তেজপুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাটামাৰীত দেওবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ ফলত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়।
স্থানীয় ৰাইজে সন্দেহ কৰা মতে, কোনো দ্ৰুত বেগী বাহনে এ এছ ১২ এল ৯৬৬৪ নম্বৰৰ বাইক এখন মহতিয়াই নিয়াৰ ফলতে এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত বাইকত থকা এজন লোক থিতাতে নিহত হয়। তদুপৰি, বাইকত থকা আনজন লোক গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে গুৰুতৰভাৱে আহত লোকজনক স্থানীয় লোকে ততাতৈয়াকৈ কাষৰ হাস্পাতাললৈ লৈ যায়। লোকজন বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাটোৰ ফলত ঘটনাস্থলীতে মৃত্যু হোৱা লোকজনক উদয় দাস বুলি চিনাক্ত কৰা হৈছে। আনহাতে, আহত লোকজনক তেজপুৰ নেপালীপট্টিৰ বামুণ গাঁৱৰ ঋতুপৰ্ণ সৰকাৰ বুলি চিনাক্ত কৰা হৈছে।