গুৱাহাটী বিমানবন্দৰৰ ছাদত ফুটা, ঝৰঝৰকৈ পৰিছে পানী! সঘন বিপৰ্যয়ৰ বাবে দায়ী আদানী, সৰৱ বিৰোধী

ফটোঃ স্ক্ৰীণশ্বট।

গুৱাহাটী বিমানবন্দৰত আন এক বিপৰ্যয়! তিনিমাহ পূৰ্বে প্ৰবল ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ ফলত বিমানবন্দৰৰ ছাদৰ এটা অংশ ভাঙি পৰিছিল। এইবাৰ দেখা পোৱা গ’ল বিমানবন্দৰৰ ছাদত ফুটা হৈ ঝৰঝৰকৈ বৰষুণৰ পানী পৰিছে! সামগ্ৰী, কম্পিউটাৰ, মানুহ সকলো তিতি গৈছে।

বুধবাৰে গুৱাহাটী বিমানবন্দৰৰ তেনে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। কেইবাদিনো ধৰি বাহিৰত বৰষুণ দি আছে। তাৰ ফলতে ছাদৰ পৰা ঝৰঝৰাই পানী পৰি থকা দেখা গ’ল।

অসম প্ৰদেশ কংগ্ৰেছে এই ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে ‘ গুৱাহাটীৰ বিলাসী আদানি বিমানবন্দৰত বৰষুণ উপভোগ কৰক। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ঘনিষ্ঠ বন্ধুৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সাহস কৰিবনে?’

ৰাজ্যসভাৰ তৃনমুলৰ সাংসদ জহৰ সৰকাৰে এই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, ‘মোদীয়ে বিমানবন্দৰসমূহ ব্যক্তিগতকৰণ কৰি বন্ধু আদানীক দিছে, তাৰ প্ৰকৃত চেহেৰাটো ওলাই আহিছে। এইটো আজিৰ বিমানবন্দৰ, যিটো বিশ্বমানৰ আন্তঃগাঁথনিৰ বাবে আদানীক প্ৰদান কৰা হৈছিল। জবলপুৰ, দিল্লী, ৰাজকোট, লক্ষ্ণৌ, গোৱালিয়ৰ–সকলো বিমানবন্দৰৰ ছাদৰ অৱস্থা একে।’


উল্লেখ্য যে গুৱাহাটীৰ জনপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰটো আদানী গ্ৰুপৰ তত্বাৱধানত আছে। গুৱাহাটীকে ধৰি দেশৰ ছটা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰিছে আদানী গ্ৰুপে। তাত বিশাল ব্যৱসায়ো কৰিছে। ২০১৯ চনৰ নিলামত আদানী গ্ৰুপে অধিগ্ৰহণ কৰিছিল ত্ৰিবান্দ্ৰম, মেংগালুৰু, আহমেদাবাদ, জয়পুৰ, লক্ষ্ণৌ আৰু গুৱাহাটী বিমানবন্দৰ।

এইবাৰ লোকসভা নিৰ্বাচনৰ পিছত আৰু কেইবাটাও বিমানবন্দৰৰ দায়িত্ব ল’ব বুলিও শুনা গৈছিল। ইতিমধ্যে বিৰোধী পক্ষই ইয়াৰ বিৰোধিতা কৰিছে। ইফালে গুৱাহাটী বিমানবন্দৰৰ পঁয়ালগা চেহেৰা একেৰাহে দুবাৰকৈ চৰ্চালৈ আহিল। বুজাই গৈছে যে বিমানবন্দৰৰ ছাদ নিৰ্মাণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি ৰৈছে। সেইবাবেই কেতিয়াবা ধুমুহাত ভাঙি যায়, কেতিয়াবা ছাদ ফুটি বৰষুণত ভাহি যায়।