• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ নিৰ্বাচনী প্ৰচাৰ : ২০১৪-ত ‘টালি-টোপোলা বান্ধিব লাগিব বাংলাদেশীয়ে’, ‘১৯-ত ‘স্বাগতম হিন্দু বাংলাদেশী’

সাম্প্ৰতিক সময়ৰ ভাৰতৰ ‘আলী জিন্না’ হৈছে নৰেন্দ্ৰ মোদী : পলাশ চাংমাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 4, 2019 9:29 pm
Modi Silchar

শিলচৰত নিৰ্বাচনী সভাত অংশ ল'বলৈ যোৱা প্ৰধান মন্ত্ৰী মোদী। ফটো : য়ু বি।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনী সভাত নৰেন্দ্ৰ মোদীয়ে ভাষণত ডিঙিৰ সিৰ ফুলাই কৈছিল যে নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছতে বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব। বাংলাদেশীক তেনেকৈ হুংকাৰ দি ভোটাৰৰ মন জয় কৰি প্ৰধান মন্ত্ৰী হ’ল।

প্ৰধান মন্ত্ৰী হিচাপে প্ৰায় ৫ বছৰত বাংলাদেশীক টালি-টোপোলা বান্ধিবলৈ বাধ্য কৰিব নোৱাৰিলে যদিও এই সময়ত মোদীৰ স্থিতিৰ বৃহৎ পৰিৱৰ্তন ঘটি ২০১৯-ৰ লোকসভা নিৰ্বাচনৰ শ্ল’গান হ’লগৈ হিন্দু বাংলাদেশীক স্বদেশী কৰা। আজি শিলচৰৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰধান মন্ত্ৰী মোদীয়ে নিজৰ এই পৰিৱৰ্তিত স্থিতি প্ৰকাশ কৰে।

Apply Now

যথেষ্ট সংখ্যক হিন্দু বাংলাদেশী থকা বৰাক উপত্যকাত নিজৰ ভাষণত আজি মোদীয়ে হিন্দু বাংলাদেশীসকলক নাগৰিকত্ব দিয়া হ’বই বুলি স্পষ্ট কৰি দিয়ে। “নাগৰিকত্ব সংশোধনী বিধেয়ক শীঘ্ৰেই গৃহীত কৰা হ’ব।” মোদীয়ে কয়। ইয়াৰ জৰিয়তে মোদীয়ে হিন্দু বাংলাদেশীক ‘স্বাগতম’ জনালে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে নাগৰিকত্ব সংশোধনী বিধেয়কখনক জাতিধ্বংসী আখ্যা দি ইয়াৰ বিৰোধিতাত অসমৰ ৰাইজ আৰু দল-সংগঠনে দীঘলীয়া আন্দোলন কৰি আহিছে আৰু এতিয়াও আন্দোলন কৰি আছে। স্বাভাৱিকতে মোদীৰ আজিৰ নিৰ্বাচনী ভাষণে অসমত এক প্ৰকাৰৰ আলোড়ন সৃষ্টি কৰিছে।

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ’ব বুলি মোদীয়ে আজি বৰাকবাসীক আশ্বাস দিয়াৰ পাছতেই জাঙুৰ খাই উঠিছে অসম প্ৰদেশ কংগ্ৰেছ, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি অন্যান্য দল-সংগঠন।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয়, “নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱালে অসমীয়া জাতিক চৰম বিশ্বাসঘাতকতা কৰিলে। বিগত লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘১৬ মে’ত বাংলাদেশীয়ে টালি-টোপোলা বান্ধিব লাগিব’ বুলি কৈছিল আৰু এতিয়া আকৌ সেই বিদেশীকে ৰঙা দলিচা পাৰি দিছে মোদীয়ে।”

আনহাতে, বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব বুলি আশ্বাস দিছিল যদিও এতিয়া অসম চুক্তি নসাৎ কৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে অহা বিদেশীক নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে বুলি চাংমায়ে বিজেপি দলটোক কটাক্ষ কৰে।

ইপিনে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক দেশ বিভাজনৰ সময়ৰ ভুলৰ প্ৰায়শ্চিত্ত’ এই বুলি কৰা মন্তব্যৰ জৰিয়তে ভাৰতীয় ইতিহাস বিকৃত কৰিব বিচাৰিছে বুলিও চাংমায়ে কয়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘মহম্মদ আলী জিন্না’ৰ সৈতে তুলনা কৰি তেওঁ কয় “জিন্নাই ধৰ্মৰ ওপৰত ভিত্তি কৰি পাকিস্তানক বিভাজিত কৰিছিল, এতিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই একেই ভূমিকা লৈছে। সাম্প্ৰতিক সময়ৰ ভাৰতবৰ্ষৰ ‘আলী জিন্না’ হৈছে নৰেন্দ্ৰ মোদী।”

“যদি হিন্দু বাংলাদেশীক ভাৰতত ৰাখিব বিচাৰিছে ৰাখক, অসমক ভাৰতৰ পৰা পৃথক কৰি দিয়ক।” কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি এই দাবী পলাশ চাংমাইৰ।

চাংমায়ে কয়, “অসম ৰাজ্য ভাষাৰ ওপৰত ভিত্তি কৰি গঠিত হৈছে। ধৰ্মৰ ওপৰত ভিত্তি কৰি গঠিত হোৱা ৰাজ্য নহয়।”

ইপিনে, নাগৰিত্ব সংশোধনী বিধেয়কৰ জৰিয়তে অসমীয়া জাতিটোক প্ৰতাৰণা কৰিবলৈ বিজেপিয়ে ষড়যন্ত্ৰ কৰা বুলি উল্লেখ কৰি তেওঁ পৃথক অসম ৰাষ্ট্ৰৰ পোষকতা কৰে।

“চ্যুকাফা, সৰ্বানন্দ সিংহ, চিলাৰায়কে ধৰি অন্যান্য জাতীয় বীৰসকলে যিখন অসম গঢ়ি তুলিছিল, সেই অসমখনক কেন্দ্ৰই সুকীয়া কৰি দিব লাগে। তাৰ পাছত তেওঁলোকে কি ভুলৰ প্ৰায়শ্চিত্ত কৰে কৰি থাকক। আমাৰ কোনো আপত্তি নাথাকিব।” চাংমায়ে আমাৰ সাংবাদিকৰ আগত এইদৰে কয়।

সদৌ অসম ছাত্ৰ সন্থা

আনহাতে, মোদীৰ ভাষণ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়েও।

তেওঁ কয়, “বিজেপি শাসনাধীন কেন্দ্ৰীয় চৰকাৰখনে  অসমত অধিক বিদেশীৰ বোজা জাপি অসমীয়া মানুহৰ ভাষা-সংস্কৃতি সাহিত্য ধ্বংসৰ মুখলৈ ঠেলি দি জাতিটোক এটা পংগু জাতি হিচাপে পৰিগণিত কৰাৰ ষড়যন্ত্ৰক চীল-মোহৰ মাৰি দিলে।”

মোদীৰ ভাষণত সেই ষড়যন্ত্ৰৰ স্পষ্ট বহিঃপ্ৰকাশ ঘটিল বুলি গগৈয়ে সদৰী কৰি লগতে কয়, “এই কথাটোৱে মোদী চৰকাৰৰ অসমৰ খিলঞ্জীয়া লোকৰ প্ৰতি থকা বিৰোধী স্থিতি প্ৰমাণিত কৰিলে।”

গগৈৰ কয়ে, “অবৈধ হিন্দু বাংলাদেশীক সংস্থাপন দিয়াটোৱেই বিজেপিৰ মূল এজেণ্ডা।” তদুপৰি, অসমত বিজেপিয়ে হিন্দু বাংলাদেশীৰ ভোটবেংকটো সুৰক্ষিত কৰি ৰাখিব খোজে বুলি দাবী কৰে লুৰিণজ্যোতি গগৈয়ে।

তেওঁ কয়, “২০১৯-ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ বিজেপি যিকোনো স্তৰলৈ যাব পাৰে। বিজেপি চৰকাৰে অসম চুক্তি আৰু ৮৫৫জন চহিদক অপমান কৰিছে।”

অসমৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনাই গগৈয়ে কয়, “এনে ধৰণৰ প্ৰতাৰক আৰু বিশ্বাঘাতক দলক অসমৰ জনসাধাৰণে ৰাজনৈতিকভাৱে শিক্ষা দিব লাগে বা জবাব দিব লাগে।”

অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ

আনহাতে, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে মোদীয়ে বৰাকবাসীক দিয়া আশ্বাসক তীব্ৰ গৰিহণা দি তেওঁ কয়, “বিজেপি আৰু আৰ এছ এছৰ সাম্প্ৰদায়িক ৰাজনীতিয়ে অসমীয়া জাতিটোকে নহয়, ভাৰতবৰ্ষৰ সাতামপুৰুষীয়া ঐতিহ্যকে ধ্বংস কৰিব বিচাৰিছে।”

“হিন্দু-মুছলমানৰ মাজত বিভাজন আনি বিজেপি আৰ এছ এছে স্বাধীনতা সংগ্ৰামৰ মুক্তিযুঁজাৰুসকলকো অপমান কৰিছে।” দাসে আমাৰ সাংবাদিকৰ আগত এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd