নগাঁৱৰ কচলুখোৱাত যোৱা ২২ জানুৱাৰীত সংঘটিত এনকাউন্টাৰ ঘটনাৰ সন্দৰ্ভত অসমৰ অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰৰ এজনীয়া তদন্ত আয়োগে দিয়া প্ৰতিবেদনক নগাওঁ জিলাৰ কেইবাটাও দল-সংগঠনে আদৰণি জনাইছে। তদুপৰি এই দল-সংগঠন কেইটা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে সৰব হৈ পৰা পৰিলক্ষিত হয়।
উল্লেখ্য যে, ২২ জানুৱাৰীত এক ভুৱা এনকাউন্টাৰৰ জৰিয়তে কীৰ্তিকমল বৰা নামৰ প্ৰাক্তন ছাত্ৰনেতা জনক নগাঁৱৰ আৰক্ষীয়ে গুলীয়াই আহত কৰিছিল। নগাঁৱত জনপ্ৰিয় হৈ পৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে এই ঘটণাৰ পিছতেই জিলাখনৰ সৰ্বত্ৰে প্ৰতিবাদ হৈছিল। জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ নিশাটোৰ ভিতৰতে “খলনায়ক”লৈ পৰ্যবসিত হৈছিল।
কালি অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰে নগাঁৱৰ ঘটনা সন্দৰ্ভত চৰকাৰক প্ৰতিবেদন দাখিল কৰাৰ পিছত আজি জিলাখনৰ কেইবাটাও দল-সংগঠন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে সৰব হৈ পৰে।চিপিআই,চিপিআই(এম), এছইউচিআই (চি),অসম জাতীয় পৰিষদ, ভাৰতীয় গণ নাট্য সংঘ,চিটু, গণতান্ত্ৰিক মহিলা সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি,এআইওৱাইএফ,এছএফআই আদি বিভিন্ন সংগঠনে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক শীঘ্ৰেই অসমৰ পৰা বহিঃৰাজ্যলৈ বদলি কৰা,এছ আই প্ৰদীপ বনিয়াক গ্ৰেপ্তাৰ কৰা, কীৰ্তিকমল বৰাক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰা, ৰাজ্যখনত শান্তি বিৰাজ কৰাৰ স্বাৰ্থত আৰক্ষীক দিয়া বিশেষ ক্ষমতা গৃহ বিভাগে উঠাই লোৱা আৰু নগাঁৱৰ আৰক্ষী অধীক্ষক গৰাকীয়ে দিয়া ভুৱা ভাষ্য ৰাজহুৱাকৈ ভুল বুলি স্বীকাৰ কৰাকে ধৰি কেইবাটাও দাবীৰ সমৰ্থনত এই দল-সংগঠন কেইটাই আজি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সম্মুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। কাৰ্যসূচীৰ অন্তত এই সন্দৰ্ভত দল-সংগঠন কেইটাই জিলা উপায়ুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰে।আজিৰ প্ৰতিবাদী কাৰ্যসূচীত চি পি আই নগাওঁ জিলা সম্পাদক ৰাতুল বৰা,চি পি আই(এম)ৰ অসম ৰাজ্যিক সদস্য গোবিন নাথ, এছ ইউ চি আই(চি)ৰ নেতা আব্দুছ চবুৰ, অসম জাতীয় পৰিষদ নগাওঁ জিলা ভাৰপ্ৰাপ্ত সভাপতি মিন্টু আহিদ,ভাৰপ্ৰাপ্ত সম্পাদক ভৱেন দাস, আইপিটিএ নগাঁও জিলা কাৰ্যকৰী সভাপতি মোলান লস্কৰ, চিটুৰ নগাঁও জিলা সভাপতি মুকুট ভূঞা, কৃষক নেতা জিতেন বৰা, মহিলা নেত্ৰী জেউতি শৰ্মা, ছাত্ৰ নেতা মনোজ সিংহ ৰাজা,ৰূপম বৰা, এনএছইউআই নগাঁও জিলা সভাপতি পল্লৱ জ্যোতি নাথ, এছএফআইৰ নগাঁও জিলা যুটীয়া সম্পাদক ৰিচাদ ভূঞা, এআইৱাইএফৰ জিলা সম্পাদক জিতু নাথ, জাতীয় যুৱ শক্তিৰ নেতা সাৰংগ শৰ্মা,পৰিবেশ কৰ্মী বুবুল শৰ্মা, সমাজকর্মী যজ্ঞেশ্বৰ শৰ্মা, আকিব হুছেইন আহমেদৰ লগতে বিভিন্ন দল সংগঠনৰ শতাধিক নেতা কৰ্মী উপস্থিত থাকে।
কালি অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ পিছত এই প্ৰতিবেদনৰ জড়িয়তে স্পষ্ট হয় যে নগাঁৱৰ এই এনকাউন্টাৰ আৰক্ষীৰ ভুলৰ বাবে হৈছিল । কালি অসম চৰকাৰৰ গৃহ বিভাগে তৎকালীন ভৱে বলবৎ হোৱাকৈ এই এনকাউন্টাৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত আৰক্ষী বিষয়া প্ৰদীপ বনিয়াক চাকৰিৰ পৰা নিলম্বন কৰাৰ লগতে ঘটনাৰ লগত জড়িত সকলোকে তদন্ত কৰা আৰু সেই সকল আৰক্ষীক অন্য জিলালৈ বদলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিছিল ।
ইয়াৰ উপৰিও নগাঁৱৰ এন্টি নাৰ্কতিক স্কোৱাৰ্ডৰ দলটোকো ভংগ কৰাৰো নিৰ্দেশ দিয়া হয়। ইপিনে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছত নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সংবাদ মেলত কয়-“তদন্তৰ প্ৰতিবেদনক আমি গ্ৰহণ কৰিছোঁ। এনকাউণ্টাৰৰ লগত জড়িত প্ৰদীপ বণিয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে। কিন্তু আমি লগতে ড্ৰাগছ ব্যৱসায়ী জাকিৰ হুছেইনক কিয় কীৰ্তিকমলে বচাবলৈ গৈছিল তাৰ ওপৰত তদন্ত হোৱাটোও বিচাৰোঁ।” এই মন্তব্য নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ।
ইতিমধ্যে নগাঁও আৰক্ষীৰ এণ্টি নাৰ্ক’টিক স্কোৱাড ভংগ কৰা হৈছে। বিগত বছৰটোত নগাঁও আৰক্ষীৰ এণ্টি নাৰ্ক’টিক স্কোৱাডে প্ৰায় ৫৮ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছিল। পিছে এণ্টি নাৰ্ক’টিক স্কোৱাড ভংগ কৰাৰ পিছত নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান স্তব্ধ হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত আনন্দ মিশ্ৰই কয়, “এতিয়া ৫ গুণ বেছি গতিত চলিব ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছৰ ব্যৱসায়ত জড়িত সকলোকে চোঁচোৰাই অনা হ’ব। মই থকালৈকে নগাঁৱত ড্ৰাগছ চলিব নিদিওঁ। “
ইপিনে নগাঁও আৰক্ষীৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত বহু ৰাজনৈতিক শক্তি আৰু অপৰাধীয়ে সুযোগ গ্ৰহণ কৰিছে বুলিও মন্তব্য কৰে আৰক্ষী অধীক্ষক মিশ্ৰই।
আনহাতে, ২২ জানুৱাৰীত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জাকিৰ হুছেইন নামৰ ব্যক্তিগৰাকী ২০১৯ চনতে ড্ৰাগছৰ সৰবৰাহৰ সৈতে জড়িত হোৱাৰ অপৰাধত হাতে-লোটে গ্ৰেপ্তাৰ হৈ ২ মাহ কাৰাবাস খটাৰ কথাও সংবাদ মাধ্যমক অৱগত কৰে।