হত্যা এজনক

বিদ্যুত জ্যোতি বৰা, চামগুৰি by বিদ্যুত জ্যোতি বৰা, চামগুৰি
March 21, 2022 8:29 pm
চামগুৰিৰ বৰদলত চাঞ্চল্য: চোৰৰ সন্দেহত গণ প্ৰহাৰেৰে হত্যা এজনক
160
VIEWS
Share on FacebookShare on Twitter

উন্মত্ত লোকৰ আক্ৰমণত পুনৰ এজন লোকে মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল । নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰদল গাঁৱত সংঘটিত হোৱা এই ঘটনাই জিলা খনত চেপা উত্তেজনাৰ সৃষ্টি কৰিছে।

অঞ্চলটোত বিভিন্ন চুৰিকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহতে একাংশ লোকে বৰদলৰ নিজ ঘৰৰ পৰাই উঠাই নি মালকী খালখ’ (৪০) নামৰ লোকজনক নিৰ্মমভাবে প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

প্ৰাপ্ত খবৰ মতে, অঞ্চলটোৰ এঘৰৰ পুখুৰীত মাছ চুৰি কৰাৰ অভিযোগ উত্থাপন কৰি একাংশ লোকে মালাকীক দেওবাৰে নিশা ঘৰৰ পৰা উঠাই লৈ যায়।

আনকি দলটোৱে মালাকীৰ বাসগৃহৰ সন্মুখ ভাগ লণ্ডভণ্ড কৰি ৰুগীয়া পিতৃকো শাৰীৰিক ভাবে অপদস্থ কৰে। পৰৱৰ্তী সময়ত লোক কেইজনে অভিযুক্ত মালাকীক আৰক্ষীৰ হাতত গটাই দিম বুলি ঘৰৰ পৰা উঠাই আনি সমীপৰে তিনিআলিত গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে মালাকীৰ পৰিয়ালে।

গণপ্ৰহাৰৰ পিছতেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মালাকীক মুমূৰ্ষ অৱস্থাত ঘৰৰ চোতালত পেলাই থৈ যাবলৈ বিচৰাত পৰিয়ালটোৱে হুলস্থুল কৰে।

পিছত লোক কেইজনে মালাকীক সমীপৰ চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যায়। আধা ঘণ্টাৰ পাছতে মালাকীক মৃত অৱস্থাত পেলাই যুৱক কেইজনে পলায়ন কৰে। এই সমগ্ৰ ঘটনাৰ সৈতে স্থানীয় কেইবাজনো যুৱক জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে মৃত মালকীৰ পৰিয়ালৰ লোকে।

ইফালে দীৰ্ঘদিন ধৰি বৃহত্তৰ অঞ্চলটোত বিভিন্ন চুৰি কাণ্ড কৰি অহাৰো অভিযোগ আছিল মৃত মালকীৰ বিৰুদ্ধে। পুৱাৰ ভাগত চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মালকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

যোৱা নিশা সংঘটিত হোৱা উক্ত হত্যাকাণ্ডৰ পাছতে অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। আৰক্ষীয়ে বাতৰি লিখা সময়লৈকে এজনো অভিযুক্তক কৰায়ত্ব নকৰাৰ ঘটনাই সচেতন মহলৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে।

চামগুৰি আৰক্ষীয়ে পুৱাই গণ প্ৰহাৰত মৃত্যু হোৱা মালাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতো পৰিয়ালে এজাহাৰ দাখিল নকৰাৰ অজুহাততে এজনো অভিযুক্তক আটক কৰা হোৱা নাই বুলিহে সাংবাদিকৰ আগত ব্যক্ত কৰে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে কি ভূমিকা লয় সেয়া লক্ষ্যণীয় হ’ব।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd