• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ‌ক অসমৰ বাহিৰলৈ বদলি কৰক, দল-সংগঠনৰ বিক্ষোভত উত্তাল নগাঁও

মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ

মুৰুলী বৰুৱা, নগাঁও by মুৰুলী বৰুৱা, নগাঁও
February 9, 2022 6:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁৱৰ কচলুখোৱাত যোৱা ২২ জানুৱাৰীত সংঘটিত এনকাউন্টাৰ ঘটনাৰ সন্দৰ্ভত অসমৰ অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰৰ এজনীয়া তদন্ত আয়োগে দিয়া প্ৰতিবেদনক নগাওঁ জিলাৰ কেইবাটাও দল-সংগঠনে আদৰণি জনাইছে। তদুপৰি এই দল-সংগঠন কেইটা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ‌ৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হয়।

উল্লেখ্য যে, ২২ জানুৱাৰীত এক ভুৱা এনকাউন্টাৰৰ জৰিয়তে কীৰ্তিকমল বৰা নামৰ প্ৰাক্তন ছাত্ৰনেতা জনক নগাঁৱৰ আৰক্ষীয়ে গুলীয়াই আহত কৰিছিল। নগাঁৱত জনপ্ৰিয় হৈ পৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ‌ৰ বিৰুদ্ধে এই ঘটণাৰ পিছতেই জিলাখনৰ সৰ্বত্ৰে প্ৰতিবাদ হৈছিল। জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ‌ নিশাটোৰ ভিতৰতে “খলনায়ক”লৈ পৰ্যবসিত হৈছিল।

Apply Now

কালি অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰে নগাঁৱৰ ঘটনা সন্দৰ্ভত চৰকাৰক প্ৰতিবেদন দাখিল কৰাৰ পিছত আজি জিলাখনৰ কেইবাটাও দল-সংগঠন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ‌ৰ বিৰুদ্ধে সৰব হৈ পৰে।চিপিআই,চিপিআই(এম), এছইউচিআই (চি),অসম জাতীয় পৰিষদ, ভাৰতীয় গণ নাট্য সংঘ,চিটু, গণতান্ত্ৰিক মহিলা সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি,এআইওৱাইএফ,এছএফআই আদি বিভিন্ন সংগঠনে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক শীঘ্ৰেই অসমৰ পৰা বহিঃৰাজ্যলৈ বদলি কৰা,এছ আই প্ৰদীপ বনিয়াক গ্ৰেপ্তাৰ কৰা, কীৰ্তিকমল বৰাক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰা, ৰাজ্যখনত শান্তি বিৰাজ কৰাৰ স্বাৰ্থত আৰক্ষীক দিয়া বিশেষ ক্ষমতা গৃহ বিভাগে উঠাই লোৱা আৰু নগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকীয়ে দিয়া ভুৱা ভাষ্য ৰাজহুৱাকৈ ভুল বুলি স্বীকাৰ কৰাকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত এই দল-সংগঠন কেইটাই আজি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। কাৰ্যসূচীৰ অন্তত এই সন্দৰ্ভত দল-সংগঠন কেইটাই জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰে।আজিৰ প্ৰতিবাদী কাৰ্যসূচীত চি পি আই নগাওঁ জিলা সম্পাদক ৰাতুল বৰা,চি পি আই(এম)ৰ অসম ৰাজ্যিক সদস্য গোবিন নাথ, এছ ইউ চি আই(চি)ৰ নেতা আব্দুছ চবুৰ, অসম জাতীয় পৰিষদ নগাওঁ জিলা ভাৰপ্ৰাপ্ত সভাপতি মিন্টু আহিদ,ভাৰপ্ৰাপ্ত সম্পাদক ভৱেন দাস, আইপিটিএ নগাঁও জিলা কাৰ্যকৰী সভাপতি মোলান লস্কৰ, চিটুৰ নগাঁও জিলা সভাপতি মুকুট ভূঞা, কৃষক নেতা জিতেন বৰা, মহিলা নেত্ৰী জেউতি শৰ্মা, ছাত্ৰ নেতা মনোজ সিংহ ৰাজা,ৰূপম বৰা, এনএছইউআই নগাঁও জিলা সভাপতি পল্লৱ জ্যোতি নাথ, এছএফআইৰ নগাঁও জিলা যুটীয়া সম্পাদক ৰিচাদ ভূঞা, এআইৱাইএফৰ জিলা সম্পাদক জিতু নাথ, জাতীয় যুৱ শক্তিৰ নেতা সাৰংগ শৰ্মা,পৰিবেশ কৰ্মী বুবুল শৰ্মা, সমাজকর্মী যজ্ঞেশ্বৰ শৰ্মা, আকিব হুছেইন আহমেদৰ লগতে বিভিন্ন দল সংগঠনৰ শতাধিক নেতা কৰ্মী উপস্থিত থাকে।

কালি অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ পিছত এই প্ৰতিবেদনৰ জড়িয়তে স্পষ্ট হয় যে নগাঁৱৰ এই এনকাউন্টাৰ আৰক্ষীৰ ভুলৰ বাবে হৈছিল । কালি অসম চৰকাৰৰ গৃহ বিভাগে তৎকালীন ভৱে বলবৎ হোৱাকৈ এই এনকাউন্টাৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত আৰক্ষী বিষয়া প্ৰদীপ বনিয়াক চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে ঘটনাৰ লগত জড়িত সকলোকে তদন্ত কৰা আৰু সেই সকল আৰক্ষীক অন্য জিলালৈ বদলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিছিল ।

ইয়াৰ উপৰিও নগাঁৱৰ এন্টি নাৰ্কতিক স্কোৱাৰ্ডৰ দলটোকো ভংগ কৰাৰো নিৰ্দেশ দিয়া হয়। ইপিনে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সংবাদ মেলত কয়-“তদন্তৰ প্ৰতিবেদনক আমি গ্ৰহণ কৰিছোঁ। এনকাউণ্টাৰৰ লগত জড়িত প্ৰদীপ বণিয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে। কিন্তু আমি লগতে ড্ৰাগছ ব্যৱসায়ী জাকিৰ হুছেইনক কিয় কীৰ্তিকমলে বচাবলৈ গৈছিল তাৰ ওপৰত তদন্ত হোৱাটোও বিচাৰোঁ।” এই মন্তব্য নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ।

ইতিমধ্যে নগাঁও আৰক্ষীৰ এণ্টি নাৰ্ক’টিক স্কোৱাড ভংগ কৰা হৈছে। বিগত বছৰটোত নগাঁও আৰক্ষীৰ এণ্টি নাৰ্ক’টিক স্কোৱাডে প্ৰায় ৫৮ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিল। পিছে এণ্টি নাৰ্ক’টিক স্কোৱাড ভংগ কৰাৰ পিছত নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান স্তব্ধ হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত আনন্দ মিশ্ৰই কয়, “এতিয়া ৫ গুণ বেছি গতিত চলিব ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছৰ ব্যৱসায়ত জড়িত সকলোকে চোঁচোৰাই অনা হ’ব। মই থকালৈকে নগাঁৱত ড্ৰাগছ চলিব নিদিওঁ। “

ইপিনে নগাঁও আৰক্ষীৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত বহু ৰাজনৈতিক শক্তি আৰু অপৰাধীয়ে সুযোগ গ্ৰহণ কৰিছে বুলিও মন্তব্য কৰে আৰক্ষী অধীক্ষক মিশ্ৰই।

আনহাতে, ২২ জানুৱাৰীত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জাকিৰ হুছেইন নামৰ ব্যক্তিগৰাকী ২০১৯ চনতে ড্ৰাগছৰ সৰবৰাহৰ সৈতে জড়িত হোৱাৰ অপৰাধত হাতে-লোটে গ্ৰেপ্তাৰ হৈ ২ মাহ কাৰাবাস খটাৰ কথাও সংবাদ মাধ্যমক অৱগত কৰে।

মুৰুলী বৰুৱা, নগাঁও

মুৰুলী বৰুৱা, নগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd