NORTHEAST NOW (Assamese)

১৯ জুলাইত বজাৰত মুকলি হ’ব Oppo K3; দাম আৰু সবিশেষ জানিবৰ বাবে চাওক

July 11, 2019 1:58 pm · এন ই নাও নিউজ
ফটো ইণ্টাৰ্নেটৰ পৰা লোৱা

জনপ্ৰিয় স্মাৰ্টফোন ব্ৰেণ্ড অ’প্পো (Oppo)-এ অহা ১৯ জুলাইত ভাৰতৰ মোবাইল ফোনৰ বজাৰত মুকলি কৰিব ইয়াৰ নতুন মডেল Oppo K3। Oppo K ছিৰিজৰ দ্বিতীয় সংযোজন উক্ত শেহতীয়া মডেলটো যোৱা মে’ মাহত ইয়াৰ ঘৰুৱা বজাৰ চীনত মুকলি কৰা হৈছিল।

মোবাইল প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ শেহতীয়া মডেলটোৱে ভাৰতত মুকলিৰ লগে লগে গ্ৰাহকক আকৰ্ষিত কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে।

এতিয়ালৈকে কোম্পানিটোৱে ভাৰতৰ গ্ৰাহকসকলৰ বাবে Oppo K3 মডেলৰ দাম ঘোষণা কৰা নাই। অৱশ্যে চীনত স্মাৰ্ট ফোনটোৰ মূল্য ভাৰতীয় টকাৰ হিচাপত প্ৰায় ১৬,১০০ৰ পৰা ২৩,২০০ টকা, সেই হিচাপত ভাৰতৰ বজাৰতো ইয়াৰ একেই দাম ৰখা হ’ব বুলি অনুমান কৰা হৈছে।

Oppo K3ৰ কেইটামান বিশেষ বৈশিষ্ট-

১. ৬.৫ ইঞ্চিৰ এম’লেড ডিছপ্লে’ (ফুল এইচ ডি)

২. স্নেপড্ৰেগন ৭১০ এছ অ’ চি প্ৰচেছৰ

৩. ৬ৰ পৰা ৮ জি বি ৰেম

৪. ৬৪ৰ পৰা ২৫৬ জি বি ইন্টাৰেনল ষ্টোৰেজ।

৫. ১৬ মেগা পিক্সেল ছেল্ফি কেমেৰা আৰু ২ মেগা পিক্সেল ডেফ্ট চেন্সৰৰ সৈতে ১৬ মেগা পিক্সেলৰ প্ৰাইমাৰী কেমেৰা।

৬. ৩.৭৬৫ এম এ এইচ বেটেৰী

Related News