তাজিকিস্তানৰ আয়নি বিমানঘাটি। বিদেশৰ মাটিত ভাৰতৰ নিয়ন্ত্ৰণত থকা বিমান ঘাটি। অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত আয়নি নতুন দিল্লীৰ নিয়ন্ত্ৰণলৈ আহিছিল। মধ্য এছিয়াত চীন আৰু ৰাছিয়াৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ এই পদক্ষেপ অতি তাৎপৰ্যপূৰ্ণ আছিল। পাকিস্তান অধিকৃত কাশ্মীৰো এই অঞ্চলৰ ঢুকি পোৱা স্থানত আছে।
কিন্তু বাজপেয়ীৰ যুগৰ সেই পদক্ষেপ মুখথেকেচা খাই পৰিল নৰেন্দ্ৰ মোডী চৰকাৰৰ শাসনকালত! প্ৰায় দুটা দশকৰ পাছত ভাৰতে তাজিকিস্তানৰ এই বিমান ঘাটিৰ পৰা আঁতৰি অহাৰ খবৰ আহিছে।
সূত্ৰ অনুসৰি তাজিকিস্তানে মূলতঃ চীন আৰু ৰাছিয়াৰ হেঁচাত ভাৰতৰ সৈতে আয়নি বিমান ঘাটিত চুক্তি নবীকৰণ কৰিব বিচৰা নাই। ফলত ২০২২ চনত ভাৰতে কৰ্মী আৰু সা-সৰঞ্জাম খালী কৰাৰ কাম আৰম্ভ কৰে। এই বিষয়ত কূটনৈতিক আৰু কৌশলগত বিষয়ত মোডী চৰকাৰৰ ভূমিকাক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে।
এই সন্দৰ্ভত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ছ’চিয়েল মিডিয়াত লিখিছে, ‘একবিংশ শতিকাৰ আৰম্ভণিতে ভাৰতে আয়নি বিমান ঘাটিৰ নিয়ন্ত্ৰণ লৈছিল। ইয়াৰ দ্বাৰা আন্তঃগাঁথনিৰ বিকাশ কৰিছিল। ইয়াৰ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ স্থানৰ বাবে ইয়াক সম্প্ৰসাৰণৰ পৰিকল্পনাও কৰিছিল। যদিও চাৰি বছৰ পূৰ্বে চৰকাৰে তাৰ পৰা ক্ৰমান্বয়ে আঁতৰি অহাৰ সিদ্ধান্ত লয়। দেশৰ বাহিৰৰ একমাত্ৰ সামৰিক ঘাটিটোৰ পৰা আঁতৰি অহাৰ প্ৰক্ৰিয়াটো যেন সম্প্রতি সম্পূর্ণ হৈ পৰিছে৷ কূটনৈতিক কৌশলৰ ক্ষেত্ৰত ভাৰতৰ বাবে এয়া আন এক বিপৰ্যয়।‘
প্ৰতিবেদন অনুসৰি, ছোভিয়েট ৰাছিয়াৰ পতনৰ পিছত ভাৰতে স্বাধীন তাজিকিস্তান চৰকাৰৰ সৈতে আয়নি বিমানঘাটিৰ বাবে চুক্তি স্বাক্ষৰ কৰে। ২০০১-০২ চনৰ ভিতৰত এই ক্ষেত্ৰত প্ৰথম পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ভাৰতক তাজিকিস্তান চৰকাৰৰ সৈতে হোৱা চুক্তিৰ ভিত্তিত আয়নি বিমানঘাটি সম্প্ৰসাৰণ আৰু আধুনিকীকৰণৰ দায়িত্ব দিয়া হৈছিল। তাজিকিস্তানে এই বিমান ঘাটিটো পৰিচালনা আৰু নিয়ন্ত্ৰণৰ দায়িত্বও লীজৰ অংশ হিচাপে ভাৰতক অৰ্পণ কৰে।
ভাৰতে বিমান ঘাটিৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ কোটি ডলাৰ ব্যয় কৰিছিল। ৰাণৱেৰ দৈৰ্ঘ্য বৃদ্ধি কৰা হয়। ইন্ধন ভৰোৱাকে ধৰি বিভিন্ন আধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছিল। এটা সময়ত সেনা আৰু বায়ুসেনাৰ প্ৰায় ২০০ জোৱানো তাত নিয়োজিত হৈছিল। এদশক পূৰ্বে SU-30MKI যুদ্ধ বিমান আৰু হেলিকপ্টাৰো তাত অস্থায়ীভাৱে নিয়োগ কৰা হৈছিল।
কেৱল সেয়াই নহয়, আফগানিস্তানত তালিবানে ক্ষমতা দখল কৰাৰ পিছত তাজিকিস্তানত থকা বিমান ঘাটিটো তাৰ পৰা ভাৰতীয় নাগৰিক আৰু বিষয়াসকলক উদ্ধাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল।





