নগাঁও জিলাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথত কঠীয়াতলি ৰেংবেঙত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত কঠীয়াতলিৰ ৰেংবেঙত ডবকা অভিমুখী দ্ৰুতবেগী এখন ট্ৰাকে ৰেংবেঙৰ জিতু দাস নামৰ এগৰাকী ষাঠি উৰ্ধৰ বৃদ্ধক মহতিয়াই নিয়ে। দুৰ্ঘটনাটোৰ ফলত বৃদ্ধ লোকজন থিতাতে নিহত হয়।
উল্লেখ্য যে, এ এছ ০১ এফ চি – ৩৭৮৭ নম্বৰৰ ট্ৰাকখনে দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতে ট্ৰাকসহ চালকজনে পলায়ন কৰে যদিও স্থানীয় ৰাইজে পিছে পিছে খেদি গৈ ট্ৰাকখন ধৰিবলৈ সক্ষম হয়।
ৰাইজে ট্ৰাকখন কৰায়ত্ত কৰাৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ ক্ষন্তেক পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
ৰাষ্ট্ৰীয় ঘাইপথত এনেদৰে বহু দুৰ্ঘটনা সংঘটিত হৈ অহাৰ লগতে বহু লোকৰ এনে পথ দুৰ্ঘটনাত নিহত হোৱাৰ ঘটনাই সচেতন লোকক উদ্বিগ্ন কৰি তুলিছে।
